ETV Bharat / bharat

Snowfall started at Lahaul valley: লাহৌল স্পীতিত শুভ্ৰ বৰফৰ দলিচা

author img

By

Published : Jan 11, 2023, 5:32 PM IST

snowfall started at Lahaul valley in Himachal Pradesh
লাহৌল স্পীতিত শুভ্ৰ বৰফৰ দলিচা

হিমাচল প্ৰদেশৰ লাহৌল উপত্যকাত বৰফৰ শুভ্ৰ আচ্ছাদন (Snowfall started at Lahaul valley) ৷ বৰফৰ ডাঠ প্ৰলেপে ঢাকিছে ঘৰ, গছ-গছনি,ৰাজপথ ৷ প্ৰচণ্ড তুষাৰপাতৰ বাবে হালধীয়া সতৰ্কতা জাৰি কৰিছে তুষাৰপাত হোৱা অঞ্চলকেইটাত ৷

লাহৌল স্পীতিত শুভ্ৰ বৰফৰ দলিচা

নেশ্যনেল ডেস্ক, 11 জানুৱাৰী: হিমাচল প্ৰদেশত ঠেঁটুৱৈ লগা শীত ৷ বৰফৰ ডাঠ প্ৰলেপে ঢাকিছে হিমাচল প্ৰদেশৰ লাহৌল উপত্যকা (snowfall in himachal) ৷ বুধবাৰে পুৱাৰ পৰা লাহৌল উপত্যকাত কম পৰিমানে তুষাৰপাত হৈছিল যদিও বিয়লিৰ পৰা তীব্ৰতৰ তুষাৰপাত হয় ৷ ইয়াৰ সমান্তৰালকে লাহৌল-স্পীতি প্ৰশাসনে তুষাৰপাতৰ বিষয়ে সতৰ্ক হৈ পৰিছে (Snowfall started at Lahaul valley)। বৰফৰ ডাঠ প্ৰলেপে ঢাকিছে উপত্যাকটোৰ ঘৰ দুৱাৰৰ লগতে গছ-গছনি আৰু ৰাজপথ ৷ হিমপাতে উপত্যকাটোত নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে ৷

ইফালে অত্যাধিক তুষাৰপাতৰ কাৰণে অটল টানেল হৈ তাণ্ডিলৈকে ৰাস্তাত যান-বাহনৰ চলাচল অব্যাহত ৰখা হৈছে ৷ কিন্তু যদি তুষাৰপাত তীব্ৰ হয় তেন্তে লাহৌল স্পীতিৰ পৰাও বাহনৰ চলাচল বন্ধ কৰা হ'ব ৷

আনহাতে বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি পৰ্যটন ব্যৱসায়ী আৰু পৰ্যটকসকলক তুষাৰপাত তীব্ৰ হোৱাৰ ইংগিত প্ৰদান কৰিছে প্ৰশাসনে (weather update in Himachal)৷ প্ৰদেশখনত এইবাৰ চম্বা, লাহৌল-স্পীতি আৰু কিন্নৌৰৰ উচ্চ অঞ্চলসমূহৰ বাহিৰে আন প্ৰান্তত বৰফ পৰা নাই । ফলত পৰ্যটক আৰু পৰ্যটন ব্যৱসায়ীসকল হতাশ হোৱা পৰিলক্ষিত হৈছিল ৷

ইফালে হিমপাতৰ ফলত পৰ্যটন ব্যৱসায়ী আৰু পৰ্যটকসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে ৷ ইয়াৰ সমান্তৰালকে ১৩ জানুৱাৰীলৈকে লাহৌল, কিন্নৌৰ আৰু কুল্লুৰ উচ্চ অঞ্চলসমূহত তুষাৰপাতৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে (Yellow alert for snowfall in Himachal)।

তুষাৰপাতৰ হালধীয়া সতৰ্কতাৰ সময়ত, পৰ্যটক আৰু স্থানীয় লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এই সময়চোৱাত, ট্ৰেকিং নকৰিবলৈ নিৰ্দেশনা দিয়া হৈছে । বিশেষকৈ ডিচেম্বৰ মাহত ৰাজ্যখনৰ লাহৌল-স্পীতি জিলাৰ বাহিৰে আন সকলো জিলাত এটোপাল পানীৰ বাবে লোকসকলে হাহাকাৰ কৰিব লগা হৈছিল । ইয়াৰ ফলত, কৃষক-মালী, পৰ্যটন ব্যৱসায়ী আৰু ৰাজ্যখনৰ বাসিন্দাসকলকে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগা হৈছিল ৷

অৱশ্যে নতুন বৰ্ষৰ 10 জানুৱাৰীলৈকে ৰাজ্যখনৰ কোনো অঞ্চলত তুষাৰপাত হোৱা নাছিল । লাহৌল স্পীতিৰ এছ পি মানৱ বাৰ্মাই কৈছিল যে বৰ্তমান বাহনসমূহক তাণ্ডিলৈ যাবলৈ অনুমতি দিয়া হৈছে । যদি তুষাৰপাত তীব্ৰ হয় তেন্তে অটল সুৰংগৰ বাহিৰৰ পৰাই বাহনৰ চলাচল নিষিদ্ধ কৰা হ'ব ।

বতৰ বিজ্ঞান বিভাগে কোৱা অনুসৰি হিমাচল প্ৰদেশত আজিৰ পৰা 15 জানুৱাৰীলৈকে বতৰ বেয়া হৈ থাকিব(Bad weather till January 15 in Himachal)। আগন্তুক ১৩ জানুৱাৰীলৈ বৰষুণ আৰু তুষাৰপাত হ'ব । বতৰ বিজ্ঞান কেন্দ্ৰ চিমলাৰ সঞ্চালক সুৰেন্দ্ৰ পালে কয় যে চিমলা, চম্বা, কাংৰা, মাণ্ডি আৰু চিৰমৌৰ জিলাৰ উচ্চ এলেকাসমূহতো পৰৱৰ্তী তিনিদিনত প্ৰচণ্ড তুষাৰপাত হ'ব পাৰে ।

লগতে পঢ়ক: Joshimath Landslide: দুৰ্যোগপীড়িতসকললৈ তাৎক্ষণিক 1.5 লাখ টকাৰ সাহাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.