কেতিয়াৰ পৰা আৰম্ভ হ’ব দক্ষতা বিশ্ববিদ্যালয়ৰ পাঠদান ? ক’লে মন্ত্রী জয়ন্ত মল্লবৰুৱাই - Assam Skill University
Jayanta Mallabaruah visit Assam Skill University: অসম দক্ষতা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ জনালে কেতিয়াৰ পৰা আৰম্ভ হ’ব পাঠদান ৷

Published : June 12, 2024 at 10:07 PM IST
গুৱাহাটী, ১২ জুন : গুৱাহাটীৰ আই টি আই চৌহদত জুলাই মাহৰ পৰা মঙলদৈত নিৰ্মাণকাৰ্য চলি থকা অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ইণ্টেৰিম কেম্পাচৰ পাঠদান আৰম্ভ হ’ব । এই কথা সদৰী কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।
বুধবাৰে মন্ত্ৰী বৰুৱাই গুৱাহাটীৰ আই টি আই চৌহদত স্থাপন কৰা দক্ষতা বিশ্ববিদ্যালয়ৰ ইণ্টেৰিম কেম্পাচ পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কৰি কয় যে ইণ্টেৰিম কেম্পাচত দক্ষতা বিশ্ববিদ্যালয়ৰ পাঠদান জুলাই মাহৰ পৰা আৰম্ভ হ’ব । ইফালে তীব্ৰগতিত কাম চলি থকা মঙলদৈৰ দক্ষতা বিশ্ববিদ্যালয়ৰ পূৰ্ণাংগ ৰূপ ২০২৬ চনৰ পূৰ্বে সম্পূৰ্ণ হ’ব বুলি তেওঁ কয় ।
লগতে পঢ়ক: আই আই টি ইন্দোৰত কোনগৰাকী অসম কন্য়াই লাভ কৰিলে সৰ্বশ্ৰেষ্ঠ সন্মান
বিশ্ববিদ্যালয়খনৰ বিভিন্ন নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে হৈছে আৰু পাঠদান আৰম্ভ কৰাৰ বাবে গুৱাহাটী আই টি আইৰ পৰিত্যক্ত বিল্ডিংসমূহ পুনৰ নিৰ্মাণ কৰি পাঠদানৰ ব্যৱস্থা কৰা হৈছে । জুলাইৰ পৰা পাঠদান আৰম্ভ কৰিব পৰা যাব বুলি সদৰী কৰি তেওঁ কয় যে এইবছৰ চাৰিটা গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম আৰম্ভ হ’ব । অহা বছৰত অধিক পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ'ব ।
এই বিশ্ববিদ্যালয়খনৰ যোগেদি প্ৰতিবছৰে ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীক দক্ষতাৰ শিক্ষা দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি সদৰী কৰি তেওঁ কয় যে এই বিশ্ববিদ্যালয়খন হৈ উঠিলে ৯ খন স্কুলত ৯ টা বিভাগ থাকিব । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নিয়োগ বিভাগৰ উদ্যোগত অসমত অতি শীঘ্ৰে দক্ষতা গণনাৰ কাম আৰম্ভ কৰা হ’ব । ইয়াৰ দ্বাৰা অসমৰ যুৱক-যুৱতীৰ দক্ষতা সম্পৰ্কে জানিব পৰা যাব ।
লগতে পঢ়ক: উচ্চতৰ মাধ্যমিকৰ পৰাই প্ৰতিমাহে ছাত্ৰীৰ একাউণ্টত সোমাব ধন, কিন্তু কেনেকৈ ?
এই বিশ্ববিদ্যালয়খনৰ বাবে এডিবিৰ পৰা সকলোধৰণৰ সহযোগিতা লাভ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । হাৰিয়ানাৰ বিশ্বকৰ্মা দক্ষতা বিশ্ববিদ্যালয়লৈ অসমৰ এটা টীম পঠিওৱা হ'ব বুলি সদৰী কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা সময়োপযোগী পাঠ্যক্ৰম যাতে ইয়াত প্ৰৱৰ্তন কৰিব পৰা যায় । তেওঁ কয় যে দক্ষ মানুহে কেতিয়াও চাকৰিৰ বাবে হাবাথুৰি খাবলগীয়া নহয় ।
লগতে পঢ়ক: আই আই টি গুৱাহাটীৰ বিশেষ সাফল্য: বিশ্বৰ শ্ৰেষ্ঠ ১০০ খন উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত স্থান দখল

