লখিমপুৰ, ৩১ আগষ্ট : লখিমপুৰৰ এটি দৰিদ্ৰ পৰিয়ালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মালৈ জনাইছে কাতৰ আহ্বান (appeal to CM Himanta Biswa Sarma) । বিশেষভাৱে সক্ষম তেওঁলোকৰ সন্তানৰ বাবে জনাইছে এই আহ্বান ।
উল্লেখ্য, লখিমপুৰৰ এটি বিশেষভাৱে সক্ষম সন্তানক লৈ পিতৃ-মাতৃৰ এতিয়া চৰম দুখ (Parents saddened for specially abled child) । সন্তানটিৰ ভৰণ-পোষণৰ পৰা যাৱতীয় ব্যয় বহন কৰাত অসমৰ্থ দিন হাজিৰা কৰা পিতৃ । এই দুৰ্ভগীয়া পৰিয়ালটো হৈছে লখিমপুৰৰ আজাদ ৰাজখোৱা গাঁৱৰ হলিৰাম বৰাৰ পৰিয়াল ।
জন্মৰে পৰাই শাৰীৰিক বিসংগতি থকা তেওঁলোকৰ সন্তান ভদ্ৰক লৈ এতিয়া ভীষণ সমস্যাত পৰিছে পৰিয়ালটো (Lakhimpur family appeal to Himanta Biswa) । ষোল্ল বছৰীয়া সন্তানটিৰ বাবে প্ৰয়োজনীয় সা-সুবিধা প্ৰদানত সমস্যাত পৰিছে পৰিয়ালটো ।