ETV Bharat / state

বোৱাৰী হত্যাৰ অৱসান কেতিয়া ? - crime against daughter in law

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 11:55 AM IST

attsa protests against court's judicial system in doom dooma
প্ৰতিবাদ (etv bharat assam)

AATSA protest : ডুমডুমাত নজিৰ বিহিন ঘটনা ৷ আদালতৰ ন্যায় ব্যৱস্থাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আটছাৰ ৷ বোৱাৰী হত্যাকাৰীক অগ্ৰিম জামিন দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ ৷

আৰক্ষী বিষয়াৰ ভাষ্য (etv bharat assam)

তিনিচুকীয়া, 7 মে’ : ৰাজ্যৰ ন্যায় ব্যৱস্থাৰ বিৰুদ্ধে গভীৰ অভিযোগ উত্থাপিত হৈছে তিনিচুকীয়া জিলাৰ ডুমডুমাত । ধনৰ লেনেদেনৰ জৰিয়তে ন্যায় প্ৰক্ৰিয়া চলাৰ গভীৰ অভিযোগ অসম চাহ জনজাতি ছাত্ৰ সন্থা কাকপথাৰ উপ-শাখাৰ । দণ্ডাধীশ, আদালত আৰু আৰক্ষী বিভাগে অনৈতিক পদ্ধতিৰে ন্যায় ব্যৱস্থা পৰিচালনা কৰাৰ মোকলিকৈ অভিযোগ আনিছে সংগঠনটোৱে ।

উল্লেখ্য যে, ২ এপ্ৰিল তাৰিখে ডুমডুমাৰ বিচাকপি চাহ বাগিচাত এগৰাকী বোৱাৰীক বিহপান কৰোৱাই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল স্বামী পৰিয়ালৰ বিৰুদ্ধে । চান্দা মাঝী তাঁতী নামৰ বোৱাৰীগৰাকীক স্বামী পৰিয়ালে বিহপান কৰোৱাই ঘৰত আবদ্ধ কৰি ৰাখিছিল আৰু পৰৱৰ্তী সময়ত পিতৃ পৰিয়ালে উদ্ধাৰ কৰি চান্দা মাঝীৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল যদিও প্ৰায় ২০ দিনৰ অন্তত বোৱাৰীগৰাকীৰ মৃত্যু হৈছিল ।

পিতৃ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ডুমডুমা আৰক্ষীয়ে স্বামী বিনোদক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে শহুৰ, শাশু আৰু দেওৰেকে তিনিচুকীয়াৰ নিম্ন আদালতৰ পৰা অগ্ৰিম জামিন লাভ কৰাত আৰক্ষীয়ে তেওঁলোকক মুকলি কৰি দিয়ে । এই ঘটনাত পিতৃ পৰিয়ালে ডুমডুমা আৰক্ষীৰ সৈতে যোগযোগ কৰাৰ পিচতো কোনো সকাহ নোপোৱাত মঙলবাৰে আটছা কাকপথাৰ উপ-শাখাৰ নেতৃত্বত গৈপানী গাঁৱৰ কেইবা শতাধিক ৰাইজ ওলাই আহি ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

ইয়াৰোপৰি চক্ৰ বিষয়াক এক স্মাৰক পত্ৰৰ জৰিয়তে অগ্ৰিম জামিন লাভ কৰা স্বামী পৰিয়ালৰ বাকী সদস্যক শীঘ্ৰেই কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ দাবী জনাই প্ৰতিবাদকাৰীয়ে । লগতে বোৱাৰী হত্যাকাণ্ডৰ ঘটনাক ন্যায়ধীশৰ জৰিয়তে তদন্ত কৰিবলৈ আৰু পিতৃ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰিবলৈও দাবী জনাই তেওঁলোকে ৷

গুৰুত্বপূৰ্ণ বিষয় যে অভিযুক্ত স্বামীৰ পৰিয়ালে অগ্ৰিম জামিন লাভ কৰা সমগ্ৰ প্ৰক্ৰিয়াটোত সন্দৰ্ভত আটছা নেতৃত্বই গভীৰ সন্দেহ প্ৰকাশ কৰিছে ৷ ধনৰ লেনদেনৰ জৰিয়তে দণ্ডাধীশে যৌতুক আৰু হত্যাৰ দৰে অভিযোগত অভিযুক্তক অগ্ৰিম জামিন প্ৰদান কৰা বুলি কয় আটছা নেতৃত্বই । আনহাতে ডুমডুমা আৰক্ষীয়ে ইতিমধ্যে স্বামীক জেল হাজোতলৈ প্ৰেৰণ কৰি বাকী তিনিগৰাকীৰ অগ্ৰিম জামিন নাকচ কৰিবলৈ আদালতলৈ আবেদন জনাই যদিও আদালতে আৰক্ষীৰ আবেদন নাকচ কৰা বুলি জানিব পৰা গৈছে । আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হোৱাত সৰ্বত্ৰে চৰ্চা হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : শহুৰেকৰ হাতত প্ৰাণ হেৰুৱালে বোৱাৰীয়েকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.