পদ্মশ্রী হেমপ্রভা চুতীয়ালৈ ৰূপকোঁৱৰ স্মাৰক বঁটা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ - Roopkonwar Memorial Award
Padma shri awardee Hemprabha Chutia: সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে ৰূপকোঁৱৰ স্মাৰক বঁটা প্ৰচলন । বিশিষ্ট বয়নশিল্পী পদ্মশ্রী হেমপ্রভা চুতীয়ালৈ ৰূপকোঁৱৰ স্মাৰক বঁটা ঘোষণা ডিব্ৰুগড় ছাত্ৰ সন্থাৰ ।

Published : June 12, 2024 at 10:02 PM IST
ডিব্ৰুগড়,১২ জুন: ১৯০৩ চনৰ ১৭ জুনত জন্ম হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ । ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া জাতীয় জীৱনলৈ অমূল্য অৱদান আগবঢ়াই গৈছে । এইগৰাকী মহান শিল্পীৰ স্মৃতি জীপাল কৰি ৰখাৰ উদ্দেশ্যে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই এতিয়াৰে পৰা ৰূপকোঁৱৰ স্মাৰক বঁটা প্ৰদান কৰিব ।
সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই বুধবাৰে জিলা কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি এই কথা জানিবলৈ দিয়ে ৷ প্ৰতিবছৰে ডিব্ৰুগড়ৰ লগতে অসমৰ বিভিন্ন জিলাৰ শিল্প, লোক-সংস্কৃতিৰ সাধক, সমাজ সংগঠকৰ লগতে শিক্ষা, সাহিত্য, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে জাতীয় জীৱনত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
এইবাৰ অহা ১৭ জুন অৰ্থাৎ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম দিৱসৰ দিনা ডিব্ৰুগড় চহৰৰ কানৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এক বিশেষ অনুষ্ঠানত বিশিষ্ট বয়নশিল্পী পদ্মশ্রী হেমপ্রভা চুতীয়ালৈ অসমৰ থলুৱা বয়নশিল্পী বা হস্ততাঁত শিল্পত তেওঁ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে জিলা ছাত্ৰ সন্থাৰ এই বৰ্ষৰ ৰূপকোঁৱৰ স্মাৰক বঁটা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে জিলা ছাত্ৰ সন্থাই । এই বঁটাত থাকিব বিশেষ স্মাৰক, সম্বৰ্ধনা পত্ৰ আৰু নগদ ধন ৷
উল্লেখযোগ্য যে, মৰাণৰ ফটিকাচোৱা অভয়পুৰীয়া নিবাসী হস্ততাঁত শিল্পী হেমপ্ৰভা চুতীয়াই তাঁতশালত বস্ত্ৰ আকাৰে ইতিমধ্যে মহাপুৰুষ দুজনাৰ ধৰ্মগ্ৰন্থ গুণমালা, নামঘোষা আৰু শ্ৰীমদ্ভাগৱত গীতা ইত্যাদি ধৰ্মগ্ৰন্থ কেইবাটাও ভাষাত বৈ উলিয়াইছে । তাঁতশালত সৃষ্টি এই সম্পদসমূহৰ বাবেই হেমপ্ৰভা চুতীয়াই বিগত বৰ্ষত অসম গৌৰৱ বঁটা আৰু ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰি সন্মান প্ৰদান কৰিছিল ।

