ন্যায্য প্ৰাপ্তিৰ দাবীত ৰাজপথত চাহ শ্ৰমিক

By

Published : Aug 31, 2022, 2:17 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

নুমলীগড়ৰ কাষৰীয়া মৰঙিৰ ধলাগুৰি চাহ বগিচাত পুৱাৰে পৰা বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ(Tea labour protest in Numaligarh seeking rights) ৷ বছৰ বছৰ ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত শ্ৰমিকসকলে বুধবাৰৰ দিনটোত উজাৰিলে ক্ষোভ ৷ অসম চাহ মজদুৰ সংঘৰ ধলাগুৰি শাখাৰ উদ্যোগত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচীৰ (Assam Chah Mazdoor Sangha)৷ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বাগিছা কৰ্তৃপক্ষই দাবীসমূহ শীঘ্ৰে পূৰণৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সকিয়াই দিয়ে চাহ শ্ৰমিকসকলে ৷ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে(Tea workers protest demanding problem solving) । শ্ৰমিকৰ প্ৰাপ্য আদায় দিয়া, উপ-কৰ্মচাৰীৰ বেতন বৃদ্ধি আৰু ভ্ৰমণ বানচ আদায় দিয়া, শ্ৰমিকৰ গেছ চিলিণ্ডাৰৰ বাবদ পোৱা ৮২৫ টকাৰ পৰা ১১০০ টকালৈ বৃদ্ধি কৰা আদিৰ দাবীত ধৰ্ণা কাৰ্যসূচী হাতত লৈছে শ্ৰমিক ৰাইজে ৷ দাবীসমূহ শীঘ্ৰে পূৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ২ চেপ্তেম্বৰত পুনৰ তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে চাহ মজদুৰ সংঘই ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.