ETV Bharat / state

মুখ্যমন্ত্রীৰ সভাত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আৰক্ষী জোৱানৰ মৃত্যু - Road Accident In Mangaldoi

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 10:20 PM IST

পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে লখিমপুৰ আৰক্ষীৰ বিশেষ শাখাৰ লেন্স নায়ক দ্বিপেন কুমাৰ গগৈৰ ৷ মঙলদৈত মুখ্যমন্ত্ৰীৰ এখন সভাত নিৰাপত্তাৰ দায়িত্বত আছিল তেওঁ ৷

ASSAM POLICE JAWAN KILLED
দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে আৰক্ষী জোৱানৰ
পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে লেন্স নায়ক দ্বিপেন কুমাৰ গগৈৰ

লখিমপুৰ, 26 এপ্ৰিল : দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এজন আৰক্ষী জোৱানৰ ৷ এটা পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে লখিমপুৰ আৰক্ষীৰ বিশেষ শাখাৰ লেন্স নায়ক দ্বিপেন কুমাৰ গগৈৰ (59) ৷ কৰ্তব্যৰত অৱস্থাতে এক পথ দুৰ্ঘটনাত মৃত্যু হয় আৰক্ষী জোৱানজনৰ ৷ লখিমপুৰ নগৰৰ সমীপৰ শিয়ালবাৰী নিবাসী দ্বিপেন কুমাৰ গগৈ লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ অধীনত বিশেষ শাখাত লেন্স নায়ক হিচাবে কৰ্মৰত হৈ আছিল ৷ 22 এপ্ৰিলত তেও দৰং জিলালৈ কৰ্তব্যৰ বাবে ৰাওনা হৈছিল ৷ মঙলদৈৰ ভেবাৰঘাটত মুখ্যমন্ত্ৰীৰ এখন সভাত নিৰাপত্তাৰ বাবে তেওঁক বিভাগে নিয়োগ কৰিছিল আৰু বিভাগৰ নিৰ্দেশনা অনুসৰি তেওঁ ৰাওনা হৈছিল ৷

23 এপ্ৰিলত মুখ্যমন্ত্ৰীৰ সভাত দায়িত্ব পালন কৰি তেওঁ মঙলদৈৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ উভতি আহে আৰু কিছু সময়ৰ পাচতে পুনৰ ওলাই যোৱাৰ সময়ত তেওঁক এখন বাইকে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে ৷ দুৰ্ঘটনাৰ পিচতে ততাতৈয়াকৈ জৰুৰী এম্বুলেন্স সেৱাৰে মঙলদৈৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰা হয় তেওঁক ৷ কিন্তু আহত আৰক্ষী জোৱানজনৰ অৱস্থা গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ সেই অনুসৰি তেওঁক সেইদিনাই গুৱাহাটীলৈ নি জি এন আৰ চিত ভৰ্তি কৰোৱা হয় ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে সন্ধিয়া মৃত্যু হয় দ্বিপেন কুমাৰ গগৈৰ ৷

শুকুৰবাৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি তেওঁৰ মৃতদেহটো লখিমপুৰলৈ ঘূৰাই অনা হৈছে ৷ সন্ধিয়া লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষী জোৱানজনক বিভাগীয় মৰ্যদাৰে শেষ শ্ৰদ্ধাঞ্জলি জনায় পৰিয়ালক মৃতদেহ অৰ্পণ কৰা হয় ৷ জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে প্ৰয়াত গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আৰক্ষীৰ সকলো বিষয়া-জোৱানে পুস্পাঞ্জলি অৰ্পণ কৰি তেওঁক চিৰবিদায় জনায় ৷ মৃতদেহ পৰিয়ালক অৰ্পণ কৰাৰ সময়ত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ অতি অমায়িক তথা সকলোৰে প্ৰিয় আৰক্ষীৰ জোৱান দ্বিপেন কুমাৰ গগৈৰ মৃত্যুত লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই পুত্ৰ, বোৱাৰী আৰু নাতিক এৰি থৈ যায় ৷

লগতে পঢ়ক : হাইলাকান্দিত ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত কৰ্তব্যৰত অৱস্থাত প'লিং এজেণ্টৰ মৃত্যু - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.