ETV Bharat / state

CM security issue : মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনি আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি

author img

By

Published : May 10, 2023, 1:14 PM IST

CM Himanta Biswa Sarma security
তিনি আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলিৰ নিৰ্দেশ

মুখ্যমন্ত্রীৰ নিৰাপত্তাত গাফিলতি ৷ তিনিজন আৰক্ষী অধীক্ষকক তাৎক্ষণিকভাৱে বদলিৰ সিদ্ধান্ত ৰাজ্যৰ গৃহ বিভাগৰ (3 SP transferred immediately in Assam) ৷

গুৱাহাটী, 10 মে' : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনিগৰাকী আৰক্ষী অধীক্ষকক তাৎক্ষণিকভাৱে বদলি কৰা হৈছে । জানিব পৰা মতে মুখ্যমন্ত্রীৰ নিৰাপত্তাত সুৰুঙা ৰখাৰ বাবেই গৃহ বিভাগৰ ৰোষত পৰিছে তিনিজনকৈ আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাত গাফিলতি কৰাৰ অভিযোগত তিনিগৰাকী এ পি এছ বিষয়াক তাৎক্ষণিকভাৱে বদলিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ বিভাগে । ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে মঙলবাৰে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক উৎপল বায়ন, আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীক বদলি কৰে (3 SP transferred immediately in Assam)।

অভিযোগ অনুসৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া কার্যকালৰ বর্ষপূর্তিৰ সৈতে সংগতি ৰাখি মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । অনুষ্ঠানটোত ব্যক্তিগত খণ্ডৰ আঠটাকৈ কোম্পানীয়ে 8201 কোটি টকা বিনিয়োগৰ বাবে অসম চৰকাৰৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল । এই অনুষ্ঠানত অংশ লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াৰ দায়িত্বজ্ঞানহীনতাৰ বাবে হঠাতে বহুসংখ্যক লোকে মুখ্যমন্ত্ৰীৰ একেবাৰে কাষ পাইছিল । নিৰাপত্তাজনিত এই গাফিলতিক লৈ আনকি অসন্তুষ্ট হৈ পৰিছিল খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma security) ।

ইয়াৰ পিচতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্রই তাৎক্ষণিকভাৱে এটা নির্দেশনা যোগে কৰ্তব্যৰত তিনিওজন আৰক্ষী অধীক্ষককে বদলি কৰে । মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত থকা আৰক্ষী অধীক্ষক গুণেন্দ্র ডেকাক দেৰগাঁৱৰ একাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰে । সেইদৰে মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক উৎপল বায়নক কাহিলীপাৰাৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয় । আনহাতে মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ দায়িত্বত থকা আন এজন আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সহকাৰী মহাপৰিদৰ্শক হিচাপে বদলি কৰা হয় (SP in charge of CM security) ।

ইয়াৰ বিপৰীতে অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক মণ্টু ঠাকুৰীয়া, অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ সহকাৰী মহাপৰিদৰ্শক জয়ন্ত সাৰথি বৰা আৰু দেৰগাঁৱৰ একাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক টাবু ৰাম পেগুক মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয় (Newly appointed 3 SP in charge of CM security) ।

লগতে পঢ়ক : Panch Swahid of Tinsukia: ডাঙৰী তালাপৰ পঞ্চ শ্বহীদ পৰিয়াললৈ অসম চৰকাৰৰ আৰ্থিক সাহাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.