অপৰাধৰ ৰম্যভূমিলৈ পৰিণত কলগাছিয়া : নিৰ্বিকাৰ প্ৰশাসন

author img

By

Published : Sep 12, 2021, 1:14 PM IST

cannabis farming at kalgachia

অপৰাধ ক্ষেত্ৰলৈ পৰিণত কলগাছিয়াৰ একাংশ অঞ্চল ৷ বিশেষকৈ কলগাছিয়াৰ আমগুৰি, বালিকুৰী এন ছি গাঁৱত প্ৰায় সংখ্যক লোকে ডৰাই ডৰাই কৰিছে নিষিদ্ধ ভাঙৰ খেতি ৷ ৰহস্যজনক ভূমিকা স্থানীয় আৰক্ষী-প্ৰশাসনৰ ৷

জনীয়া, 12 ছেপ্তেম্বৰ : অপৰাধৰ ৰম্য ভূমিলৈ পৰিণত হৈছে কলগাছিয়াৰ বিভিন্ন অঞ্চল ৷ কলগাছিয়াৰ অধিকাংশ এলেকাত একাংশ লোকে ঘৰত ৰোপণ কৰিছে ভাঙৰ গছ ৷ আৰক্ষী, প্ৰশাসনক কেৰেপ নকৰা এইসকল লোকে মুকলিকৈ কৰিছে ভাঙৰ খেতি ৷ কলগাছিয়া থানাৰ অন্তৰ্গত ভিন্ন অঞ্চলত এতিয়া সুলভ হৈ পৰিছে ভাং খেতিৰ দৃশ্য ৷

আৰক্ষী-প্ৰশাসনক কেৰেপ নকৰে ভাং বেপাৰীয়ে

ইফালে আৰক্ষীকো কেৰেপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ভাং ব্যৱসায়ীসকলৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি, আমগুৰিৰ হাচেন আলী, জহুৰুল ইছলাম, লালচান আলীৰ উপৰিও আন কেইবাটাও পৰিয়ালে দীৰ্ঘদিন ধৰি ঘৰতে কৰি গৈছে ভাঙৰ খেতি ৷

লগতে পঢ়ক: অসমৰ ক'ত অবৈধভাৱে গঢ়ি উঠিছে ভাঙৰ খেতি ?

কেৱল আমগুৰিতে নহয়, কিছুদিন পূৰ্বে কলগাছিয়াৰ বালিকুৰী এন ছি গাঁৱতো একাংশ লোকৰ ঘৰত দেখিবলৈ পোৱা গৈছে ভাং খেতি ৷ বালিকুৰী এন চি গাঁৱৰ এই বাতৰি বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পাচতো আৰক্ষীৰ ফালৰ পৰা কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷

আনহাতে, নিষিদ্ধ ভাং খেতিৰ উপৰিও কলগাছিয়াৰ চেনিমাৰী গাঁৱত চৰকাৰী অনুজ্ঞাপত্ৰ অবিহনে একাংশ ৰাইজে অবৈধ সুৰাৰ বেহা চলাই তথ্য পোহৰলৈ আহিছে ৷ আৰক্ষী তথা গাঁওবুঢ়াৰ চকুত ধূলি দি এই কাৰ্য চলাই গৈছে একাংশ অসাধু লোকে ৷

লগতে পঢ়ক: বৰপথাৰত আৰক্ষীৰ জালত ড্ৰাগছসহ এজন

একপ্ৰকাৰ অপৰাধৰ মূল ঘাটিলৈ পৰিণত হৈ পৰিছে কলগাছিয়া ৷ অপৰাধৰ বিৰুদ্ধে সষ্টম হোৱা অসম আৰক্ষীক এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে ৷

লগতে পঢ়ক: জুৰীয়াত জব্দ ৮ লাখ টকাৰ চোৰাং কাঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.