বৰপথাৰত আৰক্ষীৰ জালত ড্ৰাগছসহ এজন

author img

By

Published : Sep 11, 2021, 9:12 PM IST

বৰপথাৰত আৰক্ষীৰ জালত ড্ৰাগছসহ এজন

যুৱকজনৰ পৰা প্ৰায় ২৫ গ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ দলটোৱে ‌। ধৃত যুৱকজন তিনিচুকীয়া জিলাৰ মাকুমৰ দীঘল সাকুৰ নগেন চুতীয়াৰ পুত্ৰ চুতুকন চুতীয়া বুলি জানিব পৰা গৈছে ।

সৰুপথাৰ,11 ছেপ্তেম্বৰ: গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলুচাপৰিত শনিবাৰে ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞা আৰু বৰপথাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত বিয়লি চলা এক গোপন অভিযানত নিষিদ্ধ ড্ৰাগছসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে ।

জানিব পৰা মতে, যুৱকজনৰ পৰা প্ৰায় ২৫ গ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ দলটোৱে ‌। ধৃত যুৱকজন তিনিচুকীয়া জিলাৰ মাকুমৰ দীঘল সাকুৰ নগেন চুতীয়াৰ পুত্ৰ চুতুকন চুতীয়া বুলি জানিব পৰা গৈছে । যুৱক জনৰ পৰা ড্ৰাগছৰ উপৰিও দুটা প্লাষ্টিকৰ টেমা, নগদ ১,২৬০ টকা আৰু এটা কি-পেইড মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

বৰপথাৰত আৰক্ষীৰ জালত ড্ৰাগছসহ এজন
বৰপথাৰত আৰক্ষীৰ জালত ড্ৰাগছসহ এজন

উল্লেখযোগ্য যে, ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিয়েই ৰাজ্যখনৰ পৰা ড্ৰাগছৰ লগতে নিচাজাতীয় সামগ্ৰী সমূহৰ প্ৰচলন আৰু ব্যৱসায় বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল অসম আৰক্ষীক ৷ অসম আৰক্ষীয়েও মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ লাভ কৰি ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ অভিযান চলাইছিল ৷

লগতে পঢ়কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নান্দনিক দৃশ্যই মুগ্ধ কৰিছে দৰ্শনাৰ্থীক

সেই অভিযানৰ সময়তে বিগত কিছু দিনৰ ভিতৰতে কোটি কোটি টকাৰ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল অসম আৰক্ষী ৷ কেৱল ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰাই নহয়, এই ব্যৱসায়ৰ লগত জড়িত বহু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷

একেদৰে আৰক্ষীয়ে জব্দ কৰা এই ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰী সমূহ আৰক্ষীয়ে জব্দ কৰাৰ পাচতে মুখ্যমন্ত্ৰীয়ে ন্যায়ালয়ৰ অনুমতি সাপেক্ষে জিলাই জিলাই দহন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ সম্প্ৰতিও অসম আৰক্ষীয়ে ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ৷

কিন্তু তাৰ মাজতেও অপৰাধীয়ে আৰক্ষীৰ চকুত ধুলি দি আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা, যিটো বিষয়ে সচেতন মহলক চিন্তিত কৰি তুলিছে ৷

লগতে পঢ়কঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: উপন্যাস সম্ৰাটৰ স্মৃতি বিজড়িত স্থান সংৰক্ষণৰ উদ্যোগ বৰপেটা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.