ৰাজ্যত অব্যাহত আছে গো-চিণ্ডিকেট ৷ কালি নিশা বকোৰ বনগাঁৱবুঢ়ীত নিশা জব্দ কৰা হয় ২৮টা গৰু(Cattle Smuggling in Boko) । চোৰাঙকৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰা হয় গৰুকেইটা । গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে জব্দ কৰে আৰু পৰৱৰ্তী সময়ত গতাই দিয়ে বকো আৰক্ষীক(Cattle seized at Boko) । একাংশ অসাধু ব্যৱসায়ীয়ে গোৱালপাৰাৰ পৰা মেঘালয় হৈ বাংলাদেশলৈ গৰু সৰবৰাহ কৰি আহিছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ।
কাছাৰৰ আইৰংমাৰাত মঙলবাৰে পুৱা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident at Cachar) ৷ নিয়ন্ত্ৰণ হেৰুৱাই এখন চলন্ত মাৰুতি ভেন পথৰ পৰা বাগৰি পৰে খেলপথাৰত ৷ খেলপথাৰত খেল চলি থকাৰ সময়ত পথ পৰা উফৰি গৈ প্ৰায় ২০ ফুট তলত এখন খেলপথাৰত বাগৰি পৰে মাৰুতি ভেনখন ৷
১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ অসমৰ শ্বহীদসকলৰ কথা মনলৈ আহিলেই আমি নাম ল’ব লাগিব কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ(Freedom fighter Mukunda Kakati) ৷ কনকলতা অসমৰ প্ৰথম মহিলা তথা কনিষ্ঠ শ্বহীদ(Kanaklata Baruah first woman martyr of Assam)। শ্বহীদ দিৱসৰ দিনটোত কনকলতা আৰু মুকুন্দ কাকতিৰ বীৰত্ব, ত্যাগ আৰু পৰাক্ৰমক শ্ৰদ্ধাৰে স্মৰণ ৰাজ্যবাসীৰ ।
লিডু মালৌ পাহাৰত চোৰাং কয়লা খান্দিবলৈ গৈ দেওবাৰে মৃত্যু হোৱা তিনি শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ(Laborers die at Lidu coal mine) ৷ সোমবাৰে নিশা প্ৰায় ৯ বজাত লিডু আৰক্ষীয়ে উদ্ধাৰ কৰে শ্ৰমিক তিনিজনৰ মৃতদেহকেইটা ৷ লিডু আৰক্ষীয়ে নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া লৈ প্ৰেৰণ কৰে মৃতদেহকেইটা ।
বিজেপি চৰকাৰক তীক্ষ্ণ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ(Asom jatiyo parishad) ৷ চৰকাৰে কৰ বৃদ্ধি কৰি অসমৰ ৰাইজৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন কৰি তুলিছে বুলি কয় অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে(AJP critisized BJP) ।
টকাই আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু আমি ইয়াৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ । সেয়েহে আমি সুৰক্ষিতভাৱে ধন বিনিয়োগ কৰা উচিত যাতে ই আমাক সঠিক সময়ত ভাল উপাৰ্জন দিব পাৰে । আটাইতকৈ সুৰক্ষিত বিনিয়োগ হৈছে বেংক ফিক্সড ডিপজিট (Bank fixed deposit) । কিয়নো ই কেৱল সুদ প্ৰদান নকৰে, কিন্তু লগতে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ধনৰ বাবে সুৰক্ষাও প্ৰদান কৰে । বিনিয়োগকাৰীসকলে প্ৰথমে কৰ্পোৰেট ফিক্সড ডিপজিটত (Corporate fixed deposit) বিনিয়োগ কৰাৰ আগতে ক্ৰিচিল, আইচিআৰএ আৰু কেয়াৰে প্ৰদান কৰা ৰেটিং পৰীক্ষা কৰিব লাগে ।
গোৱালপাৰা আৰক্ষীৰ জালত পৰিল ৬ জনীয়া এটা চোৰৰ দল (Thief arrested in Goalpara)। আৰক্ষীৰ অভিযানত চোৰকেইটাৰ লগতে ৩০ লাখ টকাৰ সোণ আৰু ৰূপৰ অলংকাৰ জব্দ । গোৱালপাৰা সদৰ থানাত চোৰকেইটাক জেৰা অব্যাহত আৰক্ষীৰ ।
তেজপুৰৰ চতুৰ্থ ক’ৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ নিজৰ চাৰ্ভিছ পিষ্টলৰে গুলিয়াই আত্মহত্যা এজন সেনা জোৱানৰ ৷ মৃত জোৱানজন পাঞ্জাৱৰ অমৃত সিং বুলি জানিব পৰা হৈছে ৷
দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ আজি 79 সংখ্যক ওপজা দিন (Jayanta Hazarika birth anniversary) ৷ ৰাজ্যজুৰি উদযাপন কৰা হৈছে জনপ্ৰিয় শিল্পী গৰাকীৰ জন্মদিনটো ৷ মহানগৰীৰ চান্দমাৰীস্থিত জয়ন্ত হাজৰিকা উদ্যানত শিল্পী গৰাকীলৈ জনোৱা হয় সশ্ৰদ্ধ প্ৰণাম ৷ সবিশেষ আগলৈ-
এ টি এম ৰ পৰা পইচা উলিয়াবলৈ যাওঁতে সাৱধান হোৱা উচিত ৷ কিয়নো আপোনাৰ আশে পাশে থাকিব পাৰে চিলনী চোৰ । আপুনি এ টি এম ৰ পৰা টকা উলিওৱাৰ পিছ মূহুৰ্ততে অজ্ঞাত চিলনীৰ চোৰে থপিয়াই নিব পাৰে আপোনাৰ টকা ভৰ্তি বেগটো । অনুৰূপ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ নাৰেংগী অঞ্চলত । বীৰকুছিৰ জয়া কলিতা নামৰ মহিলাগৰাকীয়ে নাৰেংগী ইউকো বেংকৰ সন্মুখত থকা এটা এ টি এমৰ পৰা ২১ হাজাৰ টকা উলিয়াইছিল ৷