চন্দ্ৰপুৰত নাবালকক অপহৰণৰ চেষ্টা : আটক দুজন

author img

By

Published : Sep 28, 2021, 4:06 PM IST

Two person arrested relating kidnapping

মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । ঘৰত কোনো নথকাৰ সুযোগলৈ নাবালকক অপহৰণৰ অপচেষ্টা চলাই বহিঃৰাজ্যৰ দুজন ব্যক্তিয়ে । স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীৰ জালত দুই অপহৰণকাৰী ৷

গুৱাহাটী, ২৮ ছেপ্টেম্বৰ : মহানগৰীৰ চন্দ্ৰপুৰৰ কাজলীচকীত অপহৰণকাৰীৰ কৱলৰ পৰা কথমপি ৰক্ষা পৰে তিনিটিকৈ নাবালক ৷ এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ কিশোৰকেইটাৰ পৰিয়ালৰ অভিযোগ অনুসৰি, ২৪ ছেপ্টেম্বৰৰ দিনৰ ভাগত বহিঃৰাজ্যৰ হিন্দী ভাষী পাগুৰি মৰা এজন ব্যক্তি সামগ্ৰী বিক্ৰী কৰিবৰ বাবে তেওঁলোকৰ ঘৰলৈ আহে । সেই সময়তে ঘৰটোত নাবালক তিনিটি খেলাত ব্যস্ত আছিল ।

চন্দ্ৰপুৰত নাবালকক অপহৰণৰ চেষ্টা

শিশুকেইটাক তাতে খেলিবলৈ দি ঘৰৰ গ্ৰীল বন্ধ কৰি পৰিয়ালৰ লোক কোনো কামত বাহিৰলৈ ওলাই যায় । তেনেসময়তে হিন্দী ভাষী ব্যক্তিজনে ঘৰটোত প্ৰৱেশ কৰি এগৰাকী নাবালকক নিবলৈ গ্ৰিলৰ বাহিৰৰ পৰা টনা-আজোৰা কৰে । লোকজনৰ এনে আচৰণ দেখি ভয়ত বিহ্বল হৈ পৰা কণমানিকেইটাই কান্দিবলৈ ধৰে । কণমানিকেইটাই কান্দোন শুনি ব্যক্তিজনে ততালিকে উক্ত স্থানৰ পৰা পলায়ন কৰে ।

পিছত পৰিয়ালৰ লোকে এই কথা গম পাই লগে লগে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত অৱগত কৰে । এনে সময়তে দেওবাৰে স্থানীয় লোকে হিন্দী ভাষী পাগুৰি মৰা লোকজনক অন্য এজন ব্যক্তিৰ সৈতে উক্ত স্থানত ঘূৰি ফুৰা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । প্ৰাগজ্যোতিষপুৰ আৰক্ষী লগে লগে উপস্থিত হৈ লোক দুজনক থানাৰ সন্মুখৰ পৰা আটক কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে আটক কৰা লোক দুজন উত্তৰ প্ৰদেশৰ হৰবীৰ সিং(৩৬) আৰু কালে সিং ( ৪০) বুলি জানিব পৰা হৈছে । প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাই কিশোৰকেইটাৰ পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৭/৩৬৫/৫১১/৩৪ ধাৰাত প্ৰাগজ্যোতিষপুৰ থানাত ৩০৩/২১ নম্বৰত এটি গোচৰ ৰুজু কৰে ৷ আৰক্ষীয়ে সোমবাৰে লোক দুজনক আদালতত হাজিৰ কাৰোৱাৰ পাছত আদালতে দুয়োকে জেললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : 30 অক্টোবৰত ৰাজ্যৰ 5 টা সমষ্টিত উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.