অসম

assam

উপ-নিৰ্বাচনৰ প্ৰাক্ ক্ষণত মাজুলীত উপস্থিত অখিল গগৈ

By

Published : Oct 3, 2021, 8:21 PM IST

উপ-নিৰ্বাচনৰ প্ৰাকক্ষণ মাজুলীত উপস্থিত অখিল গগৈ

উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত মাজুলীত উপস্থিত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ মাজুলীত উপস্থিত হৈয়ে বিজেপিক প্ৰতিহত কৰাৰ বাবে সকলো বিৰোধী দলে চিন্তা চৰ্চা কৰি থকাৰ কথা সদৰি কৰে সাংবাদিকৰ আগত ৷

মাজুলী, 3 অক্টোবৰ : বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত দেওবাৰে পোন প্ৰথম বাৰৰ বাবে মাজুলীত উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ । আগন্তুক উপ-নিৰ্বাচনৰ বাবেই অখিল গগৈ মাজুলীলৈ আহিছে বুলি সাংবাদিকৰ আগত উল্লেখ কৰে ৷

উপ-নিৰ্বাচনৰ প্ৰাক্ ক্ষণত মাজুলীত উপস্থিত অখিল গগৈ

লগতে অখিল গগৈয়ে কয়, উপ-নিৰ্বাচনৰ প্ৰসংগত মাজুলীৰ ৰাইজৰ মতামত লোৱাৰ লগতে বিজেপি চৰকাৰৰ দিনত মাজুলীৰ প্ৰকৃততে কিমান উন্নয়ন হৈছে, মাজুলী নিমাতী সংযোগী দলংৰ কাম আচলতে আৰম্ভ হৈছে নাই ৷ সেয়া নিজে চাবৰ বাবে তেওঁ মাজুলীলৈ আহিছে বুলি কয় ৷

ইফালে মাজুলী সমষ্টিটো কংগ্ৰেছে আৰু AJP ক এৰি দিয়া কথাটো এতিয়াও খাটাং হোৱা নাই বুলি কয় অখিল গৰাকীয়ে ৷ লগতে বিজেপি প্ৰতিহত কৰাৰ স্বাৰ্থত সকলো বিৰোধী দল মিলি এজন প্ৰাৰ্থী দি নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ চিন্তা চৰ্চা চলি আছে বুলিও কয় বিধায়ক গৰাকীয়ে ।

আনহাতে পূৰ্ৱে মাজুলীৰ ৰাস চাবলৈ আহি থকাৰ কথা সকলো সময়তে ভাবি থাকে কিন্তু ৰাস চলি থকা সময়ত প্ৰতি বাৰেই জেলত সোমাই থাকিব লগা হোৱাৰ বাবে মাজুলীলৈ আহিব নোৱাৰাৰ কথা সদৰি কৰে অখিল গগৈয়ে ৷

লগতে পঢ়কঃ উপ-নিৰ্বাচনৰ বাবে দুটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা ইউপিপিএলৰ

ABOUT THE AUTHOR

...view details