অসম

assam

Assam Arunachal border tense:অৰুণাচলী দুৰ্বৃত্তৰ আক্রমণৰ প্ৰতিবাদত উত্তাল লখিমপুৰ

By

Published : Jun 8, 2023, 6:38 PM IST

পানবাৰীত যোৱা ৫ জুনত অৰুণাচলী দুৰ্বৃত্তৰ গুলিচালনাত দুজনকৈ অসমীয়া লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাৰ পাছত বিভিন্ন সংগঠনৰ প্ৰতিবাদত উত্তাল লখিমপুৰ (AJYCP protest in Assam)। অন্যান্য সংগঠনৰ উপৰি জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে ধাৰাবাহিকভাৱে প্ৰতিবাদ জনাই আহিছে ।

Dhemaji border firing case
প্ৰতিবাদত উত্তাল লখিমপুৰ

প্ৰতিবাদত উত্তাল লখিমপুৰ

লখিমপুৰ, ৮ জুন: যোৱা ৫ জুনত অসম-অৰুণাচল সীমান্তৰ ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ অন্তৰ্গত জয়ৰামপুৰ পাণবাৰীত অৰুণাচলী বেদখলকাৰীৰ আক্ৰমণত নিহত হৈছিল দুগৰাকী অসমীয়া যুৱক । এই ঘটনাৰ পিচতেই আৰম্ভ হয় প্ৰতিবাদ। এই প্ৰতিবাদ ৰাজ্য়জুৰি আজিও অব্য়াহত (Protest against Arunachali encroachers)। বৃহস্পতিবাৰে লখিমপুৰত এই ঘটনাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘটকাৰ্যসূচী ৰূপায়ণ কৰি সীমা সমস্য়া সমাধানৰ দাবী জনায় (Dhemaji border firing case) ৷

বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ হাৰমতিত অৰুণাচলৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ (AJYCP protest in Lakhimpur)। যোৱা ৫ জুনত ধেমাজি জিলাৰ জয়ৰামপুৰৰ পানবাৰীত অৰুণাচলী বেদখলকাৰীৰ গুলিত নিহত হোৱা বগা চুতীয়া আৰু মন্টু গগৈৰ লগতে গুৰুতৰভাৱে আহত কেইজনক ক্ষতিপূৰণ দিয়া আৰু অসমীয়া যুৱকৰ মৃত্যুৰ তদন্ত খৰতকীয়া কৰি অভিযুক্ত অৰুণাচলী কেইজনক ধেমাজি আৰক্ষীক গতাইই দিয়াৰ দাবী জনায় । প্ৰতিবাদকাৰীসকলে লগতে নিহত দুজনৰ পৰিয়ালক ৫০ লাখকৈ টকা আৰু আহত সকলক ৫ লাখকৈ তৎকালীনভাৱে অৰুণাচল চৰকাৰক দিবলৈ দাবী জনায় ।

লখিমপুৰ জিলাৰ হাৰমতীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত কেইবাটাও সংগঠনে অৰুণাচলৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে । অসম চৰকাৰৰ হায় হায়, প্ৰেমা খাণ্ডু হুচিয়াৰ, অসম-অৰুণাচলৰ সীমা সমস্যা সমাধান কৰক আদি শ্লোগানেৰে অৱস্থানস্থলী উত্তল কৰি তোলে প্ৰতিবাদকাৰী সকলে । উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পিচতেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্ম লৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে গোৰ্খা ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতি,কৈৱৰ্ত যুৱ ছাত্র সন্মিলন, আদিবাসী ছাত্র সন্থা,অনুসুচিত জাতি যুৱ ছাত্র পৰিষদৰ বিষয়ববীয়াই এই অৱস্থান কাৰ্যসূচীত উপস্থিত থাকে । অহা ১৫ দিনৰ ভিতৰত যদি দাবী সমাধান নকৰে অনাগত দিনত ৰাইজৰ সহযোগত পৰিষদে তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে । ইপিনে,একেই দাবীত অসমীয়া যুৱ মঞ্চই বৃহস্পতিবাৰে ১২ ঘন্টীয়া লখিমপুৰ ধেমাজি বন্ধৰ আহ্বান জনাইছিল যদিও বুধবাৰে আৰক্ষী প্ৰশাসনৰে হোৱা আলোচনা মৰ্মে তেওঁলোকে বন্ধ প্ৰত্যাহাৰ কৰে ।

Assam BJYM: বিজেপিৰ মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাবে যুৱ মৰ্চাই আৰম্ভ কৰিব বাইক ৰেলী

ABOUT THE AUTHOR

...view details