ETV Bharat / state

Lakhara woman Murder case update : ৰঙাঘৰৰ আলহী হ’ল লালুংগাঁৱৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰাজু

author img

By

Published : Jun 3, 2023, 10:44 AM IST

Accused detain at Lakhara woman Murder case
লালুংগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

লালুংগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ড (Suspected Murder a woma) ৷ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰাজু ওৰফে সোমেন গোস্বামী (Lakhara woman Murder case) ৷

গুৱাহাটী, ৩ জুন : চৰ্চাত লালুংগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ড (Suspected Murder a woman) ৷ ইতিমধ্যে গড়চুক আৰক্ষীৰ জালত পৰিছে ঘটনাৰ মূল অভিযুক্ত ৰাজু ওৰফে সোমেন গোস্বামী ৷ শুকুৰবাৰে নিশা গড়চুক আৰক্ষীয়ে মহানগৰীৰ পাণ্ডুৰ পৰা ৩৯ বছৰীয়া ৰাজুক গ্ৰেপ্তাৰ কৰে ৷

ইতিমধ্যে ধৃত অভিযুক্তটোক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । আৰক্ষীৰ প্ৰাথমিক জেৰাত অভিযুক্তটোৱে হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে ৷ কিন্তু কিয় এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই (Woman body rescued at Lakhara)।

উল্লেখ্য যে, বিগত ১ জুনৰ দিনা লখৰাৰ লালুং গাঁৱৰ এটা ঘৰত কোঠাৰ ভিতৰত থকা এটা খোলা বাকচত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ । মৃত মহিলাগৰাকীৰ নাম বাসন্তী গোস্বামী বুলি জানিব পৰা হৈছে ৷ মৃতদেহ উদ্ধাৰ হোৱা ঘৰটোত কিছুদিনৰ পৰা বাস কৰি আছিল মৃত বাসন্তী গোস্বামী, তেওঁৰ স্বামী ৰাজু আৰু পুত্ৰ । কিন্তু ৰহস্যজনকভাৱে কেইবাদিন ধৰি সন্ধান নাছিল উদ্ধাৰ হোৱা মৃত মহিলাগৰাকীৰ স্বামী আৰু পুত্ৰৰ ।

ইফালে ভাড়াঘৰটোৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰিছিল ৷ তাৰ পিচতে ভাড়াঘৰটোৰ কোঠাৰ দুৱাৰ খোলা প্ৰত্যক্ষ কৰি ভাড়াঘৰটোৰ মালিকে কোঠাৰ ভিতৰলৈ চাওঁতে এগৰাকী মহিলাৰ মৃতদেহ এটা বাকচৰ ভিতৰত প্ৰত্য়ক্ষ কৰে ৷ লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷

তাৰ পাচত আৰক্ষীয়ে কোঠাটোৰ ভিতৰৰ পৰা খোলা বাকচত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহটো ৷ মৃত মহিলাগৰাকীৰ নাম বাসন্তী বৈশ্য বুলি জানিব পৰা গৈছে ৷ ইফালে মৃত মহিলাগৰাকীৰ স্বামী ৰাজুৰ বিগত কেইবাদিন ধৰি কোনো সন্ধান নাছিল ৷ এই কথা জানিবলৈ দিছিল ভাড়াঘৰটোৰ মালিকে ৷

ৰাজুৱে তেওঁৰ পত্নী বাসন্তীক নৃশংসভাৱে হত্যা কৰি বাকচত ভৰাই থৈ সেই স্থানৰ পৰা পলায়ন কৰিছে বুলি সন্দেহ কৰিছিল ভাড়াঘৰৰ মালিকৰ লগতে স্থানীয় লোকেও । অৱশেষত শুকুৰবাৰে নিশা ৰাজু ওৰফে সোমেন গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ পিচত সেই কথাই প্ৰমাণিত হ’ল ।

লগতে পঢ়ক : Suspected Murder: লখৰাত কোঠাৰ ভিতৰৰ খোলা বাকচত উদ্ধাৰ মহিলাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.