ETV Bharat / state

তেজস্বিতাৰ চিকিৎসাত যদি গাফিলতি নাছিলেই তেন্তে অধীক্ষকক নিলম্বন কিয় ?

author img

By

Published : Oct 7, 2022, 5:58 PM IST

তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পাছতে উত্থাপিত হৈছে কেতবোৰ প্ৰশ্ন (Tejaswita Boruah death) ৷ চিকিৎসালয়ৰ বিচনাত চটফটাই মৃত্যুক সাৱটি লোৱাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই আত্মপক্ষৰ সমৰ্থনত বিভোৰ ৷ ইফালে নিলম্বনো কৰা হ’ল চিকিৎসালয়খনৰ অধীক্ষকক ৷

তেজস্বিতাৰ চিকিৎসাত যদি গাফিলতি নাছিলেই, অধীক্ষকক নিলম্বন কৰিলে কিয় ?
তেজস্বিতাৰ চিকিৎসাত যদি গাফিলতি নাছিলেই, অধীক্ষকক নিলম্বন কৰিলে কিয় ?

মাজুলী, 7 অক্টোবৰ: ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবি উদঙাই মেলানি মাগিলে কণ্ঠশিল্পী তেজস্বিতা বৰুৱাই (Tejaswita Boruah death)৷ প্ৰচুৰ প্ৰতিভাসম্পন্ন তেজস্বিতাৰ মৃত্যুৰ পাচতে শোকাকুল পৰিৱেশে সৃষ্টি কৰিলে মাজুলীৰ লগতে সমগ্ৰ ৰাজ্যত ৷ চিকিৎসকৰ গাফিলতিৰ লগতে চিকিৎসালয়ত সুবিধাৰ অভাৱলৰ অভিযোগ উত্থাপন কৰিছে তেজস্বিতাৰ পৰিয়ালৰ লগতে গুণমুগ্ধই ৷

বুধবাৰে সমগ্ৰ ৰাজ্যত দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতে উদযাপিত হৈছিল শংকৰদেৱৰ জন্ম জয়ন্তী ৷ এই শংকৰোৎসৱ বুলি গাঁৱৰ নামঘৰত বৰগীত গাবলৈ গৈছিল মাজুলীৰ কণমানি কণ্ঠশিল্পী তেজস্বিতা বৰুৱা । নামঘৰতেই অসুস্থ হৈ পৰিছিল কণমানি কণ্ঠশিল্পীগৰাকী ৷ পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে মাজুলী জিলা চিকিৎসালয়লৈ লৈ গৈছিল কণমানি কণ্ঠশিল্পীগৰাকীক । গড়মূৰ জিলা অসামৰিক চিকিৎসালয়লৈ (Garmur Civil Hospital) লৈ যায় যদিও চিকিৎসালয়তে মৃত্যু হয় তেজস্বিতাৰ (Majuli artist Tejaswita Boruah)।

তেজস্বিতাৰ চিকিৎসাত যদি গাফিলতি নাছিলেই, অধীক্ষকক নিলম্বন কৰিলে কিয় ?

জানিব পৰামতে মৃগীৰোগত আক্ৰান্ত আছিল তেজস্বিতা । যি সময়ত কণ্ঠশিল্পীগৰাকীক চিকিৎসালয়খনলৈ নিয়া হৈছিল সেই সময়ত সেই সময়ত চিকিৎসালয়খনত উপস্থিত আছিল কেইগৰাকীমান নাৰ্চ আৰু এগৰাকী চকুৰ চিকিৎসক । ফলত চকুৰ চিকিৎসকেই চিকিৎসা আগবঢ়াইছিল কিশোৰীগৰাকীক । চিকিৎসালয়খনত তেজস্বিতাৰ মৃত্যু অক্সিজেনৰ অভাৱত হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে ৷ ফলত সমগ্ৰ বিষয়টোৱে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ।

মাজুলী জিলা চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থাৰ গাফিলতিতে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে তেজস্বিতা বৰুৱাৰ পৰিয়ালৰ লোকে । পৰিয়াল তথা স্থানীয় ৰাইজে কয় অক্সিজেনৰ অভাৱত প্ৰায় ১ ঘন্টা ৩০ মিনিট ধৰি চিকিৎসালয়ৰ বিচনাত চটফটাই থাকি অৱশেষত এই পৃথিৱীৰ পৰা বিদায় মাগে কণমানি কণ্ঠশিল্পীগৰাকীয়ে ।

ইফালে শিল্পীগৰাকীৰ মৃত্যু অক্সিজেনৰ অভাৱত হোৱা নাই বুলি মন্তব্য আগবঢ়ায় জিলা চিকিৎসালয়খনৰ জেষ্ঠ চিকিৎসক মাণিক মিলিয়ে । মাজুলী জিলাৰ উপায়ুক্তগৰাকীয়ে জনায় যে শিল্পীগৰাকীয়ে মৃত্যুৰ আগ মুহূৰ্তলৈকে সকলো ধৰণৰ চিকিৎসা লাভ কৰি আছিল, অক্সিজেনৰ অভাৱ হোৱা নাছিল চিকিৎসালয়খনত । তথাপিও এই বিষয়ত তদন্ত ঘোষণা কৰাৰ কথা কয় উপায়ুক্তগৰাকীয়ে ।

এতিয়া প্ৰশ্ন হয় যদিহে চিকিৎসালয়খনত কণমানিজনীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো আছিলেই, চিকিৎসাৰ গাফিলতিৰ বাবে মৃত্যু হোৱা নাই তেন্তে আজি চিকিৎসালয়খনৰ অধীক্ষকক স্বাস্থ্য বিভাগে নিলম্বন কৰিলে কিয় (Garmur Civil Hospital Superintendent Suspended) ?

লগতে পঢ়ক: Tejashwita Barua death issue : স্বাস্থ্যমন্ত্ৰীৰ পদত্যাগ বিচাৰিলে আপে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.