অসম

assam

National Press Day : কোকৰাঝাৰত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন

By

Published : Nov 16, 2021, 10:12 AM IST

national press day in kokrajhar

সোমবাৰৰ পৰা কোকৰাঝাৰত বিটিএডি জাৰ্ণেলিষ্টছ এছ’চিয়েশ্যন(BTAD Journalists Association) আৰু কোকৰাঝাৰ প্ৰেছ ক্লাব(Kokrajhar Press Club)ৰ সহযোগত উদযাপন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস(National Press Day) ৷ মঙলবাৰে কাৰ্যসূচীৰ দ্বিতীয় দিনা অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma), বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো(Pramod Boro) আৰু বিশিষ্ট লেখক মাইনী মহন্ত(Maini Mahanta) ৷

কোকৰাঝাৰ, 16 নৱেম্বৰ : কোকৰাঝাৰত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস(National Press Day) উদযাপন ৷ বিটিআৰ(BTR) চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগ(Department of Information and Public Relations)ৰ উদ্যোগত তথা বিটিএডি জাৰ্ণেলিষ্টছ এছ’চিয়েশ্যন(BTAD Journalists Association) আৰু কোকৰাঝাৰ প্ৰেছ ক্লাব(Kokrajhar Press Club)ৰ সহযোগত সোমবাৰৰ পৰা আৰম্ভ হৈছে এই কাৰ্যসূচীৰ ৷

কোকৰাঝাৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়(Kokrajhar Science College)ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে বিটিআৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যবাহী সদস্য ড৹ নিলুৎ স্বৰ্গীয়াৰীয়ে । উদ্বোধনী ভাষণত তেওঁ কয় যে, চৰকাৰ সূচাৰুৰূপে চলাবলৈ সাংবাদিকসকলৰ অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা থাকে । সমাজৰ প্ৰতি অৰিহণা যোগোৱা সাংবাদিকসকলক স্বীকৃতিৰ প্ৰয়োজন ।

কোকৰাঝাৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

ছপা মাধ্যম(Print Media)ৰ অৱস্থা বৰ্তমান পিচিঅ’(PCO)ৰ দৰে হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে, বৰ্তমান যুগত সাংবাদিকতা কৰাতো এক প্ৰত্যাহ্বানমূলক বিষয় হিচাপে বিবেচিত হৈছে । প্ৰথম দিনৰ অন্তৰংগ আলাপ কাৰ্যসূচীৰ বিষয়বস্তু ‘সু-শাসন আৰু স্থানীয় বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্ব’ শীৰ্ষক বিষয়ৰ ওপৰত নিজ বক্তব্য ৰাখে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী(Lawrence Islary)য়ে ৷

কোকৰাঝাৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

তেওঁ কয় যে, সংবাদ মাধ্যমৰ গুৰুত্বৰ বিষয়ে সদৰী কৰি চৰকাৰ আৰু ৰাইজৰ সমন্বয়ৰ যোগসূত্ৰ হিচাপে কাম কৰি সু-শাসনৰ আৰম্ভণি কৰিব পাৰে । সাংবাদিকৰ বহু সমস্যা আছে আৰু বৰ্তমানেও সাংবাদিকতা জীৱিকা হিচাপে ল’ব পৰা অৱস্থালৈ অহা নাই বুলি মন্তব্য কৰি সাংবাদিকৰ সমস্যাসমূহৰ স্থায়ী সমাধানৰ পোষকতা কৰিছে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ।

কোকৰাঝাৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

লগতে সংবাদ মাধ্যমে নিজৰ স্বতন্ত্ৰতা, নিৰ্ভীকতা, নিৰপেক্ষতা অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে সকলো সাংবাদিকলৈ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । উক্ত অনুষ্ঠানত ‘সাংবাদিকৰ প্ৰত্যাহ্বান আৰু সাংবাদিকৰ কল্যাণ - নিৰাপত্তা ক্ষেত্ৰত চৰকাৰৰ ভূমিকা’ৰ ওপৰত বক্তব্য আগবঢ়ায় তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰদীপ ব্ৰহ্মই ।

উল্লেখ্য যে, কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সভানেত্ৰী মনালিছা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ অন্তৰ্গত চাৰিওখন জিলাৰ প্ৰায় শতাধিক সংবাদ কৰ্মী । প্ৰণিধানযোগ্য যে মঙলবাৰে কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ দ্বিতীয় দিনা অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma), বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো(Pramod Boro) আৰু বিশিষ্ট লেখক মাইনী মহন্ত(Maini Mahanta) ৷

লগতে পঢ়ক :'Assam Agricultural University'ৰ ২০২১-২২ বৰ্ষৰ অৰিয়েন্টেশ্যন অনুষ্ঠান সম্পন্ন

ABOUT THE AUTHOR

...view details