ETV Bharat / bharat

Joshimath Landslide: দুৰ্যোগপীড়িতসকললৈ তাৎক্ষণিক 1.5 লাখ টকাৰ সাহাৰ্য

author img

By

Published : Jan 11, 2023, 3:43 PM IST

যোশীমঠ ভূমিস্খলনত দুৰ্যোগপীড়িতসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হোৱাৰ বিষয়ে সৰৱ হৈ থকাৰ সময়তে বুধবাৰে উত্তৰাখণ্ড ৰাজ্য চৰকাৰে তাৎক্ষণিক সাহায্য প্ৰদান কৰিছে। যাতে পীড়িত লোকসকলে তাৎক্ষণিক সহায় লাভ কৰিব পাৰে (Each affected family get compensation)। প্ৰশাসনৰ নিৰ্দেশানুসৰি হোটেল তথা ভৱনসমূহ ধ্বংস কৰি পেলাবলৈ নিৰ্দেশ দিয়া হৈছে যদিও এতিয়ালৈ কাৰো ধ্বংস অভিযান আৰম্ভ হোৱা নাই (Demolishig in Joshimath) ৷

Joshimath Landslide: Each affected family of Joshimath will get Rs 1.5 lakh immediately
দুৰ্যোগপীড়িতসকললৈ তাৎক্ষণিক 1.5 লাখ টকাৰ সাহাৰ্য

নেশ্যনেল ডেস্ক, 11 জানুৱাৰী: উত্তৰাখণ্ডৰ যোশীমঠত ভূমিস্খলনৰ ফলত বহু লোক গৃহহীন হৈ পৰিছে (joshimath landslide) । ভূমিস্খলনৰ ফলত আৱাসগৃহবোৰত ফাঁট নিৰন্তৰে বৃদ্ধি পাই আহিছে (Joshimath disaster affected )। একে সময়তে প্ৰশাসনেও বিপজ্জনক অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

ইয়াৰ পিছতে বুধবাৰে দুৰ্যোগ ৰক্ষাৰ অধীনত প্ৰতিটো পৰিয়ালক তাৎক্ষণিকভাৱে ১.৫০ লাখ টকাৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৰাজ্য চৰকাৰে (joshimath landslide compensation)৷

মুখ্যমন্ত্ৰীৰ সচিব আৰ মীনাক্ষী সুন্দৰমে (CM Secretary R Meenakshi Sundaram) এই সন্দৰ্ভত কয় যে ভূমিস্খলনৰ বাবে এতিয়ালৈকে যোশীমঠৰ দুখন হোটেল বিপজ্জনক অৱস্থাত আছে। হোটেল দুখন ধ্বংস কৰিবলৈ প্ৰশাসনে নিৰ্দেশনা দিছে ৷ কাৰণ এই হোটেল দুখনৰ কাৰণে ওচৰত থকা অট্টালিকাসমূহলৈ ভাবুকি আহি পৰিছে ৷

ইয়াৰ বাহিৰে এই মুহূৰ্তলৈ কোনো লোকৰে আৱাসগৃহসমূহ ভাঙি পেলোৱা হোৱা নাই। ভূমিস্খলনৰ দ্বাৰা প্ৰভাৱিত অট্টালিকাসমূহৰ জৰীপ কৰা হৈছে। লোকসমূহৰ সুৰক্ষাৰ বাবে অস্থায়ীভাৱে সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা কাৰ্য অব্যাহত আছে ৷ ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক তৎক্ষণাৎ অন্তৱৰ্তীকালীন সাহায্য হিচাপে 1.5 লাখ টকা প্ৰদান কৰা হৈছে। য'ত আৱাসগৃহ স্থানান্তৰৰ বাবে আগতীয়াকৈ ৫০ হাজাৰ টকা আৰু দুৰ্যোগৰ পৰা ৰক্ষাৰ বাবে ১ লাখ টকা প্ৰদান কৰা হৈছে (Each affected family get compensation)।

ৰাজ্য চৰকাৰে জনসাধাৰণক পৰ্যাপ্ত সুবিধা প্ৰদান কৰি আছে, যিসকল গৃহহীন লোকে ভাড়াঘৰ লৈ থাকিব বিচাৰে তেওঁলোকক 6 মাহৰ বাবে প্ৰতি মাহে 4 হাজাৰ টকাকৈ দিয়া হৈছে। ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়া হ'ব(Compensation to joshimath landslide victims) ।

এতিয়ালৈ যোশীমঠত ভূমিস্খলনৰ ফলত 723 টা অট্টালিকাত ফাঁট মেলা পৰিলক্ষিত কৰা হৈছে ৷ মঙলবাৰে প্ৰশাসনে আৰু অসুৰক্ষিত 45 টা অট্টালিকা চিনাক্ত কৰে। এনেদৰে এতিয়ালৈকে মুঠ 723 টা অট্টালিকা অসুৰক্ষিত বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত, 86 টা অট্টালিকা সম্পূৰ্ণৰূপে অসুৰক্ষিত বুলি ঘোষণা কৰা হৈছে আৰু ৰেড চিগনেল জাৰী কৰা হৈছে। অচিৰেই এই অট্টালিকাবোৰ ভাঙি পেলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি প্ৰশাসনে জানিবলৈ দিয়ে ৷

এতিয়ালৈকে চামোলী জিলা প্ৰশাসনৰ দ্বাৰা 462 টা পৰিয়াল অস্থায়ীভাৱে স্থানান্তৰ কৰা হৈছে। মঙলবাৰে 381 জন লোকক তেওঁলোকৰ ঘৰৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছিল। ইয়াৰ পূৰ্বে 81 টা পৰিয়াল সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছিল। প্ৰশাসনে এতিয়ালৈকে বিভিন্ন প্ৰতিষ্ঠান আৰু ভৱনত মুঠ ৩৪৪ টা কোঠাত দুৰ্যোগপীড়িতলোকসকলক থাকিবলৈ ব্যৱস্থা কৰি দিছে ৷ এতিয়ালৈ মুঠ ১,৪২৫ গৰাকী লোকক থাকিবলৈ ব্যৱস্থা কৰি দিয়া হৈছে।

লগতে পঢ়ক: Joshimath sinking: যোশীমঠত ক্ষতিগ্ৰস্ত অট্টালিকাসমূহ ধ্বংস এছডিআৰএফৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.