অসম

assam

Madhabdev Kalakshetra inaugurates: ৰাইজৰ বাবে মুকলি হ'ল মাধৱদেৱ কলাক্ষেত্ৰ

By

Published : May 10, 2023, 3:47 PM IST

Madhabdev Kalakshetra inaugurates
ৰাইজৰ বাবে মুকলি হ'ল মাধৱদেৱ কলাক্ষেত্ৰ

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ৰাইজৰ বাবে মুকলি কৰিলে মাধৱদেৱ কলাক্ষেত্ৰ (Assam CM inaugurates Madhabdev Kalakshetra)। ৪৪ বিঘা মাটিত অত্যাধুনিকভাৱে নিৰ্মাণ কৰা হৈছে কলাক্ষেত্ৰ । শিশু উদ্যান, সংগ্ৰহালয়, ৫০০ আসনযুক্ত প্ৰেক্ষাগৃহ, কলাকৃষ্টি ভৱন, এহেজাৰ আসনযুক্ত মুকলি প্ৰেক্ষাগৃহকে বিভিন্ন সুবিধা থাকিব মাধৱদেৱ কলাক্ষেত্ৰত ।

ৰাইজৰ বাবে মুকলি হ'ল মাধৱদেৱ কলাক্ষেত্ৰ

বিহপুৰীয়া, ১০ মে' :বহু প্ৰত্যাশিত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ অৱশেষত মুকলি হ'ল (Madhabdev Kalakshetra inaugurates)। বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে মুকলি কৰিলে নাৰায়ণপুৰৰ শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ । বদলা পদ্মআতাই প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰক সাংস্কৃতিক ক্ষেত্ৰলৈ ৰূপান্তৰ কৰি আৰম্ভ কৰা হৈছিল শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য ৷ সত্ৰখনৰ স্বৰূপ অক্ষুণ্ণ ৰাখি ৪৪ বিঘা মাটিত কলাক্ষেত্ৰখন নিৰ্মাণ কৰা হৈছে । সত্ৰখনক কেন্দ্ৰ কৰি আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে মাধৱদেৱ কলাক্ষেত্ৰ ।

বদলা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে দান সূত্ৰে আগবঢ়োৱা ৪৪ বিঘা মাটিত ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা হৈছে শিশু উদ্যান, সংগ্ৰহালয়, ৫০০ আসনযুক্ত প্ৰেক্ষাগৃহ, কলাকৃষ্টি ভৱন, এহেজাৰ আসনযুক্ত মুকলি প্ৰেক্ষাগৃহ, পাণ্ডুলিপি ভৱন, অতিথিশালা, ভোজনগৃহ, ৰাজহুৱা শৌচালয়, ১৭৫ খন গাড়ী ৰাখিব পৰাকৈ পাৰ্কিং ক্ষেত্ৰ (Madhabdev Kalakshetra in Lakhimpur) ।

উল্লেখ্য যে, ২০০৭ চনৰ ২৩ মাৰ্চত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে মাধৱদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল ৷ প্ৰয়াত তৰুণ গগৈৰ চৰকাৰে প্ৰথম পৰ্যায়ত আৱণ্টন দিয়া ৫ কোটি টকাৰে প্ৰায় ২০ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পাচত ক্ষমতালৈ আহিছিল বিজেপি চৰকাৰ ৷ ২০১৯ চনৰ ১৬ আগষ্টত তেতিয়াৰ বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বদলা সত্ৰত উপস্থিত হৈ কলাক্ষেত্ৰখনৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দি ৩৪ কোটি টকা আৱন্টন দিছিল ৷

ইয়াৰ উপৰিও কলাক্ষেত্ৰখনৰ সম্পূৰ্ণ আৰ্হি প্ৰস্তুত কৰি উপস্থিত ৰাইজৰ সম্মুখত প্ৰদৰ্শন কৰিছিল ৷ ২০২০ চনৰ ৪ জুনত পুনৰ ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্মীয়মান মাধবদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰিছিল ৷ উক্ত প্ৰকল্পটো ৰাজ্যিক অগ্ৰাধিকাৰ প্ৰকল্প (State Priority Project) হিচাপে গ্ৰহণ কৰা বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

কলাক্ষেত্ৰখন পৰিচালনাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিচালনা সমিতিক দি যোৱা বছৰেই মুকলিৰ প্ৰয়াস চলাইছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল ৷ শেহতীয়াকৈ আৰ্হি অনুসৰি কলাক্ষেত্ৰখন নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাত বুধবাৰে ৰাইজৰ বাবে মুকলি কৰি দিয়া হয় মাধৱদেৱ কলাক্ষেত্ৰ । কলাক্ষেত্ৰখন ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ পাছতে ইতিমধ্যে দৰ্শনাৰ্থীয়ে ভিৰ কৰা দেখা গৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে কলাক্ষেত্ৰখন ৰাইজৰ বাবে মুকলি কৰাৰ পাছতে তেওঁ সম্পূৰ্ণ কলাক্ষেত্ৰ পৰিদৰ্শনো কৰে ।

লগতে পঢ়ক :CM security issue : মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনি আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি

ABOUT THE AUTHOR

...view details