Guwahati water supply: আগন্তুক তিনি দিনলৈ গুৱাহাটীৰ ৰাইজে নাপাব পানী

By

Published : Jun 3, 2023, 10:31 PM IST

thumbnail

গুৱাহাটী, 3 জুন: গুৱাহাটী মহানগৰীত হঠাৎ বন্ধ হৈ পৰিল ব্যক্তিগতভাৱে পানী যোগান ধৰা বাহনসমূহ ৷ পৰিবহন বিভাগে জধে-মধে জৰিমনা বিহাৰ বাবেই পানী যোগান ধৰা বাহনসমূহ নচলোৱাৰ সিদ্ধান্ত লৈছে চালকসকলে (Guwahati water supply vehicle drivers protest) ৷  

শনিবাৰে মহানগৰীত পৰিবহন বিভাগৰ বিৰুদ্ধে ওলাই আহিল পানী যোগান ধৰা বাহনৰ প্ৰায় 2 শতাধিক চালক ৷ কোনো পূৰ্ব জাননী অবিহনেই বাহনসমূহৰ পৰা জৰিমনা বিহাৰ অভিযোগ উত্থাপন কৰি চালকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷  

চালকসকলে লগতে অভিযোগ উত্থাপন কৰি কয় যে ৰাজভঁৰাল টনকীয়াল কৰাৰ বাবেই এইদৰে জধে-মধে জৰিমনা বিহিছে পৰিবহন বিভাগে ৷ 20ৰ পৰা 80 হাজাৰ পৰ্যন্ত জৰিমনা সংগ্ৰহ কৰা বুলিও উল্লেখ কৰিছে চালকসকলে ৷ যদিহে এই চালকসকলে ঘৰে ঘৰে পানীৰ যোগান নধৰে তেন্তে ইয়াৰ পৰিণাম ভুগিব লাগিব সাধাৰণ ৰাইজে (Water supply in Guwahati) ৷  

লগতে পঢ়ক: Lakhara woman Murder case update : ৰঙাঘৰৰ আলহী হ’ল লালুংগাঁৱৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰাজু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.