অসম

assam

মাজুলী-যোৰহাট সংযোগী দলঙক পুতলা দলং আখ্যা লুৰিণ জ্যোতি গগৈৰ

By

Published : Sep 14, 2022, 11:30 AM IST

ajp-president-lurinjyoti-gogoi-visits-construction-site-of-jorhat-majuli-bridge

যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন লুৰিণ জ্যোতি গগৈৰ (AJP President Lurinjyoti Gogoi) ৷ মাজুলীবাসীক এখন প্ৰকৃতাৰ্থত সঁচা দলং দিয়াৰ বাবে দাবী জনায় নেতাগৰাকীয়ে ।

মাজুলী, 14 ছেপ্টেম্বৰ:মাজুলীৰ দুই লক্ষ জনতাৰ সপোনৰ মাজুলী-যোৰহাট সংযোগী দলং (Construction site of Jorhat Majuli bridge) । এই সপোনৰ দলঙখনৰ নিৰ্মাণৰ কামৰ আৰম্ভ হোৱাৰ আৰম্ভণিতে লাগিছিল কেণা । মাজুলী-যোৰহাট সংযোগী দলঙৰ (Jorhat Majuli bridge) 8 নং আৰু 11 নং খুঁটাত বিসংগতি ধৰা পৰিছিল 1 মে’ত । তাৰপাছৰ পৰাই প্ৰায় বন্ধ হৈ আছে মাজুলী-যোৰহাট সংযোগী এই দলঙৰ কাম । এনে সময়তে মঙলবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে দলংখনৰ নিৰ্মাণস্থলীত উপস্থিত হৈ এই দুই খুঁটা পৰিদৰ্শন কৰে ।

দলঙৰ নিৰ্মাণস্থলীত উপস্থিত হৈ যোৰহাট-মাজুলী সংযোগী দলঙক পুতলা দলং আখ্যা লুৰিণ জ্যোতি গগৈৰ । অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ সপোনৰ এই দলংখনৰ কাম যিটো কোম্পানীক দিলে সেইটো কোম্পানী এটা ব্লেক লিষ্টেড কোম্পানী ৷ আনহাতে সেই কোম্পানীয়ে এই দলৰ কাম আন এটা কোম্পানীক দিলে ।

যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন লুৰিণ জ্যোতি গগৈৰ

ৰাইজৰ এই দলং নিৰ্মাণক লৈ আগৰ পৰা সন্দেহ আছিলেই আৰু এতিয়া আৰম্ভণিতে কেণা লাগিল । তেওঁ লগতে কয় যে, নীতিন গাডকাৰীয়ে সদনৰ মজিয়াত এইখন দলং নিৰ্মাণ হ’বলৈ বাজেট প্ৰায় 6,000 কোটি হ’ব লাগে বুলি কৈছে ৷ কিন্তু এইখন দলঙৰ নিৰ্মাণৰ বাবে 680 কোটি টকা দিয়াতো অতি দুৰ্ভাগ্যজনক । তেওঁ লগতে কয় যে, ঘুণাসুঁতিত দলং নিৰ্মাণৰ বাবে 750 কোটি টকা আৰু এইখন দলঙৰ বাবে 680 কোটি টকা ।

আচলতে মাজুলীৰ মানুহক চৰকাৰে দলঙৰ নামত উপহাস কৰি আছে বুলি কয় নেতাগৰাকীয়ে উল্লেখ কৰে । তেওঁ এই দলঙৰ বাবে বাজেট আৰু পুঁজি আৱন্টন দি মাজুলীবাসীক এখন প্ৰকৃতাৰ্থত সঁচা দলং দিয়াৰ বাবে দাবী জনায় ৷

লগতে পঢ়ক:ঘ’ঘা টাৰ্মিনেল পৰিদৰ্শন কৰে সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details