অসম

assam

ড৹ অৰবিন্দ ৰাজখোৱালৈ পদ্মনাথ গোহাঞি বৰুৱা সাহিত্য বঁটা

By

Published : Dec 14, 2021, 3:12 PM IST

Updated : Dec 14, 2021, 6:54 PM IST

অধ্যাপক ড৹ অৰৱিন্দ ৰাজখোৱালৈ আগবঢ়োৱা হৈছে পদ্মনাথ গোহাঞিবৰুৱা সাহিত্য বঁটা(Padmanath Gohain Baruah Sahitya Award to Dr Arabinda Rajkhowa ) ৷ অহা 16 ডিচেম্বৰ তাৰিখে শিৱসাগৰত অনুষ্ঠিত হ'বলগীয়া পদ্মনাথ গোহাঞি বৰুৱাৰ 150 বছৰীয়া জন্মজয়ন্তী(Padmanath Gohain Baruah's 150th Birth anniversary)ৰ সংগতি ৰাখি এই বঁটা প্ৰদান কৰা হ'ব বুলি আহোম সভাই জানিবলৈ দিয়ে ৷

ahom-sabha-to-give-padmanath-gohainbaruah-sahitya-award-to-dr-arabinda-rajkhowa
লখিমপুৰৰ ড৹ অৰবিন্দ ৰাজখোৱালৈ পদ্মনাথ গোহাঞি বৰুৱা সাহিত্য বঁটা

লখিমপুৰ, 14 ডিচেম্বৰ : আহোম সভাৰ উদ্যোগত প্ৰথমবাৰলৈ প্ৰদান কৰা হ'ব পদ্মনাথ গোহাঞি বৰুৱা সাহিত্য বঁটা(Padmanath Gohain Baruah Sahitya Award) ৷ 16 ডিচেম্বৰত ঔপন্যাসিক, নাট্যকাৰ, সাংবাদিক পদ্মনাথ গোহাঞি বৰুৱাৰ জন্মদিনৰ(Padmanath Gohainbaruah's 150th Birth anniversary) দিনাই 2021 বৰ্ষৰ এই বঁটা প্ৰদান কৰা হ'ব বুলি জানিব দিয়ে আহোম সভাই ৷

2021 বৰ্ষৰ পদ্মনাথ গোহাঞি বৰুৱা সাহিত্য বঁটাৰ বাবে আহোম সভাই নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ অৰৱিন্দ ৰাজখোৱাক মনোনীত কৰিছে ৷ উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে আহোম সভাই ড৹ অৰৱিন্দ ৰাজখোৱালৈ ঘোষণা কৰে এই বঁটা ।

লখিমপুৰৰ ড৹ অৰবিন্দ ৰাজখোৱালৈ পদ্মনাথ গোহাঞি বৰুৱা সাহিত্য বঁটা

আহোম সভাই জানিব দিয়া মতে, আগন্তুক 16 ডিচেম্বৰ তাৰিখে শিৱসাগৰত অনুষ্ঠিত হ'বলগীয়া পদ্মনাথ গোহাঞি বৰুৱাৰ 150 বছৰীয়া জন্মজয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানত প্ৰদান কৰা হ'ব এই বঁটা ৷

সাহিত্য চেতনা, ঐতিহ্য বিচাৰ আদি বিভিন্ন দিশত কৰি অহা সাধনাক সন্মান জনাই আহোম সভাই অধ্যাপক ড৹ অৰৱিন্দ ৰাজখোৱালৈ এই বটা আগবঢ়াইছে(Ahom sabha announced Padmanath Gohainbaruah Sahitya Award)। এই বঁটাৰ সৈতে নগদ ২৫ হেজাৰ টকা, স্মাৰক, মান পত্ৰ, অংগবস্ত্ৰ ইত্যাদি থাকিব বুলি আহোম সভাই জানিবলৈ দিয়ে ৷

প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা এই বঁটাৰ বাবে শিক্ষা-সাহিত্যৰ ক্ষেত্ৰখনৰ ৰণুৱা অধ্যাপক ড৹ অৰৱিন্দ ৰাজখোৱাক মনোনীত কৰাৰ বাবে লখিমপুৰ জিলাত আনন্দৰ এক জোৱাৰ উঠিছে । উল্লেখ্য যে, পদ্মনাথ গোহাঞি বৰুৱা আছিল একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক ।

তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তিসকলৰ ভিতৰত অন্যতম ৷ পদ্মনাথ গোহাঞি বৰুৱাৰ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদান তুলনা বিহীন । ইয়াৰোপৰি পদ্মনাথ গোহাঞি বৰুৱা শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি ৷

লগতে পঢ়ক : Sontosh Karmokar Award: জীৱন নৰহলৈ সন্তোষ কৰ্মকাৰ ৰাজ্যিক বঁটা ঘোষণা

Last Updated :Dec 14, 2021, 6:54 PM IST

ABOUT THE AUTHOR

...view details