অসম

assam

তেজস্বিতাৰ পূৰ্বেও চিকিৎসাৰ অভাৱত মাজুলীত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ

By

Published : Oct 7, 2022, 9:35 PM IST

চিকিৎসাজনিত বিসংগতিৰ বাবে কেৱল তেজস্বিতা বৰুৱাৰেই মৃত্যু হোৱা নাই ৷ এই কথা এগৰাকী মহিলাৰ অভিযোগৰ পাছতে স্পষ্ট হৈ পৰিছে ৷ এমাহ পূৰ্বে ডায়েৰিয়াত আক্ৰান্ত এগৰাকী ৰোগীৰো চিকিৎসাৰ অভাৱতে মাজুলীত মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে (Allegation against Majuli hospital)৷

তেজস্বিতাৰ পূৰ্বেও চিকিৎসাৰ অভাৱত মাজুলীত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ
তেজস্বিতাৰ পূৰ্বেও চিকিৎসাৰ অভাৱত মাজুলীত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ

মাজুলী, 7 অক্টোবৰ: মাজুলীৰ চৰকাৰী চিকিৎসালয়ত উদীয়মান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ সমান্তৰালকৈ শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে মাজুলীত । কণ্ঠশিল্পীগৰাকীৰ মৃত্যু ভুল চিকিৎসা ব্যৱস্থাৰ বাবে হোৱা বুলি মাজুলীৰ লগতে সমগ্ৰ ৰাজ্যতে চৰ্চা চলিছে ।

ঠিক সেই সময়তে মাজুলীৰ আন এগৰাকী মহিলাই মাজুলীৰ চিকিৎসালয়ত ভুল চিকিৎসাৰ বাবে তেওঁৰ স্বামীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে । অভিযোগকাৰী মহিলাগৰাকী হ’ল এমাহ পূৰ্বে ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যু হোৱা মানস বৰাৰ নামৰ লোকজনৰ পত্নী (Allegation against Majuli hospital)।

মানস বৰাৰ পত্নীয়ে অভিযোগ কৰা অনুসৰি যোৱা ৬ চেপ্তেম্বৰত তেওঁৰ স্বামী পেটৰ ৰোগত আক্ৰান্ত হৈছিল । যাৰ বাবে পৰিয়ালৰ লোকে ৭ চেপ্তেম্বৰত চেলাইন দিবলৈ বুলি কমলাবাৰী চিকিৎসালয়লৈ মানস বৰাক লৈ গৈছিল ৷ কমলাবাৰী চিকিৎসালয়ত চিকিৎসকে মানস বৰাক পৰ্যবেক্ষণ কৰাৰ পাছত ৭ টাকৈ চেলাইন দিছিল ৷ ইয়াৰ পাছত কমলাবাৰীত এটা বেজি উপলব্ধ নথকাত গড়মূৰ জিলা চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ দিছিল ।

তেজস্বিতাৰ পূৰ্বেও চিকিৎসাৰ অভাৱত মাজুলীত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ

গড়মূৰ জিলা চিকিৎসালয়ত(Garmur Civil Hospital) প্ৰায় দুঘন্টা ধৰি ৰখাৰ পাছত মানস বৰাৰ স্বাস্থ্যৰ অৱনতি ঘটাত ডিব্ৰুগড়লৈ স্থানান্তৰণৰ পৰামৰ্শ দিয়ে মানস বৰাক । ইয়াৰ পাছতে ডিব্ৰুগড়লৈ নি থকাৰ অৱস্থাতে মৃত্যু হয় মানস বৰাৰ । মাজুলীৰ জিলা চিকিৎসালয়ত দুঘন্টা ধৰি ৰখাৰ পাছতো ভালদৰে চিকিৎসা নকৰাৰ অভিযোগ উত্থাপন কৰিছে মানস বৰাৰ পত্নীয়ে । তেওঁ লগতে কয় মাজুলীৰ চিকিৎসালয়ত ভুল চিকিৎসা কৰা বাবেই তেওঁৰ স্বামীৰ মৃত্যু ঘটে ‌(Wrong treatment in Majuli hospital)।

তেজস্বিতা বৰুৱাৰ মৃত্যুক(Tejaswita Baruah death) লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকা সময়তে এগৰাকী মহিলাৰ এই অভিযোগে মাজুলীৰ চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত অধিক প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ ভুল চিকিৎসাৰ লগতে চিকিৎসাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱে মাজুলীবাসীক বাৰে বাৰে মৃত্যুমুখলৈ ঠেলি দিয়া ঘটনাই ৰাজ্যৰ চৰকাৰী চিকিৎসাখণ্ডত যে কেৱল বিজ্ঞাপনহে চলে সেই কথা স্পষ্ট কৰি তুলিছে ৷

লগতে পঢ়ক:তেজস্বিতাৰ চিকিৎসাত যদি গাফিলতি নাছিলেই তেন্তে অধীক্ষকক নিলম্বন কিয় ?

ABOUT THE AUTHOR

...view details