ETV Bharat / state

Electricity tariff hike: বিদ্যুৎ বেছিকৈ ব্যৱহাৰ কৰিলে বিল বেছিকৈ আহিবই; মুখ্যমন্ত্ৰী

author img

By

Published : Jun 8, 2023, 4:02 PM IST

Comments on electricity tariff hike
বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

অসম চৰকাৰ তথা শাসকীয় দলৰ একাংশ নেতাৰ মন্তব্যই এতিয়া ৰাইজক এই গৰমৰ মাজতে জলা-কলা খুৱাইছে ৷ এফালে সূৰ্যৰ উত্তাপ আৰু আনফালে শাসকীয় দলৰ নেতাৰ উদ্ভট মন্তব্য ৷ দুয়োটাই সহিব লগীয়া হৈছে ৰাইজে ৷ এইবাৰ মুখ্যমন্ত্ৰীয়ে বিদ্যুৎ মাচুল বৃদ্ধি, বিদ্যুত কৰ্তন আদি বিষয়ত প্ৰদান কৰিলে নিজৰ মতামত (Electricity tariff hike) ৷

বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

গুৱাহাটী, 8 জুন: ৰাজ্যত এতিয়া উৎকট গৰমে দহিছে ৰাইজক ৷ কিন্তু এই গৰমৰ উত্তাপতকৈও একাংশ নেতা-মন্ত্ৰীৰ কথাৰ উত্তাপে বেছিকৈ দহিছে সাধাৰণ জনতাক ৷ চোকা ৰ’দতকৈও বেছি প্ৰখৰতা এইসকল নেতাৰ কথাত ৷ কাৰ কথানো ক’ব ? বিশ্বজিৎ দৈমাৰীৰ গৰমৰ পৰা পৰিত্ৰাণ তথা বিদ্যুৎ মাচুল হ্ৰাসৰ উপায়, ভৱেশ কলিতাৰ মূল্যবৃদ্ধিৰ মূল সমস্যা বিশ্লেষণ আদি শুনি জনতাই মূৰে-কপালে হাত দিবলৈ বাধ্য হৈছে (Comments on electricity tariff hike) ৷

এইবাৰ পাল মুখ্যমন্ত্ৰীৰ ৷ চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ নেতাসকলে আগবঢ়োৱা লাক-বান্ধ নোহোৱা যুক্তিৰে কাম নচলাত এইবাৰ মুখ্যমন্ত্ৰীয়ে বিষয়টোৰ দৃষ্টিকোণটো কিছু সলনি কৰি মন্তব্য আগবঢ়াইছে ৷ বিদ্যুৎ বিল কিয় বেছি আহে, সঁচাকৈয়ে বিদ্যুৎ মাচুল বৃদ্ধি পাইছে নে ? এই সকলো নিজা দৃষ্টিভংগীৰে বুজাই ক’লে স্মাৰ্ট মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM on electricity tariff hike) ৷

অসমৰ মুখ্যমন্ত্ৰীৰ মতে, এতিয়া ঘৰত চাৰিটাকৈ AC চলে ৷ ভাৰতৰ সকলোতে এতিয়া বিদ্যুতৰ নাটনি চলি আছে । তথাপিও গুৱাহাটীত নাইবা বাকী ঠাইত লোড শ্বেডিং হোৱা নাই, যিমান হ'ব লাগিছিল সিমান হোৱা নাই । বিদ্যুৎ কৰ্তন কৰা নহয় বুলি কৈছে এ পি ডি চি এলে (Power cut problems in Assam)।

লগতে পঢ়ক: Electricity price hike: বিদ্যুতৰ খৰচ কমাবলৈ ফেন বন্ধ কৰি গছৰ তলত বহক ; বিশ্বজিৎ দৈমাৰীৰ পৰামৰ্শ

আনহাতে, বিদ্যুতৰ মাচুল বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় যে, বিদ্যুতৰ বিলটো বিদ্যুতৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিব । বেছিকৈ ব্যৱহাৰ কৰিলে বিল বেছিকৈ আহিবই । বিদ্যুতৰ মাচুল বঢ়োৱা হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, যোৱা মাহত 25 পইচা কমিছিল । এইবাৰ 30 পইচা বাঢ়িল । অৰ্থাৎ 5 পইচা বাঢ়িছে । গতিকে মাচুল বৃদ্ধি কৰা নাই । ব্যৱহাৰৰ ওপৰত বিল নিৰ্ভৰ কৰে (Electricity tariff hike in Assam) ৷

ইফালে জনসংখ্যাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে, অসমীয়াৰ জনসংখ্যা বৃদ্ধি পোৱা নাই । যিসকলে এনে কথাবোৰ কৈ থাকে তেওঁলোকৰ দৰে অসম বিৰোধী মানুহ কোনো নাই (Population in Assam)।

উল্লেখ্য যে, মূল্যবৃদ্ধিৰ বিষয়টোক লৈ শাসকীয় পক্ষৰ নেতাসকলে প্ৰায়েই তাচ্ছিল্যসূচক মন্তব্য কৰি আহিছে ৷ যোৱা সোমবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই জনসংখ্যা বৃদ্ধিৰ বাবে অথবা বেছিকৈ খোৱাৰ বাবেহে খাদ্য সামগ্ৰীৰ দামবৃদ্ধি হোৱা বুলি মন্তব্য কৰে ৷ তাৰ এদিন পূৰ্বে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক বিদ্যুৎ মাচুল বৃদ্ধিৰ সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় যে, ঘৰৰ ফেন বন্ধ কৰি গছৰ তলত বহি থাকিলে বিদ্যুৎ ৰাহি হ’ব ৷

লগতে পঢ়ক: Comments on Price Hike: মূল্যবৃ্দ্ধি সন্দৰ্ভত ভৱেশ কলিতাৰ আজৱ যুক্তি; ৰাইজে কৰিছে হাহাকাৰ

কেৱল এয়াই নহয়, ইয়াৰ পূৰ্বেও চন্দ্ৰ মোহন পাটোৱাৰী, বিধায়ক অতুল বৰা, প্ৰশান্ত ফুকন, ভৱেশ কলিতা, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আদিয়ে মূল্যবৃদ্ধি সন্দৰ্ভত আত্মপক্ষক সমৰ্থন কৰিবলৈ গৈ চূড়ান্ত অযুক্তিকৰ মন্তব্য প্ৰদান কৰাৰ নজিৰ আছে ৷ যাৰ বাবে সমালোচনাৰো সন্মুখীন হৈছিল এইসকল নেতা ৷ কিন্তু তাৰ পিচতো তেওঁলোকে শিক্ষা নলৈ নিজৰ মতেই উদ্ভট মন্তব্য কৰি আহিছে গুৰুত্বপূৰ্ণ বিষয়টোত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.