তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ...জন্মদিনত শিল্পী জয়ন্ত হাজৰিকাক সোঁৱৰণ

author img

By

Published : Sep 20, 2022, 1:45 PM IST

jayanta hazarika
জন্মদিনত সোঁৱৰণ জয়ন্ত হাজৰিকাক ()

দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ আজি 79 সংখ্যক ওপজা দিন (Jayanta Hazarika birth anniversary) ৷ ৰাজ্যজুৰি উদযাপন কৰা হৈছে জনপ্ৰিয় শিল্পী গৰাকীৰ জন্মদিনটো ৷ মহানগৰীৰ চান্দমাৰীস্থিত জয়ন্ত হাজৰিকা উদ্যানত শিল্পী গৰাকীলৈ জনোৱা হয় সশ্ৰদ্ধ প্ৰণাম ৷ সবিশেষ আগলৈ-

চিটাৰা ডেস্ক, 20 ছেপ্টেম্বৰ : দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ আজি 79 সংখ্যক ওপজা দিন । শিল্পী গৰাকীৰ ওপজা দিনটো মংগলবাৰে ৰাজ্যজুৰি উদযাপন কৰা হৈছে (Jayanta Hazarika birth anniversary)। ৰাণা দা হিচাপে জনাজাত জয়ন্ত হাজৰিকা আছিল ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ ৷ প্ৰথমতে জেষ্ঠ ভাতৃৰ সৈতে নিজৰ সংগীত যাত্ৰা আৰম্ভ কৰা জয়ন্ত হাজৰিকাই পিছলৈ নিজৰ সৃষ্টিৰাজিৰে গায়ক আৰু সুৰকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ৷

জয়ন্ত হাজৰিকা আছিল প্ৰথম অসমীয়া যিয়ে ৰক এণ্ড ৰোল, জেজ আৰু ৱেষ্টাৰ্ণ ক্লাছিকেলৰ দৰে পশ্চিমীয়া সংগীত শৈলীক পৰম্পৰাগত অসমীয় সুৰৰ সৈতে মিলাই ফিউজন কৰিছিল আৰু এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল । তেওঁৰ ৰচনাসমূহত বিভিন্ন পাশ্চাত্য বাদ্যযন্ত্ৰ প্ৰভাৱ আছিল ।

জন্মদিনত সোঁৱৰণ জয়ন্ত হাজৰিকাক

অসম গৌৰৱ ৰাণাদাক সশ্ৰদ্ধ স্মৰণ কৰে আজি ৰাজ্যবাসীয়ে । গায়ক, সুৰকাৰ, সংগীত পৰিচালক, গীতিকাৰ ৰাণাদাৰ জন্মদিন উপলক্ষে বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে সাংস্কৃতিক কাৰ্যসূচী । অসমীয়া সংগীত জগতৰ এই গৰাকী ভোটাতৰাৰ জন্ম হৈছিল 1943 চনৰ 20 ছেপ্টেম্বৰত । 34 বছৰ বয়সত অকালতে মৃত্যুৰ সাৱটি লোৱা জয়ন্ত হাজৰিকাৰ গীতবোৰে আজিও শ্ৰোতাক মুগ্ধ কৰে ।

মহানগৰীৰ চান্দমাৰীস্থিত জয়ন্ত হাজৰিকা উদ্যানত থকা শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত সুৰ বাহিনীৰ উদ্যোগত আজি তেওঁৰ ওপজা দিন উপলক্ষে শ্ৰদ্ধাঞ্জলী জনোৱা হয় । এই অনুষ্ঠানত প্ৰয়াত শিল্পী গৰাকীক স্মৰণ কৰি আৱেগিক হৈ পৰে তেওঁৰ পত্নী তথা কণ্ঠশিল্পী মনিষা হাজৰিকা । এই অনুষ্ঠানতে পৰিয়ালৰ লোকৰ উপস্থিতিত বহু গুণমুগ্ধই শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জনায় ।

শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকে শিল্পী জে পি দাসকে ধৰি আন বহু শিল্পী । শ্ৰদ্ধাঞ্জলী জ্ঞাপনৰ পিছত উপস্থিত শিল্পীবৃন্দই তেওঁৰ চিৰ সেউজ গীতেৰে সংগীতানুষ্ঠান পৰিৱেশন কৰে ।

লগতে পঢ়ক : Barsha Rani Bishaya birthday: প্ৰযোজকৰ কন্যা হোৱাৰ বাবেই সফল হোৱাৰ বাটত সাংবাদিকৰ পৰা কটু মন্তব্য শুনিছিল বৰষাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.