অসম

assam

গোঁসাইগাঁৱত পথ নিৰ্মাণত গাফিলতিৰ অভিযোগ

By

Published : Sep 18, 2020, 4:51 PM IST

পথ নিৰ্মাণত গাফিলতিৰ অভিযোগ
পথ নিৰ্মাণত গাফিলতিৰ অভিযোগ

গোঁসাইগাঁৱত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত প্ৰায় ৫৭ লাখ আৰু ৬৪ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দুটা পথৰ নিৰ্মাণকাৰ্যত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

কোকৰাঝাৰ, 18 চেপ্তেম্বৰ:গোঁসাইগাঁৱত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি প্ৰাককলন মতে কাম নকৰি পথ নিৰ্মাণৰ নামত আৱণ্টিত ধন আত্মসাৎ কৰিছে ঠিকাদাৰে ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত প্ৰায় ৫৭ লাখ আৰু ৬৪ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দুটা পথ বৰ্তমানেও পৰি ৰৈছে অৰ্ধনিৰ্মিত অৱস্থাত ৷

গোঁসাইগাঁৱত পথ নিৰ্মাণত গাফিলতিৰ অভিযোগ

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ৰেষ্টেকপুৰৰ পৰা ৰঙাগাঁও আৰু মৰনৈৰ পৰা কুইন্টেইনপুৰলৈ নিৰ্মীয়মান পথত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ পথকেইটা অৰ্ধনিৰ্মিত হৈ পৰি থকাৰ ওপৰিও প্ৰাককলন মতে কাম নকৰাৰ ফলত নিৰ্মাণকাৰ্য শেষ নোহোৱাৰ পূৰ্বেই তাত ফাট মেলা বুলি জানিব পৰা গৈছে ৷ আনহাতে পথ কেইটাত নাই কোনো ছাইড বামৰো ব্যৱস্থা ৷ পথটো নিৰ্মাণৰ বাবে ধুবুৰীৰ গড়কাপ্তানি গ্ৰাম্য পথ সংমণ্ডল বিভাগৰ শৰ্মা আৰু ডেকা উপাধিৰ জ্যেষ্ঠ আৰু কনিষ্ঠ অভিযন্তাদ্বয়ৰ লগতে মানকাচৰৰ ঠিকাদাৰে স্থানীয় দুজন ক্ষমতাশালী লোকক লগত লৈ কামটো আৰম্ভ কৰে যদিও, তিনিমাহ অতিক্ৰম নহওতেই পথৰ মাজত ফাঁট মেলাত ৰাইজে অসন্তুষ্টি প্ৰকাশ ৷ ৰাইজৰ দাবী পথ নিৰ্মাণৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰা লোক সকলৰ বিৰুদ্ধে শীঘ্ৰেই তদন্ত হ'ব লাগে ৷

লগতে পঢ়ক:কৰিমগঞ্জত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details