অসম

assam

চুবুৰীয়াৰ অস্ত্ৰৰ আঘাতত নিহত গনিৰ আলি

By

Published : Sep 12, 2021, 5:12 PM IST

murder case in karimganj

মাছ মৰাক কেন্দ্ৰ কৰি হোৱা এখন কাজিয়া ৷ যি কাজিয়াৰ পৰিণতি সৃষ্টি হয় ৰক্তাক্ত পৰিস্থিতিৰ ৷ নিহত এজন, আহত 2জন ব্যক্তি ৷

কৰিমগঞ্জ,12 ছেপ্তেম্বৰ : শনিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কৰিমগঞ্জত ৷ মাছ মৰাক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত ষোলঘড়ী গাঁৱত শনিবাৰে নিশা সংঘটিত হয় এক ৰক্তাক্ত পৰিস্থিতিৰ । চুবুৰীয়াৰ চোকা অস্ত্ৰৰ আক্ৰমণত থিতাতে নিহত হয় এজন ব্যক্তি ৷

চুবুৰীয়াৰ অস্ত্ৰৰ আঘাতত নিহত গনিৰ আলিৰ

নিহত ব্যক্তিজনৰ নাম গনিৰ আলি ৷ চুবুৰীয়াৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হয় গনিৰ আলিৰ কন্যা হানিফা বেগম আৰু পত্নী নাজমুন নেছা । অভিযোগ অনুসৰি, নিহত গনিৰ আলিৰ চুবুৰীয়া ইয়াফুজ, ছালাম আৰু আব্দুল গণি নামৰ তিনি ব্যক্তি সন্ধিয়া প্ৰায় সাত বজাত হঠাৎ গণিৰ আলিৰ ঘৰত প্ৰৱেশ কৰে আৰু গণিৰ আলিৰ লগতে তেওঁৰ পত্নী আৰু কন্যাক আক্ৰমণ কৰে ৷

লগতে পঢ়ক:মাজনী ৰেষ্টুৰেণ্টলৈ আহি হতবাক হ’ল আৰক্ষী !

নিহত গনিৰ আলিৰ পুত্ৰ আৰু কন্যাৰ অভিযোগ অনুসৰি, শনিবাৰে দিনৰ ভাগত মাছ মৰাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল । পৰৱৰ্তী সময়ত সেই কাজিয়াই লয় এক ভয়াৱহ ৰূপ ৷ ফলত মৃত্যুক সাৱটিব লগা হয় গনিৰ আলি নামৰ ব্যক্তিজনে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে চাঞ্চল্যই ৷

মাছ মৰাই কাল হ’ল গনিৰ বাবে

লগতে পঢ়ক:বৰপথাৰত আৰক্ষীৰ জালত ড্ৰাগছসহ এজন

ইফালে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অৱগত কৰা হয় আৰক্ষীক ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ শনিবাৰে নিশাৰ ভাগত পাথাৰকান্দি আৰক্ষীৰ এটা দল ষোলঘড়ী গাঁৱত উপস্থিত হৈ আৰম্ভ কৰে প্ৰথমিক তদন্ত । কিয় এই ঘটনা সংঘটিত হ’ল বা এই ঘটনাৰ প্ৰকৃত ৰহস্য কি এতিয়াও পোহৰলৈ অহা নাই ৷ আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব সমগ্ৰ তথ্য ৷

লগতে পঢ়ক:অপৰাধৰ ৰম্যভূমিলৈ পৰিণত কলগাছিয়া : নিৰ্বিকাৰ প্ৰশাসন

ABOUT THE AUTHOR

...view details