অসম

assam

Kokrajhar Medical College: এবছৰত নিৰ্মাণ সম্পূৰ্ণ কৰি পাঠদানৰ লক্ষ্য

By

Published : Nov 25, 2021, 9:13 PM IST

Health Minister Keshab Mahanta visits construction site of Kokrajhar Medical College and Hospital

কোকৰাঝাৰৰ নিৰ্মীয়মান মেডিকেল কলেজৰ কামৰ অগ্ৰগতিৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ মেডিকেল কলেজত পাঠদান আৰম্ভ কৰাৰ সন্দৰ্ভত সাংবাদিকৰ আগত ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷ গৌৰাং নৈৰ গৰাখহনীয়াই মেডিকেল কলেজলৈ কঢ়িয়াই অনাৰ সংকটৰ সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

কোকৰাঝাৰ, 25 নৱেম্বৰ : কোকৰাঝাৰ মেডিকেল কলেজৰ নিৰ্মাণৰ কাম এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব ৷ ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই বুধবাৰে বিয়লি নিৰ্মীয়মান কোকৰাঝাৰ মেডিকেল কলেজ পৰিভ্ৰমণ কৰি এই কথা জানিবলৈ দিয়ে (Health minister Keshab Mahanta visit Kokrajhar Medical College) । মহন্তই মেডিকেল কলেজ পৰিভ্ৰমণ কৰি ইতিমধ্যে কলেজৰ নিৰ্মাণৰ কাম বহুখিনি আগবঢ়াৰ কথা উল্লেখ কৰি এবছৰৰ ভিতৰত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰাৰ কথা জানিবলৈ দিয়ে ।

কোকৰাঝাৰ মেডিকেল কলেজ

কেশৱ মহন্তই মেডিকেল কলেজত পাঠদান আৰম্ভ কৰাৰ সন্দৰ্ভত ভাৰতীয় মেডিকেল কাউঞ্চিলৰ অনুমতিৰ বাবে পত্ৰ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে ৷ কাউঞ্চিলে মেডিকেল কলেজ পৰিদৰ্শন কৰি অনুমতি প্ৰদান কৰিলেই নিয়মীয়া পাঠদান আৰম্ভ হ’ব বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে এবছৰৰ ভিতৰত সকলো কাম সম্পূৰ্ণ হৈ পাঠদান আৰম্ভ হ’ব বুলি আশা প্ৰকাশ কৰে ৷

ইয়াৰ লগতে কোকৰাঝাৰ মেডিকেল কলেজৰ পিছফালে থকা গৌৰাং নৈৰ গৰাখহনীয়াই মেডিকেল কলেজৰ প্ৰতি সংকট নমাই অনাৰ সম্ভাৱনা আছিল যদিও ইতিমধ্যে গৰাখহনীয়া ৰোধৰ বাবে কাম (Prevention of Gaurang river erosion) আৰম্ভ হৈছে আৰু বৰ্তমান মেডিকেল কলেজখন সংকটমুক্ত হৈছে বুলি জানিবলৈ দিয়ে মহন্তই ৷

কোকৰাঝাৰ মেডিকেল কলেজত স্বাস্থ্যমন্ত্ৰী

মহন্তই সদৰি কৰা অনুসৰি, অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত একোখনকৈ মডেল হাস্পতাল নিৰ্মাণ কৰাৰ লগতে উপস্বাস্থ্য কেন্দ্ৰসমূহ মেৰামতি কৰাৰ কথা ব্যক্ত কৰে ৷ তেওঁ লগতে প্ৰতিটো উপস্বাস্থ্য কেন্দ্ৰৰ মেৰামতিৰ বাবে চৰকাৰে 7 লাখৰ পৰা 9 লাখ টকাকৈ আৰ্থিক অনুদান দিয়াৰ আৰু তৃণমূল পৰ্যায়ৰ পৰাই যাতে ভাল স্বাস্থ্যসেৱা লাভ কৰিব পাৰে সেয়া চৰকাৰে নিশ্চয়তা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ৷

কোকৰাঝাৰ মেডিকেল কলেজত স্বাস্থ্যমন্ত্ৰী

তেওঁ ৩০ খন বিছনাযুক্ত চিকিৎসালয়ৰো সম্প্ৰসাৰণ ঘটোৱা হ’ব বুলি উল্লেখ কৰে । মন্ত্ৰী কেশৱ মহন্তই কোকৰাঝাৰ মেডিকেল কলেজ পৰিভ্ৰমণ কৰাৰ সময়ছোৱাত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী, গোসাইগাঁও সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰী, বি টি আৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ উপস্থিত আছিল ।

লগতে পঢ়ক :Assam Cabinet Meeting : চিকিৎসা মহাবিদ্যালয়কে ধৰি কি কি উপহাৰ পালে বঙাইগাঁওবাসীয়ে ?

ABOUT THE AUTHOR

...view details