বিজেপি চৰকাৰে কৰ বৃদ্ধিৰে অসমৰ ৰাইজৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন কৰি তুলিছে : লুৰীণজ্যোতি

author img

By

Published : Sep 20, 2022, 2:35 PM IST

AJP president critisized BJP at Tingkhang

বিজেপি চৰকাৰক তীক্ষ্ণ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ(Asom jatiyo parishad) ৷ চৰকাৰে কৰ বৃদ্ধি কৰি অসমৰ ৰাইজৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন কৰি তুলিছে বুলি কয় অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে(AJP critisized BJP) ।

টিংখাং,20 ছেপ্টেম্বৰ: বিজেপি চৰকাৰৰ জনবিৰোধী নীতি সন্দৰ্ভত সৰৱ হোৱা পৰিলক্ষিত হ'ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক (Asom jatiyo parishad)৷ টিংখাঙৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি সোমবাৰে চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷

তেওঁ কয় যে, কেঁচা চাহপাতৰ পৰা আৰম্ভ কৰি খোৱা সামগ্ৰীলৈকে সকলোতে GST প্ৰয়োগ কৰি ৰাজ্য চৰকাৰে ৰাজভঁৰাল টনকিয়াল কৰিবলৈ চেষ্টা কৰিছে । ইয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে পৌৰসভাৰ লগতে গৃহ নিৰ্মাণ, কৃষিভূমি খাজানা বৃদ্ধি কৰাৰ পাছতে সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ।

বিজেপি চৰকাৰে কৰ বৃদ্ধিৰে অসমৰ ৰাইজৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন কৰি তুলিছে

সভাপতি গৰাকীয়ে পুনৰ কয়, চৰকাৰে এতিয়াও কোনো বাচ-বিচাৰ নোহোৱাকৈ কৰ লগাই অসম ৰাইজক আৰ্থিক সংকটত ভোগাইছে (AJP critisized BJP) ৷ দুৰ্বিষহ কৰি তুলিছে সাধাৰণ লোকৰ প্ৰাত্যহিক জীৱন ৷ বিজেপি চৰকাৰ সাধাৰণ ৰাইজৰ শত্ৰু বুলি অভিহিত কৰাৰ লগতে এই চৰকাৰে কেৱল বণিক গোষ্ঠী, পুঁজিপতিকহে ৰক্ষণাবেক্ষণ দিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।

বিজেপি চৰকাৰে কৰ বৃদ্ধি কৰি অসমৰ ৰাইজৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন কৰি তুলিছে বুলিও কয় অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে । ইয়াৰ বিচাৰ অসমৰ ৰাইজে কৰিব লাগিব বুলি কয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক: কাছাৰৰ মাওবাদী গোচৰত এজন অভিযুক্তক গ্ৰেপ্তাৰ NIA-ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.