মাজনী ৰেষ্টুৰেণ্টলৈ আহি হতবাক হ’ল আৰক্ষী !

author img

By

Published : Sep 8, 2021, 6:58 PM IST

Updated : Sep 12, 2021, 12:24 PM IST

police raid

প্ৰেয়সীৰ সৈতে আপুনি ৰেষ্টুৰেন্টলৈ গৈছে নে ? ধৰি লওক আপুনি প্ৰেয়সীৰ সৈতে ৰেষ্টুৰেন্টৰ কোঠাত নিবিড়ভাৱে প্ৰেমালাপ কৰি আছে ৷ তেনেতে যদি পুলিচ আহে, আপোনাৰ বাৰু কেনে ভাব হ’ব ? পিচে পুলিচনো কিয় আহিব লগীয়া হ’ব, যদি আপুননি এনেকুৱা একো নকৰেই ৷ মাজনী ৰেষ্টুৰেন্ট কিন্তু বদনামী হ’ল ৷ কাৰণ পুলিচে যি দেখিলে, তাৰ পাচত আৰু...

ছয়গাঁও, 8 ছেপ্তেম্বৰ : যান্ত্ৰিকতাৰ ধামখুমীয়াত পৰি ক্ৰমাৎ জটিল হৈ পৰিছে মানুহৰ জীৱন-জীৱিকাৰ কৌশল ৷ কোনোৱে যদি দুবেলা-দুমুঠি কেনেকৈ গোটাব পাৰে তাৰে চিন্তাত দিন পাৰ কৰিছে, কোনোৱে আকৌ সহজলভ্য ধন ঘটি কম দিনৰ ভিতৰত ধনী হোৱাৰ কৌশল অৱলম্বন কৰিছে ৷ কোনো কোনোৱে আকৌ ক্ষুদ্ৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ পথ বাছি লৈছে ৷

নিজৰ সপোনসমূহক বাস্তৱত ৰূপায়িত কৰিবলৈয়ে কুকুৰমাৰাত এখন ৰেষ্টুৰেণ্ট খুলিছিল থুনু দাসে ৷ প্ৰথমাৱস্থাত ৰেষ্টুৰেণ্টখন ঠিকে চলিছিল ৷ দিন যোৱাৰ লগে লগে অভাৱনীয় হাৰত গ্ৰাহকৰ সংখ্যা বাঢ়িবলৈ ধৰিলে ৷ ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীয়ে গ্ৰাহকৰ ডিমাণ্ড বুজিয়েই সংযোজিত কৰিবলৈ ধৰিলে ন ন সুবিধা ৷ থুনু দাসৰ বাবে সোণৰ কণী পৰা হাঁহলৈহে যেন পৰিণত হ’ল ৰেষ্টুৰেণ্টখন ৷ দিন নাই ৰাতি নাই, মাথো গ্ৰাহকৰে পৰিপূৰ্ণ হৈ থাকে ৰেষ্টুৰেণ্টখন ৷

মাজনী ৰেষ্টুৰেণ্টলৈ আহি হতবাক হ’ল আৰক্ষী !

ইমানলৈ সকলো ঠিকে আছিল ৷ পিছে কাৰ জানো চকু পৰিল সুন্দৰভাৱে চলি অহা ৰেষ্টুৰেণ্টখনত ! একে নিশাই থানবান হৈ গ’ল ৰেষ্টুৰেণ্টখনক লৈ থুনু দাসে দেখা সপোনবোৰ ৷

মঙলবাৰে নিশা 10 বজাত ৰেষ্টুৰেণ্টখনত আকস্মিকভাৱে উপস্থিত হ’ল আৰক্ষী ৷ আৰক্ষীক দেখা মাত্ৰেই সকলোৱে দিলে ফৰিং ছিটিকা ৷ আৰক্ষীয়েহে পোহৰলৈ আনিলে সমগ্ৰ কাণ্ড ৷ ইমানদিনে নিশাৰ এন্ধাৰৰ সুযোগ লৈ ৰেষ্টুৰেণ্টখনত চলি আহিছিল যৌনতাৰ মুক্ত বেহা ৷ পিছে দিন বেয়া আছিল এগৰাকী যুৱতীৰ ৷ নিশাৰ এন্ধাৰৰ বাবেই নেকি, পলাবলৈ নাপালে অকণো সুবিধা ৷

আৰু তাৰ পৰিণাম ? পৰিণাম আৰু নো কি হ’ব, মহিলা আৰক্ষীয়ে লগে লগে কৰায়ত্ত কৰিলে অসংযত অৱস্থাত থকা যুৱতীগৰাকীক ৷ এই ঘটনা সংঘটিত হৈছে মঙলবাৰে নিশা দক্ষিণ কামৰূপৰ কুকুৰমাৰাত থকা মাজনী ৰেষ্টুৰেণ্টত ৷

আচলতে অঞ্চলটোৰ স্থানীয় লোকসকলে দীৰ্ঘদিনে ৰেষ্টুৰেণ্টখনত এনে ধৰণৰ কাৰ্যকলাপ সংঘটিত হৈ অহাৰ সন্দেহ প্ৰকাশ কৰি খবৰ দিছিল আৰক্ষীক ৷ আৰক্ষীয়ে উক্ত খবৰৰ ভিত্তিতে ৰেষ্টুৰেণ্টত উপস্থিত হৈ অতৰ্কিতে অভিযান চলায় ৷ ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান লাভ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে স্বত্বাধিকাৰীৰ লগতে অন্যান্য গ্ৰাহকসকল ৷ সম্প্ৰতি আৰক্ষীয়ে উদ্ধাৰ কৰা যুৱতীগৰাকীক ছয়গাঁও থানাত ৰাখি জেৰা কৰি থকা গৈছে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত ৰেষ্টুৰেন্টৰ মালিক থুনু দাসৰ নেতৃত্বতে দীৰ্ঘদিন ধৰি এই সমগ্ৰ কাণ্ড চলি অহা বুলি প্ৰকাশ পাইছে ৷

লগতে চাওক: আলফা(স্বা) ৰ নতুন ৰূপেৰে পৰেশ বৰুৱাৰ কিহৰ ইংগিত ?

Last Updated :Sep 12, 2021, 12:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.