অসম

assam

পঞ্চায়ত সদস্যৰ প্ৰবঞ্চনাৰ বলি ৰঙাদৰীয়া গাঁওবাসী !

By

Published : Sep 28, 2021, 8:23 PM IST

ward member cheating in Morigaon

মৰিগাঁও জিলাৰ ৰঙাদৰীয়া গাঁও পঞ্চায়তৰ দুই ৱাৰ্ড সদস্যৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ ৷ অভিযুক্ত ফিৰোজ জামান আৰু জয়নাল আবেদিনৰ বিৰুদ্ধে সোমবাৰে মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীৰ থানাত ৰাইজৰ ৰুজু কৰে গোচৰ ।

মৰিগাঁও,28 ছেপ্তেম্বৰ:দুৰ্নীতি আৰু প্ৰহসনে আৱৰি ধৰিছে এতিয়া ৰাজ্যৰ উন্নয়ন খণ্ডসমূহ ৷ ৰাজ্যত এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে দুৰ্নীতি আৰু কেলেংকাৰীৰ প্ৰসংগ ৷ কি জনসিঞ্চন বিভাগ, কি আৱাস যোজনা সকলোতে কেৱল দুৰ্নীতি ৷ দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ তৎপৰ হৈ থকাৰ সময়তে পোহৰলৈ আহিছে ৰাজ্যত সংঘটিত হোৱা অন্য এক দুৰ্নীতিৰ কথা ৷ এইবাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে মৰিগাঁও জিলা পৰিষদৰ তথা ভূৰবন্ধা উন্নয়ন খণ্ডৰ ভিতৰুৱা ৰঙাদৰীয়া গাঁৱত ৷

পঞ্চায়ত সদস্যৰ প্ৰবঞ্চনাৰ বলি ৰঙাদৰীয়া গাঁওবাসী !

অভিযোগ অনুসৰি, পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ পৱঞ্চনা বলি হ’ব লগা হ'ল গাঁও পঞ্চায়তখনৰ তিনিশতাধিক সাধাৰণ ৰাইজ ৷ ৰাইজে অভিযোগ কৰা অনুসৰি, ৰঙাদৰীয়া গাঁও পঞ্চায়তৰ ৩ নং আৰু ৪ নং ৱাৰ্ড মেম্বাৰ ক্ৰমে ফিৰোজ জামান আৰু জয়নাল আবদিনে গঞা ৰাইজক চৰকাৰী আঁচনিত নাম অন্তৰ্ভুক্ত কৰাৰ নামত গাঁওবাসীৰ পৰা আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট নম্বৰ, ভোটাৰ কাৰ্ড আৰু ম’বাইল সংগ্ৰহ কৰিছিল ।

জানিব পৰা মতে, ম’বাইল সংগ্ৰহ কৰাৰ মূল উদ্দেশ্য আছিল চৰকাৰী আঁচনিত নাম অহা বিভিন্ন তথ্য সংগ্ৰহ কৰা ৷ অভিযোগ অনুসৰি, বিভিন্ন প্ৰলোভন দি গাঁওখনৰ তিনিশতাধিক ৰাইজৰ পৰা বহু নথি-পত্ৰ সংগ্ৰহ কৰি আহিছিল । কিন্তু কোনেও একো গমেই পোৱা নাছিল ৱাৰ্ড মেম্বাৰ দুগৰাকীৰ কৰ্ম কাণ্ড ৷ সময়ৰ বাগৰাৰ অন্ততহে পোহৰলৈ আহিল এই ঘটনা ৷

লগতে পঢ়ক:তীৰ ব‍্যৱসায়ী-আইপিএলৰ জুৱাৰীৰ বিৰুদ্ধে তৎপৰ আৰক্ষী

ঘটনাৰ বিৱৰণি অনুসৰি, এদিন গাঁৱৰ এজন যুৱকে এখন গাড়ী কিনিবলৈ তেওঁৰ পান কাৰ্ড পৰীক্ষা কৰাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনাটো ৷ কিয়নো যুৱক জনৰ অজ্ঞাতে তেওঁৰ নামত আন কোনোবাই লৈ আছে বৃহৎ পৰিমাণৰ ধন ৰাশি ৷ এই বাতৰিৰ পাচতেই গাঁৱৰ ৰাইজে নিজৰ ডকুমেণ্ট অনলাইন যোগে চিভিল চেক কৰাত ফাদিল হয় সমগ্ৰ তথ্য । উল্লেখ্য যে, গঞা ৰাইজৰ অভিযোগ এই কাম সংঘটিত কৰিছে গাঁওখনৰ ৱাৰ্ড মেম্বাৰ কেইজনে ৷

লগতে পঢ়ক:গুলাবৰ পিছতে আন এক ঘূৰ্ণীবতাহে চুই যাব বংগোপ সাগৰ

পৰৱৰ্তী সময়ত গঞা ৰাইজে এই সন্দৰ্ভত ৱাৰ্ড মেম্বাৰ কেইজনৰ বিৰুদ্ধে সোমবাৰে মিকিৰভেটা থানত ৰুজু কৰে এক গোচৰ । কিন্তু এই গোচৰৰ পাচতো আৰক্ষী বিভাগে কোনো পদক্ষেপ নোলোৱাৰ অক অভিযোগ উত্থাপন কৰিছে ৷ যাৰ ফলস্বৰূপে স্থানীয় ৰাইজে কাষ চাপে স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীৰ ৷

তাৰ পাচতেই ঘটনাস্থলীলৈ আহে আৰক্ষীৰ লোক ৷ কিন্তু গাঁওবাসীয়ে নামতহে ঘটনাস্থলী পৰিদৰ্শন কৰি উভতি যোৱাৰো অভিযোগ তৰে আৰক্ষী বিভাগৰ বিৰুদ্ধে ৷ উপায়ন্ত হৈ ৰঙাদৰীয়া গাঁৱৰ ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তপক্ষক উচিত ব্যৱস্থা গ্ৰহম কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:চন্দ্ৰপুৰত নাবালকক অপহৰণৰ চেষ্টা : আটক দুজন

ABOUT THE AUTHOR

...view details