অসম

assam

গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱস

By

Published : Feb 4, 2021, 10:56 PM IST

অসম গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে দিনযোৰা কাৰ্যসূচীৰ অনুষ্ঠিত হয় ৷ এই প্ৰতিষ্ঠা দিৱসৰ লগতে অনুষ্ঠিত হয় সদৌ অসম গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতি তৃতীয় ত্ৰি বাৰ্ষিক অধিবেশন । অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত বিশেষ অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী ৷

morigaon-goriya-moriya-established-day
গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱস

মৰিগাঁও, 4 ফেব্ৰুৱাৰী :সদৌ অসম গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে দিনযোৰা কাৰ্যসূচীৰ অনুষ্ঠিত হয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত বিশেষ অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী ৷ উক্ত সভাতে বিধায়ক গৰাকীয়ে গৰীয়া-মৰীয়া লোক সকলৰ বাবে এশ কোটি টকাৰ এক বিশেষ অনুদানৰ কথা ঘোষণা কৰে ৷

গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱস

উল্লেখ্য যে, এই প্ৰতিষ্ঠা দিৱসৰ লগতে অনুষ্ঠিত হয় সদৌ অসম গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতি তৃতীয় ত্ৰি বাৰ্ষিক অধিবেশন । অধিবেশনৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন, বৃক্ষ ৰোপণ আৰু ১০ বজাত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

দুপৰীয়া ভাগত কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্বাহ নাৱাজ হোছেইনৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷ সভাত গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি-সম্পাদকৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰানা প্ৰতাপ বৰুৱা, ডঃ অখিল ৰঞ্জন, বাবুল বৰা, মৰিগাঁও জিলা আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা, পোনা দেবী মহন্ত আদি ব্যক্তিসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: কোকৰাঝাৰত অবৈধ অস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details