কাছাৰৰ মাওবাদী গোচৰত এজন অভিযুক্তক গ্ৰেপ্তাৰ NIA-ৰ

author img

By

Published : Sep 20, 2022, 12:17 PM IST

NIA

সোমবাৰে NIA-ই আৰচি-01/2022/এনআইএ/জিইউডব্লিউ গোচৰত এজন চিপিআই (মাওবাদী) অভিযুক্তক গ্ৰেপ্তাৰ কৰে । ধৃত অভিযুক্ত মাওবাদীজন হৈছে দমদম আৰক্ষী থানাৰ অন্তৰ্গত শেঠ বাগান পথৰ প্ৰয়াত ৰতন চক্ৰৱৰ্তীৰ পুত্ৰ সম্ৰাট চক্ৰৱৰ্তী (৩৭) ।

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : সোমবাৰে NIA-ই আৰচি-01/2022/এনআইএ/জিইউডব্লিউ গোচৰত এজন চিপিআই (মাওবাদী) অভিযুক্তক গ্ৰেপ্তাৰ কৰে । ধৃত অভিযুক্ত মাওবাদীজন হৈছে দমদম আৰক্ষী থানাৰ অন্তৰ্গত শেঠ বাগান পথৰ প্ৰয়াত ৰতন চক্ৰৱৰ্তীৰ পুত্ৰ সম্ৰাট চক্ৰৱৰ্তী (৩৭) ওৰফে অমিত ওৰফে আৰ্ঘা ওৰফে নিৰ্মল ওৰফে নিৰ্মাণ ওৰফে নীলকমল শিকদাৰ । NIA-ৰ এক বিবৃত্তিত এই কথা প্ৰকাশ (NIA arrested one accused Samrat Chakraborty) ।

অভিযুক্তগৰাকীক পশ্চিমবংগৰ উত্তৰ 24 পৰগণাৰ মহিষ্পতাৰ কল্যাণী এক্সপ্ৰেছৱেৰ নাৰায়ণ বিদ্যালয়ৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । কাছাৰ জিলাৰ চিপিআই (মাওবাদী) গোচৰত জড়িত থকাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হয় (CPI Maoist Case of Cachar of Assam) ।

উল্লেখ্য, গোচৰটো পশ্চিমবংগৰ এগৰাকী মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য তথা প্ৰবীণ মাওবাদী নেতা আৰু চিপিআই (মাওবাদী) সংগঠনৰ এজন চিন্তাবিদ আৰু ৰণনীতিবিদ অৰুণ কুমাৰ ভট্টাচাৰ্য ওৰফে জ্যোতিষ ওৰফে কবীৰ ওৰফে কনক ওৰফে কাঞ্চন দাক গ্ৰেপ্তাৰ কৰাৰ সৈতে সম্পৰ্কিত (Maoist leader Arun Kumar Bhattacharjee arrested)।

অভিযুক্ত কাঞ্চন দাক অসমত চিপিআই (মাওবাদী) সংগঠন স্থাপন আৰু সাধাৰণতে অসম (CPI Maoist organisation in Assam) আৰু বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত সংগঠনটোৰ শিপা অধিক বিয়পাবলৈ দায়িত্ব দিয়া হৈছিল (CPI Maoist organisation in Assam) । আনহাতে, যোৱা ২ ছেপ্টেম্বৰত NIA-ই গ্ৰেপ্তাৰ কৰা ৬ জন অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে গুৱাহাটীৰ বিশেষ NIA আদালতত অভিযোগনামা দাখিল কৰিছিল (NIA Charge Sheet against 06 accused) ।

গোচৰটোৰ অধিক অনুসন্ধানত প্ৰকাশ পাইছে যে, অভিযুক্ত সম্ৰাট চক্ৰৱৰ্তী ওৰফে অমিত ওৰফে আৰ্ঘা ওৰফে নিৰ্মল ওৰফে নিৰ্মাণ ওৰফে নীলকমল শিকদাৰ পশ্চিমবংগস্থিত চিপিআই (মাওবাদী) সংগঠনৰ এজন সক্ৰিয় সদস্য আছিল (Spl NIA Court Assam at Guwahati) । তেওঁ চিপিআই (মাওবাদী) সংগঠনৰ শীৰ্ষ পদবীধাৰী আৰু গ্ৰেপ্তাৰ কৰা অভিযুক্ত কাঞ্চন দা ওৰফে অৰুণ ভট্টাচাৰ্যৰ মাজত গোপন যোগাযোগৰ লিংকমেন আছিল । তেওঁ অসমত গোপনে আশ্ৰয় লৈ সংগঠনৰ কাম-কাজ চলাই আছিল ।

তেওঁ দলটোৰ পূৱ আঞ্চলিক ব্যুৰ'ৰ নিৰ্দিষ্ট নিৰ্দেশনা অনুসৰি অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহত চিপিআই (মাওবাদী) সংগঠনৰ কাৰ্যকলাপ আগবঢ়াই নিয়াত জ্যেষ্ঠ মাওবাদী নেতা অৰুণ কুমাৰ ভট্টাচাৰ্য ওৰফে জ্যোতিষ ওৰফে কবীৰ ওৰফে কনক ওৰফে কাঞ্চন দাক সহায় কৰিবলৈ কেইবাবাৰো কাছাৰ জিলা ভ্ৰমণ কৰিছিল । গোচৰটোৰ অধিক তদন্ত চলি আছে ।

লগতে পঢ়ক :ৰঙিয়াত জব্দ ডেৰ কোটি টকা মূল্যৰ হেৰ’ইন

TAGGED:

NIA
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.