অসম

assam

কৰিমগঞ্জত আৰক্ষীয়ে জব্দ কৰিলে ১০ লাখ টকা সহ ৭০০ গ্ৰাম সোণৰ অলংকাৰ

By

Published : Jun 25, 2021, 1:37 PM IST

পূৰ্বেও অজয় পালৰ ঘৰত কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সংস্থা DRI (Directorate of Revenue Intelligence) অভিযান চলাইছিল ৷ কিন্তু সেই সময়তো ব্যৱসায়ীজনে আৰক্ষীয়ে অভিযান চলোৱাৰ আগতিয়াকৈ খবৰ পাই পলায়ন কৰিছিল বুলি জানিব পৰা গৈছে ৷

কৰিমগঞ্জত আৰক্ষীয়ে জব্দ কৰিলে ১০ লাখ টকা সহ ৭০০ গ্ৰাম সোণৰ অলংকাৰ
কৰিমগঞ্জত আৰক্ষীয়ে জব্দ কৰিলে ১০ লাখ টকা সহ ৭০০ গ্ৰাম সোণৰ অলংকাৰ

কৰিমগঞ্জ, 25 জুন : বৃহস্পতিবাৰে কৰিমগঞ্জৰ বিপিনপাল ৰোডত এগৰাকী ব্যৱসায়ীৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে নগদ ১০ লাখ টকাসহ ৭০০ গ্ৰাম সোণৰ অলংকাৰ । ইপিনে আৰক্ষীয়ে অভিযান চলোৱা উমান পাই আত্মগোপন কৰে অজয় পাল নামৰ ব্যবসায়ীজনে । জানিব পৰা মতে, অবৈধ সোণ আৰু হাওলা ব্যৱসাৰ সৈতে জড়িত অজয় পাল ।

ইয়াৰ পূৰ্বেও অজয় পালৰ ঘৰত কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সংস্থাই (Directorate of Revenue Intelligence) অভিযান চলাইছিল ৷ কিন্তু সেই সময়তো ব্যৱসায়ীজনে আৰক্ষীয়ে অভিযান চলোৱাৰ আগতিয়াকৈ খবৰ পাই পলায়ন কৰিছিল বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, কৰিমগঞ্জ চহৰৰ বিপিনপাল ৰোডৰ ৰায়নগৰত বিশাল অট্টালিকা বনোৱাৰ লগতে সম্পত্তিৰ পাহাৰ বনোৱা অজয় পালৰ প্ৰকৃত ব্যৱসায় উৎস কি সেয়া স্পষ্ট নহয় ৷ আনহাতে বৃহস্পতিবাৰে অজয় পালৰ ঘৰত দীৰ্ঘ সময় ধৰি অভিযান চলোৱা আৰক্ষীয়ে সংবাদমাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷

একেদৰে বিগত কিছুদিন পূৰ্ৱে চোৰাং সোণৰ ব্যৱসায়ত জড়িত থকাৰ সন্দেহত নগাঁৱৰ আৰক্ষী বিষয়াৰ ঘৰত অভিযান চলাইছিল আৰক্ষীয়ে । গুৱাহাটীত আৰক্ষীয়ে অভিযান চলাই প্ৰায় পঞ্চাছ লাখ টকাৰ চোৰাং সোণ জব্দ কৰিছিল ৷ উল্লেখযোগ্য যে, ৰে’ল আৰক্ষীত কৰ্মৰত উপ-পৰিদৰ্শক বদ্ৰীপ্ৰসাদ বাৰুৱাটিৰ আৰক্ষী পত্নী বৰ্ণালী বৰাৰ চৰকাৰী আৱাসগৃহত অভিযান চলাইছিল আৰক্ষীৰ দলে ।

আৰক্ষী বিষয়াগৰাকীৰ বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰাৰ লগতে সোণ জব্দ কৰিবলৈও সক্ষম হৈছিল অভিযানকাৰী দলটোৱে ৷ ইফালে ধৃত কুৰিয়াৰৰ কৰ্মচাৰীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁৱৰ বিকানীৰ জুৱেলাৰী নামৰ প্ৰতিষ্ঠানটোত অভিযান চলাইছিল আৰক্ষীয়ে । বিকানীৰ জুৱেলাৰীত অভিযান চলাই আৰক্ষীৰ দলটোৱে প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰীৰ পুত্ৰ ৰাম অৱতাৰ মনিহাৰক আটক কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়কঃ উত্তৰ কামৰূপ বন-সংমণ্ডলৰ তুলসীবাৰী সংৰক্ষিত এলেকাত বন ধ্বংস যজ্ঞ

ABOUT THE AUTHOR

...view details