ETV Bharat / state

Assam BJYM: বিজেপিৰ মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাবে যুৱ মৰ্চাই আৰম্ভ কৰিব বাইক ৰেলী

author img

By

Published : Jun 8, 2023, 5:15 PM IST

দেশজুৰি চলিছে বিজেপিৰ মহা জনসম্পৰ্ক অভিযান ৷ ইয়াৰ অংশ হিচাবে অসম বিজেপিৰ যুৱ মৰ্চাইয়ো গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী ৷ ৰাজ্যৰ 3 লাখ হিতাধিকাৰীৰ ঘৰলৈ গৈ চৰকাৰৰ কল্যাণমূলক আঁচনি সম্পৰ্কে অৱগত কৰিব বিজেপি যুৱ মৰ্চাই (Assam BJYM) ৷

Assam BJYM
Assam BJYM

বিজেপিৰ মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাবে যুৱ মৰ্চাই আৰম্ভ কৰিব বাইক ৰেলী

গুৱাহাটী, 6 জুন: মহানগৰীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত (Assam BJP office) যুৱ মৰ্চাৰ ৰাজ্যিৰ সমিতিৰ সংবাদমেল ৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ 9 টা বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি দেশজুৰি আৰম্ভ কৰা জনসম্পৰ্ক অভিযানত বিজেপি যুৱ মৰ্চাৰ (BJYM) কাৰ্যসূচী ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে এই সংবাদমেল সম্বোধন কৰা হয় ৷

সংবাদমেলত অংশ লৈ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিধাংকু অংকুৰ বৰুৱাই (Sidhanku Ankur Barua) 29 মেʼৰ পৰা আৰম্ভ হোৱা আৰু 30 জুনলৈকে দেশব্যাপী চলিবলগীয়া ‘মহা জনসম্পৰ্ক অভিযান’ত (BJP Maha Jan Sampark Abhiyan) যুৱ মৰ্চাই হাতত লোৱা কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে ৷ সংবাদমেলত সিধাংকু অংকুৰ বৰুৱাই কয় যে বিজেপি যুৱ মৰ্চাই মহা জনসম্পৰ্ক অভিযান অংশস্বৰূপে চাৰিটা কাৰ্যসূচী হাতত লৈছে ৷ প্ৰথম কাৰ্যসূচী হিচাবে ২৯ জুনলৈ অনুষ্ঠিত কৰিব হিতাধিকাৰী সন্মিলন ৷

এমাহজোৰা এই হিতাধিকাৰী সন্মিলনত3 লাখ হিতাধিকাৰীৰ ঘৰলৈ গৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে অৱগত কৰিব ৷ দ্বিতীয়তে 10 জুনৰ পৰা 20 জুনলৈ অনুষ্ঠিত কৰা হ’ব বাইক ৰেলী ৷ সংখ্যালঘু অঞ্চলসমূহক বাদ দি 399 টা মণ্ডলত অনুষ্ঠিত হ’ব এই বাইক ৰেলীৰ (Assam BJP Yuva Morcha) ।

তৃতীয়তে Next vote for Modi শীৰ্ষক অনুষ্ঠানৰ অংশ হিচাবে 7 জুনৰ পৰা 10 জুনলৈ নতুন ভোটাৰৰ লগত স্থাপন কৰা হ’ব জনসম্পর্ক ৷ চতুৰ্থতে অহা 25 জুনত সমগ্ৰ ভাৰতত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব জিলা ভিত্তিত ৷ য’ত অংশ গ্ৰহণ কৰিব দেশৰ যুৱ মৰ্চাৰ কৰ্মীসকলে ৷

উল্লেখ্য যে এই জনসম্পৰ্ক অভিযানৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবেও ব্যাপক গুৰুত্ব প্ৰদান কৰি প্ৰচাৰ অভিযান আৰম্ভ কৰিছে অসম ৰাজ্যিক বিজেপিয়ে ৷ বুধবাৰে কলিয়াবৰ লোকসভাৰ সমষ্টিৰ বটদ্ৰৱাত বিজেপিৰ জনসম্পৰ্ক অনুষ্ঠানত অংশ লৈ কলিয়াবৰ দখলৰ বাবে ৰণনীতি আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী অজন্তা নেওগে ৷

লগতে পঢ়ক: Electricity tariff hike: বিদ্যুৎ বেছিকৈ ব্যৱহাৰ কৰিলে বিল বেছিকৈ আহিবই; মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.