অসম

assam

লখিমপুৰত ভাইৰ'ল'জী লেবৰেটৰী উদ্বোধন মন্ত্রী কেশৱ মহন্তৰ

By

Published : Jun 1, 2021, 1:37 PM IST

Updated : Jun 1, 2021, 8:09 PM IST

মঙলবাৰে নিৰ্মীয়মান লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভাইৰ'ল'জী লেবৰেটৰী উদ্বোধন কৰিলে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই । চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰো বুজ লয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । মেডিকেল কাউঞ্চিলে অনুমতি দিলে চলিত বৰ্ষৰ পৰাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত পাঠদান হ'ব বুলি তেওঁ মন্তব্য কৰে ।

Health Minister Keshab Mahanta Lakhimpur visit
নিৰ্মীয়মান লখিমপুৰ মেডিকেল কলেজত ভাইৰ'ল'জী লেবৰেটৰী উদ্বোধন মন্ত্রী কেশৱ মহন্তৰ

লখিমপুৰ, ১ জুন: স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই মঙলবাৰে নিৰ্মীয়মান লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কামৰ অগ্ৰগতিৰ বুজ লয় । হাস্পতালখনত ভাইৰ'ল'জী লেবৰেটৰী উদ্বোধন কৰে স্বাস্থ্য মন্ত্রীগৰাকীয়ে । তেওঁৰ সৈতে উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকা ।

ভাইৰ'ল'জী লেবৰেটৰী উদ্বোধন কৰি তেওঁ সাংবাদিকৰ আগত কয় যে, মেডিকেল কাউঞ্চিলে অনুমতি দিলে চলিত বৰ্ষৰ পৰাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত পাঠদান হ'ব । পৰৱৰ্তী ১০ দিনৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খনত ২০ খন আই চি ইউ (ICU) বিচনা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছে বুলিও তেওঁ জানিবলৈ দিয়ে । আনহাতে, ক'ভিডৰ প্ৰতিষেধক সন্দৰ্ভত মন্ত্রীগৰাকীয়ে কয় যে, চলিত সপ্তাহৰ পৰা ৰাজ্যত প্ৰতিষেধকৰ নাটনি দূৰ হ'ব ।

নিৰ্মীয়মান লখিমপুৰ মেডিকেল কলেজত ভাইৰ'ল'জী লেবৰেটৰী উদ্বোধন মন্ত্রী কেশৱ মহন্তৰ

লগতে ৰাইজক আস্বস্ত কৰি তেওঁ কয় যে, বৰ্তমান ৰাজ্যৰ চিকিৎসালয়সমূহত চিকিৎসক, বিচনাৰ অভাৱ হোৱা নাই । ৰাজ্যৰ কোনো চিকিৎসালয়ৰ পৰা ৰোগী উভতি যাবলগীয়া হোৱা নাই বুলি মন্তব্য কৰে মন্ত্রীগৰাকীয়ে । চৰকাৰৰ তৎপৰতাৰ বাবে ৰাজ্যত ক্ৰমে ক'ভিডৰ সংক্ৰমণ হ্ৰাস হোৱা বুলি উল্লেখ কৰি তেওঁ ৰাজ্যৰ প্ৰতিখন জিলাতে ক'ভিড ৰোগীৰ বাবে ২০০-৩০০ খন বিচনা আছুতীয়াকৈ ৰখা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

তেওঁ প্ৰতিখন জিলাৰ ক'ভিড পৰিস্থিতি, স্বাস্থ্য সেৱাৰ ব্যৱস্থাৱলী পৰ্যবেক্ষণ কৰি অসুবিধাসমুহ দূৰ কৰাৰ আশ্বাস দি কৰ্তব্য গাফিলতি কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়নি দিয়ে । লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি মন্ত্রীগৰাকীয়ে জিলাখনৰ বিভাগীয় বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় ।

লগতে পঢ়ক: বিনা বেতনে অৱসৰ ল’লে মহাবিদ্যালয়ৰ অধ্যক্ষই

Last Updated :Jun 1, 2021, 8:09 PM IST

ABOUT THE AUTHOR

...view details