ETV Bharat / state

SITA report on flood : বানপানীৰ প্ৰভাৱ সন্দৰ্ভত 'ছিটা'ৰ প্ৰতিবেদন মুকলি মুখ্যমন্ত্রীৰ

author img

By

Published : Oct 15, 2022, 6:20 PM IST

গ্ৰামাঞ্চলৰ জীৱন-জীৱিকাৰ ওপৰত বানপানীৰ প্ৰভাৱ সন্দৰ্ভত 'ছিটা'ৰ অধীনত কটন বিশ্ববিদ্যালয়ে কৰা অধ্যয়নৰ প্ৰতিবেদন দাখিল (SITA report submit before Assam CM)। জনতা ভৱনত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে প্ৰতিবেদন । প্ৰতিবেদনখন যাতে দিছপুৰত ফাইল হিচাপে পৰি থাকি অৱশেষত স্বচ্ছ ভাৰতৰ অভিযান হিচাপে আঁতৰি নাযায় তাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আহ্বান মুখ্যমন্ত্ৰীৰ । 'ছিটা'ৰ প্ৰতিবেদনখনৰ পৰামৰ্শসমূহ গ্ৰহণ কৰাত গুৰুত্ব আৰোপ ।

SITA report on flood
বানপানীৰ প্ৰভাৱ সন্দৰ্ভত 'ছিটা'ৰ প্ৰতিবেদন

গুৱাহাটী,১৫ অক্টোবৰ: ৰাজ্যত প্ৰত্যেক বছৰেই বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰি অহাৰ লগতে বিস্তৰ ক্ষতি সাধন কৰি আহিছে (Flood effects Assam)। বিশেষকৈ ৰাজ্যৰ গ্ৰাম্য জীৱন বানৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হৈ আহিছে । এই সন্দৰ্ভত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ চমুকৈ 'ছিটা'ই বছৰজোৰা অধ্যয়নৰ পাছত প্ৰস্তুত কৰিছে প্ৰতিবেদন (SITA report on flood effects)।

SITA report on flood
বানপানীৰ প্ৰভাৱ সন্দৰ্ভত 'ছিটা'ৰ প্ৰতিবেদন

'গ্ৰামাঞ্চলৰ জীৱন-জীৱিকাৰ ওপৰত বানপানীৰ প্ৰভাৱ' (Impact of floods on rural livelihoods) সন্দৰ্ভত 'ছিটা'ৰ অধীনত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক কল্যান দাসৰ নেতৃত্বত ৰাজ্যজুৰি অধ্যয়ন চলোৱা হৈছিল । এই অধ্যয়নৰ পৰিপ্ৰেক্ষিতত প্ৰস্তুত কৰা প্ৰতিবেদন শনিবাৰে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰা হয় । এই উপলক্ষে জনতা ভৱনত আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবেদনখন উন্মোচন কৰে (Assam CM released SITA report)। লগতে উন্মোচন কৰে 'ছিটা' তিনিমহীয়া নিউজ লেটাৰ (SITA news letter released)।

ভাষণত মুখ্যমন্ত্রী ডঃ শৰ্মাই কয় যে ২০১৭ চনত ৰাজ্যিক পৰিকল্পনা পৰিষদৰ ঠাইত 'ছিটা' গঠন কৰা হয় আৰু বহু দায়িত্ব আৰু ক্ষমতা দিয়া হয় । প্ৰয়োজনত 'ছিটা'ই মুখ্য সচিবকো তলব কৰি আলাপ-আলোচনা কৰিব পাৰে (Assam CM reacts on SITA report)। তেওঁ লগতে কয় যে চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্রত পৰ্যালোচনা কৰি 'ছিটা'ই দিয়া প্ৰতিবেদনসমূহৰ দ্বাৰা বিভাগসমূহ যথেষ্ট উপকৃত হৈছে । তেওঁ গৱেষণা আৰু অধ্যয়নৰ ক্ষেত্রত বিশ্ববিদ্যালয়সমূহক জড়িত কৰাত গুৰুত্ব আৰোপ কৰি কয় যে আঁচনিসমূহৰ ৰূপায়ণ তৃতীয় পক্ষৰ দ্বাৰা বিশ্লেষণ হোৱাৰ প্ৰয়োজন আছে ।

ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত দিয়া প্ৰতিবেদন সন্দৰ্ভত তেওঁ কয় যে বানপানীৰ সময়ত চৰকাৰী যন্ত্রটো ব্যস্ত হৈ পৰে যদিও বানৰ পাছৰ পৰ্যায়টোক লৈ কোনেও পৰ্যালোচনা নকৰে । ক্ষতিগ্ৰস্তৰ ওপৰত বানৰ দীৰ্ঘদিনীয়া প্ৰভাৱ পৰে । বহুতৰ জীৱন-জীৱিকা সলনি হৈ পৰে । বহু লোকে বিকল্পৰ সন্ধান কৰিবলগীয়া হয় । এই দিশটোৰ ওপৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে আৰু 'ছিটা'ৰ এই প্ৰতিবেদনত ইয়াৰ ওপৰত ৰেখাপাত কৰা হৈছে ।

SITA report on flood
বানপানীৰ প্ৰভাৱ সন্দৰ্ভত 'ছিটা'ৰ প্ৰতিবেদন

তেওঁ লগতে কয় যে বানৰ পাছত সৃষ্টি হোৱা পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । বানৰ পাছত বালি পৰা মাটিত বিকল্প কি খেতি কৰিব পৰা যায় তাৰ অধ্যয়ন হ'ব লাগে । গৱেষণাৰ দ্বাৰা বহু নজনা কথা জানিব পৰা যায় । তেওঁ প্ৰতিবেদনখনক লৈ কৃষি বিভাগ, ৰাজহ বিভাগ আৰু জল সম্পদ বিভাগৰ মাজত সূক্ষ্মভাৱে পৰ্যালোচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বিভাগ তিনিটাই এইক্ষেত্রত দুই-তিনিবাৰ বৈঠক কৰি আলোচনা কৰাৰ বাবে তেওঁ আহ্বান জনায় ।

প্ৰতিবেদনখন যাতে দিছপুৰত ফাইল হিচাপে পৰি থাকি অৱশেষত স্বচ্ছ ভাৰতৰ অভিযান হিচাপে আঁতৰি নাযায় তাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি তেওঁ আহ্বান জনায় । তেওঁ 'ছিটা'ৰ প্ৰতিবেদনখনৰ পৰামৰ্শসমূহ গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানত 'ছিটা'ৰ উপ‍াধ্যক্ষ ৰমেন ডেকাই কয় যে বিগত ৭৫ বছৰে অসমৰ বান সমস্যাৰ স্থায়ী সমাধান হোৱা নাই (Ramen Deka on SITA report)। বৰ্তমানৰ চৰকাৰে এইক্ষেত্রত পদক্ষেপ গ্ৰহণ কৰিছে ।

পাঁচ বছৰৰ ভিতৰত সমাধান কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰি আগবাঢ়ি গৈছে । তেওঁ ব্ৰহ্মপুত্রৰ হাইড্ৰ'ল'জীৰ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই দায়িত্ব আই আই টি গুৱাহাটীক দিয়া হ'ব বুলি কয় । তেওঁ লগতে কয় যে কটন বিশ্ববিদ্যালয়ে ৰাজ্যৰ বান পৰিস্থিতিৰ ওপৰত অধ্যয়ন কৰি প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰা হৈছে । ইয়াৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে ।

অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক কল্যান দাসে প্ৰতিবেদনৰ কিছু আভাস দাঙি ধৰে । তেওঁ কয় যে বানপানীৰ বাবে ৰাজ্যৰ গ্ৰামাঞ্চলৰ খাদ্য শস্য উদপাদনৰ হাৰ ৭০ শতাংশ হ্ৰাস পাইছে । বানৰ বাবে হ্ৰাস পাইছে মানৱ সম্পদৰ সূচকৰ হাৰ । বানৰ বাবে ৪৭ শতাংশ পৰিয়ালৰ খেতিপথাৰ বালি পৰি নষ্ট হৈছে । যাৰ ফলত কামৰ সন্ধানত ২৯ শতাংশ লোক বাহিৰৰ ৰাজ্যলৈ যাবলৈ বাধ্য হৈছে ।

গাঁৱত কৃষি ভূমি কমি আহিছে আৰু মানুহৰ জীৱন ধাৰণৰ মান ক্ৰমাৎ নিম্নগামী হৈছে । প্ৰতিবেদনখনত গ্ৰামাঞ্চলৰ জীৱন ধাৰণৰ মান উন্নত কৰাকে ধৰি বিভিন্ন দিশ সামৰি কেতবোৰ পৰামৰ্শ আগবঢ়োৱা হৈছে বুলি তেওঁ কয় । অনুষ্ঠানত ৰাজহ মন্ত্রী যোগেন মহন, মুখ্য সচিব পৱন বৰঠাকুৰ, 'ছিটা'ৰ সহ-উপাধ্যক্ষ ধ্ৰুৱ প্ৰসাদ বৈশ্য, মুখ্য কাৰ্যবাহী বিষয়া এম মনিবন্ধনকে ধৰি কেইবাজনো বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক :Prafulla Kumar Mahanta has recovered : চামগুৰিৰ বিবাহ অনুষ্ঠানত পত্নীসহ প্ৰফুল্ল কুমাৰ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.