অসম

assam

Historical Junbeel Mela : আজিৰে পৰা আৰম্ভ পৰম্পৰাগত জোনবিল মেলা

By

Published : Jan 19, 2023, 1:48 PM IST

Updated : Jan 19, 2023, 2:26 PM IST

Morigaon

বৃহস্পতিবাৰৰ পৰা জোনবিলৰ পাৰত বহিছে ঐতিহাসিক জোনবিল মেলা (historical junbeel Mela in Jagirod Morigaon) । মধ্য যুগৰ গোভা ৰজাৰ পৰা অব্যাহত থকা এই মেলাস্থলীত শিবিৰ পাতিছেহি পাহাৰৰ হাজাৰ হাজাৰ মামা-মামীয়ে ।

গোভা ৰজাৰ পৰম্পৰাগত জোনবিল মেলা আৰম্ভ

মৰিগাওঁ, ১৯ জানুৱাৰী :বৃহস্পতিবাৰৰ পৰা জাগীৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা (historical junbeel Mela started in Jagirod Morigaon) । ১৯, ২০ আৰু ২১ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই জোনবিল মেলা ৷ জোনবিল মেলাৰ বাবে পাহাৰৰ পৰা নামি আহিছে হাজাৰ হাজাৰ মামা-মামী ৷ লগে লগে বিনিময় প্ৰথাৰে জৰিয়তে উজলি উঠিব পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰী (historical junbeel Mela) ৷

ইতিমধ্যে লোকে লোকাৰণ্য হৈ পৰিছে জোনবিল মেলাস্থলী (tradition of junbeel mela) ৷ ইতিমধ্যে জোনবিল মেলা পৰিচালনা সমিতিৰ তৰফৰ পৰা সকলো প্ৰস্তুতি সম্পন্ন হোৱা বুলি ব্যক্ত কৰে মেলা পৰিচালনা সমিতিৰ সম্পাদক জুৰচিং বৰদলৈয়ে ৷ উল্লেখ্য যে এইবাৰ জোনবিল মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma in junbeel Mela) । মুখ্যমন্ত্ৰীয়ে তিৱা ৰজাসকলৰ বাৰ্ষিক ৰাজভাট্টা প্ৰদান কৰিব বুলি মেলা পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে ৷

উল্লেখ্য, এক বৰ্ণিল ইতিহাসৰ সাক্ষী হৈছে মধ্য অসমৰ তিৱা জনগোষ্ঠীয় ৰাইজৰ সম্প্ৰীতিৰ স্বাক্ষৰ বহনকাৰী এই ঐতিহাসিক জোনবিল মেলা (social impact of junbeel mela) । আধুনিক সমাজ ব্যৱস্থাৰ পৰিবৰ্তনৰ মাজতে গোভা ৰজাই নিৰ্ধাৰণ কৰি দিয়া সময় তথা নিয়মৰ মাজেৰেই 15 শতিকাত আৰম্ভ হৈ এতিয়ালৈকে চলি আহিছে জোনবিল মেলা । জোনবিল মেলাত পৰম্পৰাগত মুদ্ৰা ব্যৱস্থাৰ সলনি সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ আদান-প্ৰদান কৰা হয় ৷

সাধাৰণতে মাঘৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হয় ঐতিহাসিক জোনবিল মেলা ৷ গোভা ৰজাৰ শাসনকালৰে পৰা জোনবিল মেলা অনুষ্ঠিত হৈ আহিছে বুলি প্ৰবাদ আছে ৷ পাহাৰ আৰু ভৈয়ামত বসবাস কৰা লোকসকলৰ মিলনৰ মেলা বুলিও ক'লেও হয়তো ভুল কোৱা নহ'ব এই জোনবিল মেলাক ৷ পাহাৰত বসতি কৰা লোকসকলে স্বউৎপাদিত আলু, কচু, আদা,জলকীয়া,জালুক,কোমোৰা,ৰঙালাও আদি হোৰাত বান্ধি নামি আহে ভৈয়ামলৈ ৷ কাৰ্বি পাহাৰ, গাৰো পাহাৰৰ পৰা কাৰ্বি, গাৰো, খাচী, ডিমাচা আদি জনগোষ্ঠীয় লোকসকল প্ৰতি বছৰেই আহে জোনবিল মেলালৈ ৷

আৰ্থ-সামাজিক ক্ষেত্ৰলৈ জোনবিল মেলাই বৰঙণি আগবঢ়োৱা পৰিলক্ষিত হয় (socio economic contribution of junbeel mela) ৷ জোনবিল মেলাক কেন্দ্ৰ কৰি এক ব্যৱসায়িক বাতাৱৰণ গঢ়ি উঠে ৷ জোনবিল মেলা তিনিদিন অথবা চাৰিদিনৰ বাবে অনুষ্ঠিত হয় যদিও স্থানীয় কাজি-শিপিনী-বাঢ়ৈ আদি জীৱিকাধাৰীসকলৰ বাবে ব্যৱসায়ৰ এক থল হৈছে জোনবিল মেলা ৷ গুৱাহাটীস্থিত মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ লগতে বিভিন্ন জিলাত প্ৰায়েই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা অনুষ্ঠিত হয় যদিও সেই বাণিজ্য মেলাত অংশগ্ৰহণ কৰাতো থলুৱা লোকসকলৰ বাবে বহু সময়ত সম্ভৱ নহয় ৷ কিন্তু জোনবিল মেলাত স্থানীয় লোকসকলে নিজে নিৰ্মাণ কৰা সামগ্ৰীসমূহ বিক্ৰী কৰাৰ সুবিধা লাভ কৰে ৷

বিভিন্ন আত্মসহায়ক গোটৰ মহিলাই প্ৰস্তুত কৰা চাদৰ-মেখেলা, গামোচা, জনগোষ্ঠীয় সাজ-পাৰ, লাড়ু-পিঠা, আচাৰ আদি উপকৰণ বিক্ৰীৰ বাবে লৈ আহে মেলাস্থলীলৈ ৷ কুটীৰ শিল্পীসকলে প্ৰস্তুত কৰি উলিওৱা কাঠৰ আচবাব যেনে চকী-মেজ, বিছনা, আলনা, আলমিৰা; বাঁহবেতৰ সামগ্ৰী, গৃহসজ্জাৰ সামগ্ৰী আদি বিক্ৰী কৰাৰ সুবিধা লাভ কৰে স্থানীয় লোকসকলে ৷ তাৰোপৰি বিভিন্ন সুস্বাদু খাদ্যৰ বিপণীও মেলাখনত দেখা যায় ৷ মৰিগাঁও আৰু ইয়াৰ চুবুৰীয়া অঞ্চলৰ লোকসকলে জোনবিল মেলাক লক্ষ্য হিচাপে লৈয়েই নিৰ্মাণ কৰে বিক্ৰীৰ বাবে কেতবোৰ সামগ্ৰী ৷ কেৱল মৰিগাঁও জিলাৰে নহয়, ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ পৰাও ব্যৱসায়ৰ বাবে একাংশ লোক আহে জোনবিল মেলালৈ ৷

এই মেলাখনে অৰ্থনৈতিকভাৱে একাংশ লোকক কিছু সহায় কৰিছে ৷ আৰ্থিক, সামাজিক আৰু সাংস্কৃতিকভাৱে জোনবিল মেলাই একতা ধৰি ৰখাত সফল হৈছে ৷ বিভিন্ন সংস্কৃতি, বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক এইদৰে একেস্থানত একত্ৰিত হোৱাটো অসমীয়া সমাজ ব্যৱস্থাৰ বাবে যোগাত্মক দিশ ৷ প্ৰাচীন গোভাৰাজ্যৰ এই জোনবিল মেলাই কেৱল পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰাই নহয়, আৰ্থসামাজিক দিশতো এক বিশেষ ভূমিকা পালন কৰি আহিছে ৷

লগতে পঢ়ক :Snow Cricket Tournament: বৰফৰ শুভ্ৰ দলিচাৰে পৰিপূৰ্ণ কাশ্মীৰত স্নো ক্ৰিকেট প্ৰতিযোগিতা

Last Updated :Jan 19, 2023, 2:26 PM IST

ABOUT THE AUTHOR

...view details