ETV Bharat / state

হাইলাকান্দিত ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত কৰ্তব্যৰত অৱস্থাত প'লিং এজেণ্টৰ মৃত্যু - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 2:34 PM IST

Polling agent dies inside polling booth in Hailakandi
হাইলাকান্দিত ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত প'লিং এজেণ্টৰ মৃত্যু

Lok Sabha Election 2024: হাইলাকান্দিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হয় এক অঘটন । দায়িত্ব পালন কৰি থকা অৱস্থাতে মৃত্যু এজন প'লিং এজেন্টৰ । মৃত লোকজন এ আই ইউ ডি এফ ৰ প'লিং এজেন্ট ফাৰুক আহমেদ ।

হাইলাকান্দি,২৬ এপ্ৰিল: ৰাজ্যত পাঁচটা লোকসভা সমষ্টিত আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে পুৱাৰে পৰাই স্বতস্ফূৰ্তভাৱে ওলাই আহিছে ভোটাৰ ৰাইজ । সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দায়িত্ব পালন কৰিছে প'লিং-প্ৰিজাইডিং বিষয়াসকলে । ইয়াৰ মাজতে হাইলাকান্দিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হয় অঘটন ।

দায়িত্ব পালন কৰি থকা অৱস্থাতে মৃত্যু এজন প'লিং এজেন্টৰ । মৃত লোকজনৰ নাম ফাৰুক আহমেদ বুলি জানিব পৰা গৈছে । এ আই ইউ ডি এফ ৰ প'লিং এজেন্ট আছিল মৃত ফাৰুক আহমেদ । হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী গল্লাছেড়া প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা । নিজ কৰ্ম সম্পাদন কৰি থকা অবস্থাত হঠাতে মাটিত ঢলি পৰি তৎক্ষনাত মৃত্যু হয় প'লিং এজেন্টগৰাকীৰ । ব্ৰেইন ষ্ট্ৰ'কত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰে স্থানীয় লোকে । প'লিং এজেন্টগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে হাহাকাৰ লাগে ভোটগ্ৰহণ কেন্দ্ৰটোত ।

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপিৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰচিদ আহমেদ চৌধুৰী, এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰীকে আদি কৰি অৱতীৰ্ণ হৈছে ২৪ গৰাকী প্ৰাৰ্থী । দিনৰ ১ বজালৈ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ পাঁচটা সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ ৪৬.৩১ %। ইয়াৰে ভিতৰত কৰিমগঞ্জ লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৪৯.১৪ % বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ভোটযুদ্ধৰ মাজতে হাইলাকান্দিত পোলিং এজেণ্টৰ মৃত্যু; পুৱা ১১ বজালৈকে সামগ্ৰিক ভোটদানৰ হাৰ ২৭.৪৩ % - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.