অসম

assam

এই বছৰতে লখিমপুৰ মেডিকেল কলেজত আৰম্ভ হ’ব MBBSৰ পাঠদান

By

Published : Oct 11, 2021, 10:13 PM IST

Updated : Aug 29, 2022, 1:15 PM IST

Lakhimpur medical college

চলিত বৰ্ষৰ পৰাই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম এম বি বি এছৰ ১০০ খন আসনেৰে পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ’ব লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত(Lakhimpur medical college) ৷

গুৱাহাটী, ১১ অক্টোবৰ : শাৰদীয় বতৰত আহিছে এক সুখবৰ । লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে(Lakhimpur medical college) লাভ কৰিছে ৰাষ্ট্ৰীয় আয়ুৰ্বিজ্ঞান আয়োগ (এন এম চি) ৰ স্বীকৃতি । চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম এম বি বি এছৰ ১০০ খন আসনেৰে চলিত বৰ্ষৰ পৰাই পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰাকৈ এন এম চিয়ে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক স্বীকৃতি প্ৰদান কৰিছে (MBBS curriculum in Lakhimpur medical college)।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই(Health Minister of Assam) এয়া অসমবাসীৰ বাবে এক ভাল খবৰ বুলি মন্তব্য কৰি ই টিভি ভাৰতক জনাই যে, এন এম চিয়ে এই সন্দৰ্ভত প্ৰেৰণ কৰা অনুমতি পত্ৰ আজি ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ে লাভ কৰিছে । ৰাজ্যৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয় হিচাপে নৱনিৰ্মিত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে স্বীকৃতি লাভ কৰাৰ পিছত অসমত বছৰি এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে মুঠ আসনৰ সংখ্যা ১,১০০ খনলৈ বৃদ্ধি পালে ।

প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই গ্ৰহণ কৰি অহা বলিষ্ঠ ভূমিকাৰ বাবেই অসমবাসীয়ে আজি এই শুভ সংবাদ লাভ কৰিলে বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী মহন্তই । তেওঁ আৰু কয় যে এই চিকিৎসা মহাবিদ্যালয়খনে লখিমপুৰ, মাজুলীৰ লগতে সমগ্ৰ উত্তৰপাৰত চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণ আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁঠনি শক্তিশালী কৰিব ।

লগতে পঢ়ক : লখিমপুৰ মেডিকেল কলেজলৈ নেচনেল মেডিকেল এছ'চিয়েচন স্বীকৃতি

Last Updated :Aug 29, 2022, 1:15 PM IST

ABOUT THE AUTHOR

...view details