উপ-নিৰ্বাচনৰ বাবে দুটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা ইউপিপিএলৰ

author img

By

Published : Oct 3, 2021, 5:33 PM IST

উপ-নিৰ্বাচনৰ বাবে দুই সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা ইউপিপিএলৰ

দেওবাৰে কোকৰাঝাৰ বডোফা নগৰস্থিত ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলযোগে দলৰ কাৰ্যকাৰী সভাপতি ৰৌণগৌড়া নাৰ্জাৰীয়ে ২৮ নং গোসাইগাঁও আৰু ৫৮ নং তামুলপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷

কোকৰাঝাৰ, ৩ অক্টোবৰ : ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ ৰাজনৈতিক দলবোৰে কঁকালত টঙালি বন্ধাৰ সময়ছোৱাতে দেওবাৰে কোকৰাঝাৰত ইউপিপিএলে বিটিআৰৰ দুটা সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব ঘোষণা কৰিছে ৷

সেই অনুসৰি ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ বাবে বিটিআৰৰ প্ৰাক্তন এমচিএলএ জিৰণ বসুমতাৰীক আৰু ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত জলেন দৈমাৰীক ইউপিপিএলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ৷

উপ-নিৰ্বাচনৰ বাবে দুই সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা ইউপিপিএলৰ
উপ-নিৰ্বাচনৰ বাবে দুই সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা ইউপিপিএলৰ

দেওবাৰে কোকৰাঝাৰ বডোফা নগৰস্থিত ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলযোগে দলৰ কাৰ্যকাৰী সভাপতি ৰৌণগৌড়া নাৰ্জাৰীয়ে দলীয় প্ৰাৰ্থিত্বৰ নাম ঘোষণা কৰি বিটিআৰৰ দুয়োটা সমষ্টিতে ইউপিপিএলৰ প্ৰাৰ্থী নিশ্চিতভাৱে জয়ী হ’ব বুলি দাবী কৰিছে ৷

লগতে বিটিআৰত ইউপিপিএল বিজেপিয়ে মিলি নিৰ্বাচনী যুঁজত অৱৰ্তীৰ্ণ হ’ব আৰু ভৱানীপুৰ সমষ্টিত বিজেপিৰ দলীয় প্ৰাৰ্থীক ইউপিপিএলে সহায় কৰিব বুলি সংবাদমেলত সদৰী কৰিছে ৰৌণগৌড়া নাৰ্জাৰীয়ে । সংবাদমেলত কোকৰাঝাৰৰ পূৱ বিধানসভা সমষ্টিৰ বিধায়ক বিধায়ক লৰেন্স ইছলাৰী, দলৰ সাধাৰণ সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰী আৰু কাৰ্যবাহী সদস্য মাধৱ ছেত্ৰী উপস্থিত আছিল ।

লগতে পঢ়কঃ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰিলে উত্তৰ-পূবৰ প্ৰথমটো পেট-এম আৰ আই শাখা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.