অসম

assam

সন্দেহযুক্ত ULB সদস্যৰ মৃত্যুকলৈ উত্তাল কোকৰাঝাৰ

By

Published : Sep 19, 2021, 8:23 PM IST

suspected ULB member death protest public at kokrajhar
সন্দেহযুক্ত ইউএলবি সদস্যৰ নিহত প্ৰসংগকলৈ উত্তাল কোকৰাঝাৰ

আৰক্ষীৰে সংঘৰ্ষত দুই যুৱক নিহত হোৱা প্ৰসংগত উত্তাল কোকৰাঝাৰ ৷ আৰক্ষীয়ে পৰিকল্পিতভাৱে হত্যা কৰি সংঘৰ্ষৰ ৰূপ দিয়া বুলি অভিযোগ তুলি জৌংছাৰ মুছাহাৰীৰ মৃতদেহ লৈ প্ৰতিবাদী সমদল ক্ষুব্ধ গঞাৰ ৷

কোকৰাঝাৰ, ১৯ ছেপ্তেম্বৰ : কোকৰাঝাৰ জিলাৰ উল্টাপানীৰ লুংছুং বনাঞ্চলত আৰক্ষীৰে হোৱা সংঘৰ্ষত সন্দেহযুক্ত ইউএলবি দুজনকৈ সদস্য নিহত হোৱাৰ ঘটনাক লৈ আজিও জিলাখনক প্ৰতিক্ৰিয়া অব্যাহত আছে । সংঘৰ্ষত নিহত যুৱক দুজনক আৰক্ষীয়ে নৱগঠিত সশস্ত্ৰ সংগঠন ইউএলবিৰ বুলি দাবী কৰাৰ বিপৰীতে নিহতৰ পৰিয়াল তথা গঞা ৰাইজে এয়া ভুৱা সংঘৰ্ষ বুলি দাবী কৰিছে ৷

সন্দেহযুক্ত ইউএলবি সদস্যৰ নিহত প্ৰসংগকলৈ উত্তাল কোকৰাঝাৰ

আনকি আৰক্ষীয়ে পৰিকল্পিতভাৱে জৌংছাৰ মুছাহাৰীক হত্যা কৰি সংঘৰ্ষৰ ৰূপ দিয়া বুলি অভিযোগ কৰি গাঁওৱাসীয়ে আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংঘৰ্ষত নিহত হোৱা পাটগাঁৱৰ শালগুৰী নিবাসী জৌংছাৰ মুছাহাৰীৰ নশ্বৰদেহ লৈ দেওবাৰে গঞা ৰাইজে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷

লগতে পঢ়কঃ চাহপাতৰ মূল্য হ্ৰাস সন্দৰ্ভত দীনেশ বিহানীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

প্ৰতিবাদী সমদলত ভাগ লোৱা গঞা ৰাইজে অসম আৰক্ষীৰ হায় হায়, জৌংছাৰ মুছাহাৰী জিন্দাবাদ, আমাক ন্যায় লাগিবই আদি ইত্যাদি ধ্বনিৰে পৰিৱেশ উত্তপ্ত কৰি তোলে । ইপিনে লোকসভাৰ প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ বিছমুথিয়াৰীয়ে এয়া জঘন্যতম ঘটনা বুলি মন্তব্য কৰি ভুৱা সংঘৰ্ষৰ জৰিয়তে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মানৱ অধিকাৰ খৰ্ব কৰা বুলি অভিযোগ কৰিছে । আনহাতে সমগ্ৰ ঘটনাটোক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে লোকসভাৰ প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ বিছমুথিয়াৰীয়ে ।

লগতে পঢ়কঃ যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি; গুৱাহাটী মহানগৰীত খৰচী হৈ পৰিছে যাতায়াত

ABOUT THE AUTHOR

...view details