তীৰ ব‍্যৱসায়ী-আইপিএলৰ জুৱাৰীৰ বিৰুদ্ধে তৎপৰ আৰক্ষী

author img

By

Published : Sep 27, 2021, 9:23 PM IST

Teer, IPL Gamblers Arrested

কলিয়াবৰত অবৈধ তীৰ ব‍্যৱসায়ী আৰু আইপিএলৰ জুৱাৰীৰ বিৰুদ্ধে তৎপৰ আৰক্ষী ৷ আৰক্ষীৰ অভিযানত জালত পৰিছে একাধিক জুৱাৰী ৷

কলিয়াবৰ, 27 ছেপ্টেম্বৰ : উলুৱনী আৰক্ষী নিৱেশৰ অন্তৰ্গত চুলুং আৰক্ষী তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল নাথৰ নেতৃত্বত কলিয়াবৰ আৰক্ষী নিৱেশ আৰু উলুৱনী আৰক্ষী নিৱেশৰ সহযোগত দেওবাৰে নিশা এক অভিযানত বিভিন্ন স্থানৰ পৰা পাঁচ তীৰ ব‍্যৱসায়ী আৰক্ষীৰ জালত পৰে । অবৈধ তীৰ খেলৰ লগত জড়িত লোককেইজনৰ নাম চামগুৰিৰ নিৰঞ্জন বৰা, আদিত‍্য নাৰায়ণ দাস আৰু আইনুল হক, খাটোৱালৰ নুৰুল নবি আৰু উলুৱনীৰ দিলীপ চাহু বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।

তীৰ ব‍্যৱসায়ী, আইপিএলৰ জুৱাৰীৰ বিৰুদ্ধে তৎপৰ আৰক্ষী

ইতিমধ‍্যে, তিনিওজনৰ বিৰুদ্ধে উলুৱনী আৰক্ষী নিৱেশত এটা গোচৰ ৰুজু কৰা হৈছে । অবৈধ ব‍্যৱসায়টোৰ লগত জড়িত চক্ৰটোৰ সন্ধানত উলুৱনী আৰক্ষীয়ে বৰ্তমান সোধা-পোছা অব‍্যহত ৰাখিছে । আনহাতে, জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত বাগৰী তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰৰ নেতৃত্বত এটা দলে আন এটা অভিযানত তিনিজন আই. পি. এল. জুৱাৰীক আটক কৰে ।

জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত লোক তিনিজন ক্ৰমে কুঠৰী ন-বস্তিৰ সমীৰ আলি, নুৰ ইছলাম আৰু কুঠৰী নজানৰ মকবুল হুছেইন বুলি জানিব পৰা গৈছে । সম্প্ৰতি এই সম্পৰ্কীয় তথ্যৰ বাবে অধিক তথ‍্যৰ বাবে সোধা-পোছা অব‍্যাহত ৰাখিছে জখলাবন্ধা আৰক্ষীয়ে ।

লগতে পঢ়ক : গৰুখুঁটি ৰক্তাক্ত কৰাৰ আঁৰত কোন তিনিটা সংগঠন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.