ETV Bharat / state

Electricity price hike: বিদ্যুতৰ খৰচ কমাবলৈ ফেন বন্ধ কৰি গছৰ তলত বহক ; বিশ্বজিৎ দৈমাৰীৰ পৰামৰ্শ

author img

By

Published : Jun 4, 2023, 8:00 PM IST

অসম বিধানসভাৰ অধ্যক্ষৰ অদ্ভুত আৰু তাচ্ছিল্যজনক মন্তব্যকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া । বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰসংগত ফেন বন্ধ কৰি গছৰ তলত আশ্ৰয় লোৱাৰ আহ্বান । বিভিন্ন দল-সংগঠনৰ লগতে সামাজিক মাধ্যমত বিশ্বজিৎ দৈমাৰীক সমালোচনাৰে থকা-সৰকা কৰিলে বিভিন্নজনে । চালি-জাৰি চাই কথা ক’বৰ বাবে দিলে সকীয়নি ।

Electricity price hike
Electricity price hike

গুৱাহাটী, ৪ জুন: অসহনীয় গৰমৰ মাজতে বিদ্যুতৰ মাচুল পুনৰ বৃদ্ধি কৰাকলৈ ৰাজ্য আৰু অধিক গৰম হৈ পৰিছে ৷ তেনে সময়তে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰিলে অদ্ভুত তথা তাচ্ছিল্যজনক মন্তব্য । এফালে উৎকট গৰম আৰু আনফালে অনিয়মীয়া বিদ্যুৎ যোগান । তাৰে মাজতে হঠাতে এ পি ডি চি এলে পুনৰ বৃদ্ধি কৰিলে বিদ্যুৎ মাচুল । যাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Electricity price hike in Assam) ।

বিভিন্ন দল-সংগঠনে চৰকাৰখনক সমালোচনাৰে থকা-সৰকা কৰিছে । ইয়াৰ মাজতে দেওবাৰে বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰসংগত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰা মন্তব্যই জ্বলা জুইত ঘিউ ঢলাৰ কাম কৰিলে । বিদ্যুতৰ খৰচ কমাবৰ বাবে তেওঁ কয়, ‘‘ফেন-চেন নলগাব, গছৰ তলত বহিব, বিদ্যুতৰ মাচুলৰ খৰচ কমি যাব ।’’ উৎকট গৰমত সাধাৰণ জনতাক সকাহ দিয়াৰ পৰিৱৰ্তে তেওঁ বিদ্যুতৰ খৰচ কমাবলৈ গৰমত গছৰ তলত আশ্ৰয় লোৱাৰ পৰামৰ্শ দিলে ।

তেওঁৰ মতে চৰকাৰৰ নিজা ফাৰ্মহাউচ নাই আৰু বিদ্যুৎ কিনা কোম্পানীক টকা দিবলৈ চৰকাৰে ৰাইজৰ পৰাই ল’ব লাগিব । বিদ্যুতৰ বিল যদি বেছি হৈছে তেন্তে ফেন নলগাই গছৰ তলত বহাৰ বাবে তেওঁ জনতাক পৰামৰ্শ দিছে । এজন জনপ্ৰতিনিধি বিশেষকৈ অসম বিধানসভাৰ অধ্যক্ষৰ মুখত এনে কথা কেতিয়াও শোভা নাপায় । তেওঁৰ এই মন্তব্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

অস্বাভাৱিক গৰমে ৰাজ্যবাসীক জলা-কলা খোৱাৰ সময়তে বিশ্বজিৎ দৈমাৰীয়ে কৰা এনে মন্তব্যত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । ৰাইজৰ ধনেৰে শীত-তাপ নিয়ন্ত্ৰিত ব্যৱস্থাৰ মাজত থকা এজন জনপ্ৰতিনিধিয়ে এনেদৰে সাধাৰণ জনতাক তাচ্ছিল্য কৰাকটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে (APDCL hikes power tariff) ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে বিজেপিৰ দিনত আমি আদিম যুগলৈ ঘূৰি যাব লাগিব । আদিম যুগলৈ ঘূৰি যাবলৈ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিছো নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে প্ৰয়োজনত চৰকাৰ সলনি হ’ব, কিন্তু আমাৰ লাইট জ্বলিব লাগিব, ফেন ঘূৰিব লাগিব (APDCL Hikes Electricity Tariff Yet Again) ।

ইফালে বিধানসভাৰ অধ্যক্ষগৰাকীৰ মন্তব্যকলৈ সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । সমালোচনাৰে থকা-সৰকা কৰিছে বিশ্বজিৎ দৈমাৰীক । সামাজিক মাধ্যমত এজনে লিখিছে - ‘‘মুখ চম্ভালি কথা ক’ব বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া !!! জনতাৰ অনুভূতিত আঘাত হনাৰ একো কথাই নক’ব আপুনি ! যদি জনতাক সন্মান কৰাৰ ইচ্ছা নাই, তাত আমাৰ আপত্তি নাই; কিন্তু জনতাক অসন্মান কৰাৰ তিলমানো অধিকাৰ আপোনালোকৰ নাই । খবৰদাৰ দৈমাৰী ডাঙৰীয়া ! আপোনালোকে নিজকে কি বুলি ভাবেহে ??? ক্ষমতাৰ নামৰ কীটাণুটোৱে অহৰহ আপোনালোকৰ মগজুত কিলকিলাই থাকে আৰু সেই কিলকিলনিৰ প্ৰকোপত আপোনালোক মাটিতে আছেনে, আকাশতে আছেনে নতুবা বতাহত উৰি ফুৰিছে তাৰ সন্দৰ্ভত বাস্তৱ জ্ঞান আপোনালোকৰ বাবে উহ্য হৈ পৰে আৰু অনৰ্গল প্ৰলাপ বকি জনতাক অপমান কৰে !’’

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ লগতে লিখিছে, ‘‘দৈমাৰী ডাঙৰীয়া মনত ৰখা ভাল যে যি ক্ষমতাৰ বলত বলীয়ান হৈ আপোনালোকে আজি ৰাইজক গছৰ তলত থাকিবলৈ উপদেশ দি ইতিকিং কৰিলে সেই ক্ষমতা কিন্তু ৰাইজেহে আপোনালোকক অৰ্পন কৰিছে । ৰাইজৰ দুৱাৰে দুৱাৰে গৈ ক্ষমতাৰ ভিক্ষা খোজা ভিক্ষাৰী হয় আপোনালোক । যি জনতাই আনুগত্যৰে ভিক্ষাৰ জোলোঙা ভৰ্তি কৰি ধন্য কৰি তুলিলে আপোনালোকক সেই জনতাক অপমাণ কৰিবলৈ যোৱাৰ প্ৰাকক্ষণত কিঞ্চিত হলেও লাজ লাগিব লাগিছিল আপোনালোকৰ ।’’

সামাজিক মাধ্যমত আন এজনে লিখিছে ,‘‘পোন প্ৰথমে পানেৰী সমষ্টিবাসীক ধন্যবাদ । তেওঁলোকে ভোট দি জয়যুক্ত কৰি নপঠালে ইমান প্ৰতিভাসম্পন্ন, জ্ঞানী ব্যক্তি এগৰাকীয়ে যে অসমত বাস কৰে কেইজনে জানিলেহেঁতেন ? বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই বিদ্যুৎ বিল কম কৰাৰ যি কৌশল উদ্ভাৱন কৰিলে, হয়তো হাজাৰ বছৰ পিচতো অসমবাসীয়ে তেওঁৰ নাম স্মৰণ কৰি থাকিব লাগিব । শেষত অসমৰ প্ৰতি ঘৰে ঘৰে এওঁৰ দৰে প্ৰতিভাসম্পন্ন, জ্ঞানী হাজাৰ হাজাৰ সন্তান জন্ম হওক তাকেই কামনা কৰিলোঁ ।’’

ইফালে এজনে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উপদেশ মানি গছত উঠি সামাজিক মাধ্যমত ফটো আপলোড কৰিছে । মুঠতে উৎকট গৰমৰ মাজতে বিশেষভাৱে চৰ্চিত হৈছে বিশ্বজিৎ দৈমাৰীৰ ‘অতি বিশেষ’ বক্তব্য ৷

লগতে পঢ়ক: Guwahati water supply: আগন্তুক তিনি দিনলৈ গুৱাহাটীৰ ৰাইজে নাপাব পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.