অসম

assam

Morigaon district day: কৃষিক বৃত্তি হিচাপে লোৱাৰ আহ্বান ৰাজ্যপালৰ

By

Published : Oct 15, 2022, 8:11 PM IST

মৰিগাঁৱৰ বৰ্ণাঢ্য সংস্কৃতি আৰু ইতিহাসকো সোঁৱৰণ ৰাজ্যপাল অধ্য়াপক জগদীশ মুখীৰ । মৰিগাঁও জিলা দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি স্মৃতিগ্ৰন্থ "মৰিগাঁও" উন্মোচন কৰে ৰাজ্যপাল অধ্য়াপক জগদীশ মুখীয়ে (Governor prof Jagdish Mukhi)।

Morigaon district day
কৃষিক বৃত্তি হিচাপে লোৱাৰ আহ্বান ৰাজ্যপালৰ

মৰিগাঁও,১৫ অক্টোবৰ: মৰিগাঁও জিলা দিৱস (Morigaon District Day )দ্বিতীয় দিনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি শনিবাৰে স্মৃতিগ্ৰন্থ "মৰিগাঁও" উন্মোচন কৰে ৰাজ্যপাল অধ্য়াপক জগদীশ মুখীয়ে (Governor prof Jagdish Mukhi)। স্মৃতিগ্ৰন্থ উন্মোচন কৰি কৃষিক বৃত্তি হিচাপে লোৱাৰ আহ্বান জনায় ৰাজ্যপাল জগদীশ মুখীয়ে । মৃত্যুঞ্জয়ৰ নায়ক,স্বাধীনতা সেনানী মহদানন্দ দেৱ গোস্বামীৰ আবক্ষমূৰ্তি উন্মোচন ৰাজ্যপাল মুখীয়ে ।

কৃষিক বৃত্তি হিচাপে লোৱাৰ আহ্বান ৰাজ্যপালৰ

ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে মৰিগাঁও জিলা দিৱসক মৰিগঞাৰ সপোনৰ অনুষ্ঠানলৈ পৰ্যবসিত কৰিলে । প্ৰথম দিনা পাৰভঙা উচাহৰ পিছত আজি ৰাজ্যপাল জগদীশ মুখীয়ে ড৹অচ্যুত দাসৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ "মৰিগাঁও" উন্মোচন কৰে । মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু পীযুষ হাজৰিকা,বিধায়ক ৰমাকান্ত দেউৰী আৰু ডাঃ আছিফ নাজাৰ, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী জীৱন কোঁৱৰ, গোভা দেউৰজা দীপসিং কোঁৱৰ আৰু উপায়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে জনাকীৰ্ণ শ্ৰোতা দৰ্শকৰ উপস্থিতিত স্মৃতিগ্ৰন্থ উন্মোচন কৰি ৰাজ্যপালগৰাকীয়ে আজিৰ শিক্ষিত যুব প্ৰজন্মক কৃষিক বৃত্তি হিচাপে লবলৈ আহ্বান জনায় ।

ৰাজ্যপালগৰাকীয়ে মৰিগাঁৱৰ বৰ্ণাঢ্য সংস্কৃতি আৰু ইতিহাসকো সোঁৱৰণ কৰে । স্বাধীনতা আন্দোলনত জিলাখনৰ অবদানৰ বিষয়েও উল্লেখ কৰি শ্বহীদ তিলক ডেকা, গুনাভিৰাম বৰদলৈ, হেমৰাম পাতৰ আৰু মহদানন্দ দেৱগোস্বামী প্ৰমুখ্যে স্বাধীনতা সংগ্ৰামী সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনায় ।

স্মৃতিগ্ৰন্থ উন্মোচনী সভাতেই মৰিগাঁও চিকিৎসা মহাবিদ্য়ালয়ৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ দহগৰাকী স্বত্বাধিকাৰীক চেক প্ৰদান কৰে । ইয়াৰ পিছতেই জ্ঞানপীঠ বঁটা বিজয়ী উপন্যাস "মৃত্যুঞ্জয়"ৰ নায়ক তথা ৪২ ৰ বৃটিছ খেদা আন্দোলনত পানীখাইতীৰ ৰেল বগৰোৱা ঘটনাৰ মহানায়ক, মহদানন্দ গোস্বামীৰ আৱক্ষমুৰ্তি উন্মোচন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে । মৰিগাঁও জিলা দিৱসক অনন্য মাত্ৰা দি মৰিগাঁও জিলা প্ৰশাসনে মৰিগাঁও জিলাৰ এইগৰাকী স্বাধীনতা সেনানীৰ আৱক্ষমুৰ্তি স্থাপন কৰা কাৰ্যক মৰিগাঁওবাসীয়ে শলাগ লয় ।

ইয়াৰ পিছতেই মুলমণ্ডপত অনুষ্ঠিত হয় "সাহিত্যত সামাজিক দায়বদ্ধতা আৰু নৱপ্ৰজন্মৰ ভূমিকা" শীৰ্ষক আলোচনা চক্ৰ । জিলা দিৱসৰ দুয়োটা দিনতে মায়ঙৰ আপুৰুগীয়া যাদুবিদ্যাই সকলোকে আকৰ্ষিত কৰিছে । বিয়লি সাঁচিপাত মৰিগাঁৱৰ কণকণ শিল্পীসকলে অৰণ্য মানব আৰু ত্ৰিমুৰ্ত্তি ৪২ নাটক দুখন প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক:SITA report on flood : বানপানীৰ প্ৰভাৱ সন্দৰ্ভতৰ্ভ 'ছিটা'ৰ প্ৰতিবেদন মুকলি মুখ্যমন্ত্রীৰ

ABOUT THE AUTHOR

...view details