ETV Bharat / city

উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰিলে উত্তৰ-পূবৰ প্ৰথমটো পেট-এম আৰ আই শাখা

author img

By

Published : Oct 3, 2021, 3:01 PM IST

উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰিলে উত্তৰ-পূবৰ প্ৰথমটো পেট-এম আৰ আই শাখা
উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰিলে উত্তৰ-পূবৰ প্ৰথমটো পেট-এম আৰ আই শাখা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত দেশৰ চতুৰ্থটো অত্যাধুনিক পেট-এম আৰ আই যন্ত্ৰ মুকলি । অসম চৰকাৰৰ ৬২ কোটি টকা ব্যয়ে সাপেক্ষে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অত্যাধুনিক পেট-এম আৰ আই যন্ত্ৰৰে শাখাটো স্থাপন কৰা হৈছে ।

গুৱাহাটী, ৩ অক্টোবৰ : ৰাজ্যৰ স্বাস্থ্যখণ্ডত নতুনকৈ সংযোজন হ'ল আন এক অত্যাধুনিক চিকিৎসা সেৱা । বিশেষকৈ কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে মুকলি কৰা হৈছে এই অত্যাধুনিক সেৱা । উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত আনুষ্ঠানিকভাৱে মুকলি কৰে অত্যাধুনিক পেট-এম আৰ আই শাখা ।

উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰিলে উত্তৰ-পূবৰ প্ৰথমটো পেট-এম আৰ আই শাখা
উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰিলে উত্তৰ-পূবৰ প্ৰথমটো পেট-এম আৰ আই শাখা

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে এই সেৱা মুকলি কৰা হৈছে । আনহাতে দেশৰ ভিতৰত চতুৰ্থটো পেট-এম আৰ আই যন্ত্ৰ স্থাপন কৰা হৈছে জি এম চি এইচৰ কৰ্কট প্ৰতিষ্ঠানত । অত্যাধুনিক পেট-এম আৰ আই শাখাটো অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ জনগণৰ বাবে আজি উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰে ।

উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰিলে উত্তৰ-পূবৰ প্ৰথমটো পেট-এম আৰ আই শাখা
উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰিলে উত্তৰ-পূবৰ প্ৰথমটো পেট-এম আৰ আই শাখা

এই উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল । উল্লেখযোগ্য যে, ৬২ কোটি টকা ব্যয়ে সাপেক্ষ্যে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অত্যাধুনিক পেট-এম আৰ আই যন্ত্ৰৰে শাখাটো স্থাপন কৰা হৈছে ।

উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰিলে উত্তৰ-পূবৰ প্ৰথমটো পেট-এম আৰ আই শাখা
উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰিলে উত্তৰ-পূবৰ প্ৰথমটো পেট-এম আৰ আই শাখা

অসম চৰকাৰে ব্যয় বহন কৰি স্থাপন কৰা এই যন্ত্ৰটো দেশৰ ভিতৰতে চতুৰ্থ আৰু চৰকাৰী খণ্ডত প্ৰথম । ন্যূনতম বিকিৰণৰ এই যন্ত্ৰটো জেনিট' ইউৰিণাৰী আৰু মূৰ-ডিঙিৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে উপযোগী ।

লগতে পঢ়কঃ ভেংকায়া নাইডুৱে উদ্বোধন কৰিলে মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.