অসম

assam

নিযুক্তি কেলেংকাৰীত জড়িতসকলৰ পিঠি ফালিবলৈ আহ্বান নিবনুৱা সন্থাৰ

By

Published : Sep 18, 2022, 4:55 PM IST

AAUA recats on Lakhimpur Medical College recruitment scam

দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি AAUA ৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জীৱন ৰাজখোৱাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তি প্ৰক্ৰিয়াত পৰীক্ষাৰ্থীৰ পৰিৱৰ্তে একাংশ ৰাজনৈতিক নেতাইহে দুৰ্নীতি কৰা বুলি সদৰি কৰে (Lakhimpur Medical College recruitment scam) ৷

লখিমপুৰ, ১৮ ছেপ্টেম্বৰ: লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তি কেলেংকাৰীৰ অভিযোগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া । বিভিন্ন সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তদন্তৰ দাবী জনোৱাৰ সামন্তৰালভাৱে আৰক্ষী সঞ্চালক প্ৰধানলৈ এই কেলেংকাৰীত জড়িত সকলৰ পিঠি ফালি দিবলৈ আহ্বন জনালে সদৌ অসম নিবনুৱা সন্থাৰ (All Assam Unemployed Association) কেন্দ্ৰীয় সমিতিয়ে (AAUA recats on recruitment scam) ।

দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি সন্থাটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জীৱন ৰাজখোৱাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তি প্ৰক্ৰিয়াত পৰীক্ষাৰ্থীৰ পৰিৱৰ্তে একাংশ ৰাজনৈতিক নেতাইহে দুৰ্নীতি কৰা বুলি সদৰী কৰে ৷ এই নিযুক্তি প্ৰক্ৰিয়াত জড়িত এই একাংশ দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক নেতাক পিঠি ফালি দিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনায় নেতাগৰাকীয়ে (AAUA apeal to DGP) ৷

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তি কেলেংকাৰী জড়িতসকলৰ পিঠি ফালিবলৈ আহ্বান নিবনুৱা সন্থাৰ

লগতে তেওঁ এই ক্ষেত্ৰত এক শক্তিশালী তদন্ত ৰ দাবী জনোৱাৰ উপৰি পৰৱৰ্তী সকলো নিযুক্তি প্ৰক্ৰিয়াত সন্থাই চোকা দৃষ্টি ৰাখিব বুলি সকীয়াই দিয়ে ৷

উল্লেখ্য যে, মঙলবাৰে নিশা লখিমপুৰ মেডিকেল কলেজৰ তৃতীয় আৰু চতুর্থ বৰ্গৰ বাছনি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতে আইনুল হক নামৰ এজন প্ৰাৰ্থীয়ে প্ৰকাশ কৰা বক্তব্যৰ পিছৰে পৰা এই কেলেংকাৰীৰ অভিযোগে সৰ্বত্ৰে তোলপাৰ লগাইছে (Lakhimpur Medical College recruitment scam) ।

লগতে পঢ়ক:ঘোষণা হ’ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

ABOUT THE AUTHOR

...view details