অসম

assam

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে পুনৰ AJYCPৰ প্ৰতিবাদ

By

Published : Sep 23, 2021, 8:47 PM IST

Protest

বৃহৎ নদীবান্ধৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে । বৃহস্পতিবাৰৰ দিনটোত মৰিগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । লগত কেইবাটাও দাবী উত্থাপন কৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ।

মৰিগাঁও,২৩ ছেপ্টেম্বৰ : বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য বন্ধৰ দাবীত আৰু গোগামুখত পৰিষদৰ গণতান্ত্ৰিক আন্দোলনক অন্যায়ভাৱে দমন কৰাৰ প্ৰতিবাদত উত্তাল মৰিগাঁও উপায়ুক্তৰ কাৰ্যালয় । বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP) মৰিগাঁও জিলা সমিতিৰ উদ্যোগত উক্ত দুয়োটা বিষয়কলৈ প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠনটোৱে মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ (Prime minister) এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে পুনৰ AJYCPৰ প্ৰতিবাদ

সংগঠনটোৰ জিল‍া সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি জ্যোতিময় গোস্বামী আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্বত ৰূপায়িত ধৰ্ণা কাৰ্যসূচীত সংগঠনটোৰ প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহণ কৰে । চৰকাৰ বিৰোধী বিভিন্ন ধৰণৰ শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । স্মাৰক পত্ৰত উল্লেখ কৰা মতে অসম বৰ্তমানেও বিভিন্ন সমস্যাৰে জৰ্জৰিত ।

এই সমস্যাসমূহৰ ভিতৰত এক গুৰুত্বপূৰ্ণ আৰু উল্লেখযোগ্য সমস্যা হৈছে বৃহৎ নদীবান্ধৰ সমস্যা । নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভণিৰে পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিত‍া কৰি আহিছে । প্ৰকল্পৰ দাঁতি কাষৰীয়া জিলাসমূহত বসবাস কৰা লোকসকলৰ জীৱন-সম্পত্তি সুৰক্ষিত কৰাৰ স্বাৰ্থত সমগ্ৰ অসমৰ জনতাক লগত লৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰকল্পৰ বিৰুদ্ধে ইতিমধ্যে ব্যাপক আন্দোলন গঢ়ি তুলিছে ।

লগতে উল্লেখ কৰে যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কাৰ্যৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অহিংসা আৰু শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক আন্দোলন ৰূপায়ণ কৰি থকা অৱস্থাত চৰকাৰৰ গৃহ বিভাগে অন্যায়ভাৱে দমনমূলক নীতিৰে উক্ত কাৰ্যসূচী বন্ধ কৰে । যি অসমবাসীৰ বাবে এক দুৰ্ভাগ্যজনক আৰু হতাশজনক বিষয় । এই স্মাৰক পত্ৰৰ যোগেদি সমগ্ৰ আন্দোলনক দমনমূলক নীতিৰে বন্ধ কৰিব বিচৰা চৰকাৰৰ সিদ্ধান্তক প্ৰতিবাদ জনায় আৰু গৰিহণা দিয়ে ।

লগতে পঢ়ক :নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ধেমাজিত AJYCP ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details