অসম

assam

এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি লখিমপুৰত চাঞ্চল্য

By

Published : Sep 22, 2022, 10:03 PM IST

Suicide case in Lakhimpur

বৃহস্পতিবাৰে লখিমপুৰ টাউনত পৰিলক্ষিত হ’ল এক উত্তাল পৰিৱেশৰ (Tense situation in Lakhimpur) ৷ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ নকৰাৰ বাবেই এজন যুৱকে ল’ব লগা হ’ল চীপ ৷ কিন্তু কিয় ? সৱিশেষ জানিবলৈ পঢ়ক এই প্পতিবেদন...

লখিমপুৰ, ২২ ছেপ্টেম্বৰ:বৃহস্পতিবাৰে লখিমপুৰ টাউনত দেখিবলৈ পোৱা গ’ল এক উত্তাল পৰিৱেশ (Tense situation in Lakhimpur) ৷ ঘটনা অনুসৰি, লখিমপুৰৰ কয়লামাৰী বাগিচাৰ বিকি বিশাল নামৰ যুৱক এজনে কিছুদিনৰ পূৰ্বে উজ্বলপুৰৰ এগৰাকী যুৱতীক পলুৱাই নিয়ে । পিছে যুৱতীগৰাকীৰ পিতৃ পৰিয়ালে যুৱতীগৰাকীক পুনৰ স্বগৃহলৈ ঘুৰাই আনে ৷

তাৰ পিছতে এই ঘটনাই ললে এক নতুন মোৰ ৷ যুৱতীগৰাকীৰ পৰিয়ালে বিকিক খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলেহে যুৱতীগৰাকীক গতাই দিব ৷ এই অভিযোগ বিকিৰ পৰিয়ালৰ ৷ পিছে এই ঘটনাৰ কেইদিনমান পিছতে ৰহস্যজনকভাৱে বাগিচাৰ মাজত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় বিকিৰ মৃতদেহ (Suicide case in Lakhimpur)।

ঘটনাৰ পিছতেই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ নকৰাৰ বাবেই যুৱতীগৰাকীৰ পৰিয়ালৰ কোনো লোকে বিকিক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি অভিযোগ উত্থাপন কৰিছে বিকিৰ পৰিয়ালে ৷ এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰিয়ালৰ কেইবাজনকো আটক কৰি জেললৈ প্ৰেৰণ কৰে ৷ ইয়াৰ পাছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷

লখিমপুৰত এজন যুৱকৰ মৃত্যুক লৈ সৃষ্টি চাঞ্চল্যৰ

বৃহস্পতিবাৰে এই ঘটনাক কেন্দ্ৰ কৰিয়েই যুৱতীগৰাকীৰ পৰিয়ালৰ লগতে জিলা খ্ৰীষ্টান সমাজে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিকিক খ্ৰীষ্টান হ‘বলৈ হেঁচা দিয়া বিষয়টো সম্পুর্ণ মিছা বুলি দাবী কৰে (Tension over death of youth in Lakhimpur) ৷

লগতে বিকি বিশালৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰ লগতে বিকি বিশালৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে আটক কৰাসকলক মুক্তি দিয়াৰো দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক:মাজুলীত সোপাধৰা নে আন কিবা !

ABOUT THE AUTHOR

...view details