Snow Cricket Tournament: বৰফৰ শুভ্ৰ দলিচাৰে পৰিপূৰ্ণ কাশ্মীৰত স্নো ক্ৰিকেট প্ৰতিযোগিতা

author img

By

Published : Jan 19, 2023, 10:36 AM IST

Snow Cricket Tournament Organised in Gurez Kashmir

জম্মু-কাশ্মীৰৰ গুৰেজত স্থানীয় যুৱকৰ প্ৰচেষ্টা অনুষ্ঠিত হৈছে স্নো ক্ৰিকেট প্ৰতিযোগিতা (Snow Cricket Tournament)। প্ৰচণ্ড শীতকো নেওচি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উলাই আহিছে স্থানীয় যুৱক ৷

স্নো ক্ৰিকেট প্ৰতিযোগিতা

নেশ্যনেল ডেস্ক, 19 জানুৱাৰী: শীতৰ আগমনৰ লগে লগে বৰফৰ আচ্ছাদনে এতিয়া ছানি ধৰিছে সমগ্ৰ জম্মু-কাশ্মীৰ উপত্যকাক ৷ বৰফৰ শুভ্ৰ দলিচাৰে আৱৰি ৰাখিছে ভাৰতৰ উত্তৰ প্ৰান্তত অৱস্থিত কাশ্মীৰখনক ৷ কাশ্মীৰৰ এই অপৰূপ দৃশ্যই এতিয়া প্ৰতিপল হাত বাউল মাতিছে সকলোকে ৷ বৰফৰ চাদৰে যেন ঢাকি পেলাইছে 'ভূস্বৰ্গ'খনক ৷

পথবোৰ বৰফেৰে আবৃত হৈ পৰিছে । ঘৰৰ ওপৰত বৰফ, গাড়ীৰ ওপৰত বৰফ, গছ গছনিৰ ওপৰত বৰফ, মাথো চৌদিশে বৰফ আৰু বৰফ ৷ চাৰিওফালে কেৱল সুখৰ জোৱাৰ ৷ এনে মনোমুগ্ধ পৰিৱেশ উপভোগ কৰিবলৈ কাশ্মীৰলৈ আগমন ঘটিছে দেশী-বিদেশী পৰ্যটকৰ ৷ পৰ্যটকৰ মুখত সুখৰ অনুভূতি । ভ্ৰমণৰ সময়ত বৰফৰ চাদৰেৰে আবৃত পৰিৱেশ দেখি আনন্দিত হৈ পৰিছে পৰ্যটক ।

ইয়াৰ মাজতে উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাৰ পৰা প্ৰায় পঁচাশী কিলোমিটাৰ নিলগত অৱস্থিত এখনি মনোমোহা অঞ্চল হৈছে গুৰেজ উপত্যকা ৷ গুৰেজৰ মনোমোহা দৃশ্যইও এতিয়া আকৰ্ষিত কৰিছে প্ৰতিগৰাকী পৰ্যটকক । গুৰেজখনো এতিয়া বৰফৰ শুভ্ৰ দলিচাৰে আবৃত হৈ পৰিছে । বৰ্তমান গুৰেজত বৰফে প্ৰায় দুইৰ পৰা তিনি ফুট পৰ্যন্ত চানি ধৰা পৰিলক্ষিত হৈছে ৷ শূন্যৰ তলৰ উষ্ণতা আৰু প্ৰচণ্ড শীতল বতাহৰ বাবে এতিয়া উপত্যকাটোৰ অধিকাংশ লোক ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিব লগা হৈছে ।

কিন্তু যি সময়ত প্ৰচণ্ড শীতৰ বাবে অধিকাংশ লোক ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ সাহস গোটাব পৰা নাই, তেনে সময়তে একাংশ স্থানীয় যুৱকে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমি পদক্ষেপ ৷ সেইয়া হৈছে বৰফৰ শুভ্ৰ দলিচাৰ ওপৰত এখনি ক্ৰিকেট খেলৰ প্ৰতিযোগিতা (Snow Cricket Tournament in Kashmir)। প্ৰতিযোগিতা আয়োজনৰ মূলতঃ লক্ষ্য হৈছে প্ৰচণ্ড শীতৰ মাজত এটি সুস্থ শৰীৰ গঢ়ি তোলাৰ লগতে উঠি অহা প্ৰজন্মক বিভিন্ন খেলৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলা ৷ অৱশ্যে প্ৰতি বছৰেই স্থানীয় যুৱকৰ প্ৰচেষ্টাত আয়োজন কৰি আহিছে এই ক্ৰিকেট প্ৰতিযোগিতাখনী ৷

যুৱকসকলে পূৱাৰ সুৰুজ উদয় হোৱাৰ মাত্ৰেই মেৰকট নামৰ অঞ্চলটোলৈ ৰাওনা হয় আৰু সেই স্থানতে অনুষ্ঠিত কৰে এই ক্ৰিকেট প্ৰতিযোগিতাখন (Snow Cricket Tournament)। প্ৰায় দহটা দলৰ অংশগ্ৰহণেৰে ছামছ ক্ৰিকেট ক্লাৱৰ উদ্যোগত আয়োজন কৰা প্ৰতিযোগিতাখনী উদ্বোধন কৰে স্থানীয় শিক্ষক সংস্থা গ্ৰেজৰ সভাপতি শ্বেখ আখলাক ইংকলাবীয়ে ।

ক্ৰিকেট প্ৰতিযোগিতাখনিত কেৱল যুৱকসকলেই যে অংশগ্ৰহণ কৰিছে এনে নহয়, স্থানীয় ৰাইজেও দৰ্শকৰ স্থান পূৰাই উপভোগ কৰিলে খেল । বহুতেই ক’লে, প্ৰচণ্ড শীতৰ মাজত স্নো ক্ৰিকেট আয়োজনৰ এই প্ৰদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় ৷ তাৰোপৰি ই সকলোৰে মনত দিয়ে এক অনাবিল আনন্দ ৷ (Snow Cricket returns to frozen pitches of Gurez)।

আয়োজকৰ দ্বায়িত্বত থকা স্থানীয় যুৱকসকলে উল্লেখ কৰা মতে, যোৱা কেইবা বছৰ ধৰি গুৰেজত এই স্নো ক্ৰিকেট প্ৰতিযোগিতাখনিৰ আয়োজন কৰি অহা হৈছে ৷ যোৱাটো বছৰত স্থানীয় লোক আৰু সেনাবাহিনীৰ যৌথ উদ্যোগত ক্ৰিকেট প্ৰতিযোগিতাখনি আয়োজন কৰা হৈছিল, যি সকলোৰে মাজত যথেষ্ট সমাদৃত হোৱাৰ লগতে অধিক জনপ্ৰিয় হৈ পৰিছিল ।

লগতে পঢ়ক: Snowfall started at Lahaul valley: লাহৌল স্পীতিত শুভ্ৰ বৰফৰ দলিচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.